অলংকাৰ
২৮ প্ৰবন্ধ
-
মুকুতা
মুকুতা (Pearl) এবিধ মূল্যবান ৰত্ন। অতীজত ৰজা, মহাৰজাসকলে মুকুতাৰ মালা পিন্ধিছিল, তৰোৱাল, ৰাজমুকুট আদিত লগাই লৈছিল। এই মূল্যবান ৰত্নবিধৰ উৎপত্তি কিন্তু সাগৰীয় শামুকৰ দেহতহে। মুকুতাৰ ৰঙ সাধাৰণতে শামুক বাস কৰা পানীৰ তাপ, গভীৰতা আৰু পানীৰ নিমখীয়া গুনৰ ওপৰত নিৰ্ভৰ কৰে।
-
বুটা
বুটা (পাৰ্চী: بته), হৈছে আলমণ্ড বা পাইন শঙ্কু আকৃতিৰ মটিফ আৰু ইয়াৰ ওপৰৰ মূৰটো চোকা বক্ৰ আৰ্হিৰ। যদিও পাৰ্চী মূলৰ, ভাৰত, আজাৰবাইজান, তুৰস্ক আৰু নিকট পূবৰ অন্যান্য দেশত ইয়াক অতি সাধাৰণ ভাৱে বুটা বুলি কোৱা হয়।
-
খটকা (সংগীত)
খটকা (ইংৰাজী: Khatka) হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এবিধ গুৰুত্বপূৰ্ণ অলংকাৰ (Alankar) বা সুৰ-সজ্জা। এইবিধ অলংকাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এক অপৰিহাৰ্য অংগ হিচাপে বিবেচিত। খটকা শব্দটো হিন্দী ভাষাৰপৰা আহিছে, যাৰ অৰ্থ হৈছে এটা সৰু জোকাৰণি বা টান।
-
খাৰু
খাৰু পৰম্পৰাগতভাৱে হাতত পিন্ধা কঠিন ঘূৰণীয়া অলংকাৰ যিবোৰ সাধাৰণতে বিভিন্ন ধাতু, কাঠ, কাঁচ বা প্লাষ্টিকৰ পৰা তৈয়াৰ কৰা হয়। এই অলংকাৰবোৰ ভাৰত উপমহাদেশ, দক্ষিণ-পূব এছিয়া, আৰব উপদ্বীপ, আফ্ৰিকা আদি অঞ্চলৰ মহিলাসকলে বেছিকৈ পিন্ধে।
-
অসমীয়া গহনা
অসমীয়া গহনা বা অসমীয়া অলংকাৰ ভাৰতৰ অসম ৰাজ্যৰ পৰম্পৰাগত হস্তনিৰ্মিত অলংকাৰ। এই গহনা সাধাৰণতে বিশুদ্ধ সোণ, যাক স্থানীয়ভাৱে কেঁচা সোণ বুলি কোৱা হয়, অথবা সোণৰ প্ৰলেপ দিয়া ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াত প্ৰায়ে বিভিন্ন ৰঙৰ ৰত্ন, মণি, জাংফাই আৰু মীনা কাম ব্যৱহাৰ কৰা হয়।
-
কমৰবন্ধ
কমৰবন্ধ বা কমৰধনি হৈছে কঁকালত পিন্ধা এক প্ৰকাৰৰ শিকলি সদৃশ গহনা। বা সূতাৰ জৰী। কমৰবন্ধক ইংৰাজীত বেলী চেইন বুলি কোৱা হয়। কিছুমান কমৰবন্ধ নাভি বিন্ধাৰ লগত সংলগ্ন হৈ থাকে। ইয়াক প্ৰায়ে ৰূপ বা সোণেৰে তৈয়াৰ কৰা হয়। কেতিয়াবা শিকলিৰ সলনি কঁকালৰ চাৰিওফালে সূতা ব্যৱহাৰ কৰা হয়।
-
দৰিয়া-ই-নুৰ
দৰিয়া-ই-নুৰ (পাৰ্চী: دریای نور, যাৰ অৰ্থ হ'ল "পোহৰৰ সাগৰ") হ’ল বিশ্বৰ অন্যতম বৃহৎ কটা হীৰা, যাৰ আনুমানিক ওজন ১৮২ কেৰাট (৩৬ গ্ৰাম)। ইয়াৰ বৰ্ণ পাতল গুলপীয়া, যিটো হীৰাৰ ক্ষেত্ৰত পোৱা আটাইতকৈ বিৰল ৰংসমূহৰ ভিতৰত এটা।
-
নাকৰ মালা
নাকৰ জিঞ্জিৰি (Nose chain) হৈছে এক প্ৰকাৰৰ গহনা, যিটো শতিকাৰ আগতে সিন্ধু উপত্যকা সভ্যতাত ভাৰতৰ মহিলাৰ ফেশ্বনৰ অংশ হিচাপে উৎপত্তি হৈছিল।
-
বাজু
বাজু হৈছে বাহুত পৰিধান কৰা এবিধ অলংকাৰ।
-
মংগল সূত্ৰ
মংগল সূত্ৰ (Mangala sutra) হিন্দু সংস্কৃতিত বিশেষকৈ ভাৰতীয় উপমহাদেশত প্ৰচলিত বিবাহিত মহিলাসকলে ডিঙিত পৰিধান কৰা পৱিত্ৰ অলংকাৰ। হিন্দু ৰীতি-নীতিৰে কৰোৱা বিবাহত দৰায়ে কইনাক মংগল সূত্ৰ পৰিধান কৰায়। বিবাহিত সধৱা তিৰোতায়ে গোটেই জীৱন মংগল সূত্ৰ পৰিধান কৰে।
-
মগৰদানা
মগৰদানা ডিঙিত পিন্ধা এবিধ অসমীয়া অলংকাৰ। এইবিধ অলংকাৰ অভিজাত সম্প্ৰদায়ৰ পুৰুষে ডিঙিত পৰিধান কৰে।
-
হায়দৰাবাদ নিজামৰ অলংকাৰসমূহ
হায়দৰাবাদ ৰাজ্যৰ নিজামসকলৰ অলংকাৰসমূহ (ইংৰাজী: Jewels of the Nizams) বৰ্তমানৰ ভাৰতৰ অন্যতম বৃহৎ আৰু ব্যয়বহুল অলংকাৰৰ সংগ্ৰহ। এই অলংকাৰসমূহ হায়দৰাবাদ ৰাজ্যৰ শাসক নিজামসকলৰ আছিল।
-
অৰঞ্জনা
অৰঞ্জনা (Aranjanam), যাক আৰাইজান কোডি (Araijan Kodi) বা মোলাথাডু (Molathadu) বুলিও জনা যায়, হ’ল দক্ষিণ এছিয়াৰ, বিশেষকৈ দক্ষিণ ভাৰতৰ শিশু আৰু কিশোৰ-কিশোৰীসকলে ককালত পিন্ধা এডাল লাহী অলংকাৰ। অৱশ্যে বহুতো প্ৰাপ্তবয়স্ক লোকেও ইয়াৰ ব্যৱহাৰ কৰে।
-
অৰ্নেক
অৰ্নেক ক্ৰিমিয়ান তাতাৰসকলৰ এটা জাতীয় অলংকাৰ আৰু তেওঁলোকৰ অন্যতম প্ৰাচীন সাংস্কৃতিক ঐতিহ্য। ২০২১ চনত অৰ্নেক আৰু ইয়াৰ সৈতে জড়িত জ্ঞানক ইউনেস্কোৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধিত্বমূলক তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
আকবৰ শ্বাহ (হীৰা)
আকবৰ শ্বাহ হ’ল ভাৰতৰ মোগল সাম্ৰাজ্যৰ সময়ৰ এক ঐতিহাসিক হীৰা, যাক "ময়ূৰ সিংহাসনৰ দ্যুতি" বুলিও জনা যায়। এইটো এক অনিয়মিত নাচপতি আকৃতিৰ হীৰা যাৰ বৰণ পাতল সেউজীয়া আৰু ওজন ৭৩.৬০ কেৰাট।
-
আৰাইমুদি
আৰাইমুদি বা আৰাইমুতি হৃদয় বা আঁহত গছৰ পাতৰ আকৃতিৰ সৰু ৰূপৰ ধাতুৰ পাত আকৃতিৰ অলংকাৰ। পূৰ্বতে ভাৰতৰ তামিলনাডু ৰাজ্যৰ কণমানি ছোৱালী, কিশোৰীয়ে পিন্ধিছিল। "আৰাই" মানে কঁকাল আৰু "মুদি" মানে আৱৰণ। ইয়াক পূব শ্ৰীলংকাৰ মুছলমানসকলে ‘আলামাদী’ আৰু ‘আৰাচিলাই’ বুলি কয়।
-
উঝণ্টি
উঝণ্টি ভৰিৰ আঙুলিত পিন্ধা ধাতু আৰু অধাতুৰে নিৰ্মিত আঙঠি। দুয়োখন ভৰিৰ দ্বিতীয় ভৰিৰ আঙুলিটোৱেই হ’ল য’ত ইয়াক বেছিকৈ পিন্ধা হয়। কাৰণ আনকেইটাতকৈ ই পোন আৰু আটাইতকৈ দীঘল ভৰিৰ আঙুলি আৰু এইদৰে আঙঠি পিন্ধিবলৈ আৰু আন কোনো বস্তুৰ লগত সংযোগ নোহোৱাকৈ থাকিবলৈ আটাইতকৈ সহজ আঙুলি।
-
কড়া
কড়া (ইংৰাজী: Kara; পঞ্জাবী: ਕੜਾ) হ’ল তীখা বা কেঁচা লোৰে নিৰ্মিত এডাল বিশেষ খাৰু, যিটো শিখসকলে আৰু কেতিয়াবাহে অন্য ধৰ্মৰ ভাৰতীয় লোকেও পৰিধান কৰে। শিখ ধৰ্মই সমতা আৰু সকলো সময়তে ভগৱানৰ প্ৰতি ভক্তি ৰখাৰ গুৰুত্বৰ কথা শিক্ষা দিয়ে, যাৰ প্ৰতীক হ’ল 'পঞ্চ ককাৰ' (Five Ks)— অৰ্থাৎ খালছা দীক্ষা গ্ৰহণ কৰা…
-
কমৰধনি
কমৰবন্ধ বা কমৰধনি হৈছে কঁকালত পিন্ধা এক প্ৰকাৰৰ শিকলি সদৃশ গহনা। বা সূতাৰ জৰী। কমৰবন্ধক ইংৰাজীত বেলী চেইন বুলি কোৱা হয়। কিছুমান কমৰবন্ধ নাভি বিন্ধাৰ লগত সংলগ্ন হৈ থাকে। ইয়াক প্ৰায়ে ৰূপ বা সোণেৰে তৈয়াৰ কৰা হয়। কেতিয়াবা শিকলিৰ সলনি কঁকালৰ চাৰিওফালে সূতা ব্যৱহাৰ কৰা হয়।
-
গ্ৰেট মোগল ডায়মণ্ড
গ্ৰেট মোগল আছিল এটা বৃহৎ হীৰা, যিটো সম্ভৱতঃ ১৬৫০ চনৰ আশে-পাশে দক্ষিণ ভাৰতৰ গোলকোণ্ডা অঞ্চলৰ কোল্লুৰ খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল। জাঁ-বেপ্টিষ্ট টাভাৰ্নিয়াৰে হীৰাটিৰ বৰ্ণনা এইদৰে দিছিল: "শিলটোৰ আকৃতি এনেকুৱা যেন কোনোবাই এটা কণী মাজভাগত কাটি থৈছে"। ইয়াৰ ওজন ২৮০ কেৰেট (৫৬ গ্ৰাম)।
-
চৰপেচ
চৰপেচ (ইংৰাজী: Sarpech; উৰ্দু: سرپیچ; হিন্দী: सरपेच, পাৰ্চী ভাষাৰ পৰা উৎপত্তি), হ’ল এক পাগুৰিৰ অলংকাৰ যিটো বিশেষকৈ হিন্দু, শিখ আৰু মুছলমান ৰাজকুমাৰসকলে পৰিধান কৰিছিল।
-
জেকব ডায়মণ্ড
জেকব ডায়মণ্ড (ইংৰাজী: Jacob Diamond), যাক ইম্পেৰিয়েল বা ভিক্টোৰিয়া ডায়মণ্ড বুলিও জনা যায়, হ’ল ভাৰতৰ (বা গোলকোণ্ডা খনিৰ) এক বৰণহীন হীৰা। ই বিশ্বৰ পঞ্চম বৃহত্তম পালিশ কৰা হীৰা হিচাপে স্বীকৃত।
-
তাৰাকাশী
তাৰাকাশী (ইংৰাজী: Tarakasi; পাৰ্চী মূলৰ পৰা) হ’ল ভাৰতৰ পূব অংশৰ ওড়িশাৰ কটক চহৰৰ এবিধ ৰূপৰ ফিলিগ্ৰী (filigree) শিল্প।
-
তিমুৰ ৰুবি
তিমুৰ ৰুবি (ইংৰাজী: Timur Ruby; যাক 'খিৰাজ-ই-আলম' বা "বিশ্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি" বুলিও কোৱা হয়) হ’ল এডাল ডিঙিৰ হাৰত খটোৱা ৩৫২.৫৪ কেৰাট (৭০.৫ গ্ৰাম) ওজনৰ এটা পালিশ কৰা ৰঙা স্পিনেল (spinel)।
-
দেঝুৰ
দেঝুৰ (বা দেজি-হোৰ) হৈছে কাশ্মীৰী পণ্ডিত বিবাহিত মহিলাসকলে পিন্ধা একপ্ৰকাৰৰ ওলমি থকা কাণৰ অলংকাৰ। নিয়মানুসৰি বিয়া হোৱাৰ আগদিনাৰ পৰা এই অলংকাৰ পৰিধান কৰিব লাগে।
-
নাকৰ অলংকাৰ
নাকৰ অলংকাৰ (ইংৰাজী: Nose-jewel) হ'ল নাৰীয়ে সৌন্দৰ্য বৃদ্ধিৰ বাবে নাকৰ ফুটা বা নাকৰ মধ্যচ্ছদাৰ ফুটাৰ মাজেৰে পিন্ধা অলংকাৰ।
-
ফোঁট
ফোঁট হৈছে এক ৰঙীন বিন্দু। মূলতঃ ভাৰতীয় উপমহাদেশৰ হিন্দু, বৌদ্ধ আৰু জৈনসকলে কপালৰ কেন্দ্ৰত প্ৰসাধনৰ বাবে ব্যৱহাৰ কৰা ষ্টিকাৰ জাতীয় অলংকাৰ। ফোঁট হৈছে কপালৰ সোঁমাজত অৰ্থাৎ দুয়োডাল চেলাউৰিৰ ঠিক মাজত লগাই লোৱা কিছুমান ৰঙৰ উজ্জ্বল বিন্দু।
-
ৰাল্লী লেপ
ৰাল্লী, ৰিল্লী বা ৰিল্কি লেপ (Ralli quilt) হৈছে দক্ষিণ-পূব পাকিস্তানৰ সিন্ধ আৰু বেলুচিস্তানৰ দক্ষিণ-পূব অংশ, পাঞ্জাৱৰ বাহাৱালপুৰ অঞ্চল, ৰাজস্থান আৰু গুজৰাটৰ কচ্চ অঞ্চলৰ সীমাৰেখাৰে আবৃত অঞ্চলসমূহৰ পৰম্পৰাগত লেপ।