কেৰালাৰ খাদ্য
২১ প্ৰবন্ধ
-
সাদ্যা
সাদ্যা (Sadya), সাধ্যা বুলিও উচ্চাৰণ কৰা হয়, কেৰালা মূলৰ আৰু সকলো মালয়ালীৰ বাবে গুৰুত্বপূৰ্ণ খাদ্য, সাধাৰণতে কলৰ পাতত দুপৰীয়াৰ আহাৰ হিচাপে পৰিবেশন কৰা বিভিন্ন ধৰণৰ পৰম্পৰাগত নিৰামিষ খাদ্যৰে গঠিত।
-
কেৰালাৰ ৰন্ধনপ্ৰণালী
কেৰেলাৰ ৰন্ধনপ্ৰণালী হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম মালাবাৰ উপকূলৰ এখন ৰাজ্য কেৰালাত উদ্ভৱ হোৱা এক ৰন্ধন শৈলী। কেৰেলা ৰাজ্যত অমিষ আৰু নিৰামিষ দুয়োবিধ খাদ্যৰ প্ৰচলন আছে। কেৰালা ৰন্ধনপ্ৰণালীত মাছ, কুকুৰা আৰু ৰঙা মাংসৰ ব্যৱহাৰ কৰি প্ৰস্তুত কৰা আমিষ ব্যঞ্জনত চাউলক সাধাৰণ অনুষঙ্গ হিচাপে ব্যৱহাৰ কৰে।
-
দাইল
দাইল বা দালি (ইংৰাজী: dal, daal বা dhal; উচ্চাৰণ: ) হৈছে শুকুৱাই লোৱা, ফলা মাহজাতীয় শস্য (যেনে— মচুৰ, মটৰ, ৰহৰ আৰু বুট আদি), যিবোৰ ৰান্ধিবলৈ আগতীয়াকৈ তিয়াই থোৱাৰ প্ৰয়োজন নহয়। ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰতে সৰ্বাধিক মাহজাতীয় শস্য উৎপাদনকাৰী দেশ।
-
কালান
কালান (মালয়ালম: കാളൻ) হৈছে দক্ষিণ ভাৰতৰ কেৰালাৰ এবিধ পৰম্পৰাগত ব্যঞ্জন। ই দৈ, নাৰিকল আৰু কেঁচা কাঁচকল (নেণ্ড্ৰা কায়া) বা মাটিৰ তলৰ আলু যেনে ওলকবি/কাঠ আলু (চেনা) ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়। এই তৰকাৰীখন অতি ঘন আৰু টেঙা সোৱাদযুক্ত হয়। কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সদ্যাৰ ই এক অন্যতম অপৰিহাৰ্য পদ।
-
এদায়ুৰ জলকীয়া
এদায়ুৰ জলকীয়া (ইংৰাজী: Edayur chilli) হৈছে মূলতঃ ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা এক প্ৰকাৰৰ জলকীয়া। এদায়ুৰ জলকীয়া এবিধ স্থানীয় জাত, যাৰ খেতি প্ৰধানকৈ কেৰালাৰ মালাপ্পুৰম জিলাৰ কিছুমান নিৰ্দিষ্ট অঞ্চলত কৰা হয়।
-
কলৰ চিপচ
কলৰ চিপচ (ইংৰাজী: Banana chip) হৈছে কলৰ টুকুৰা শুকুৱাই বা তেলত দকৈ ভাজি প্ৰস্তুত কৰা এবিধ মচমচীয়া খাদ্য। ই সাধাৰণতে কিছু টান আৰু কঠিনপ্ৰকাৰৰ কলৰ (যেনে ৰান্ধি খোৱা কল বা কাঁচকল) পৰা তৈয়াৰ কৰা হয়, যাৰ ভিতৰত চাবা আৰু নেণ্ড্ৰান জাতৰ কল অন্যতম।
-
কুটিয়াাটুৰ আম
কুট্টিয়াট্টুৰ আম (Kuttiattoor mango) বা কুট্টিয়াট্টুৰ মাংগা হৈছে ভাৰতৰ কেৰালাৰ কান্নুৰ জিলাৰ কুট্টিয়াট্টুৰ গাঁৱত মূলতঃ খেতি কৰা এবিধ বিখ্যাত আমৰ জাত। এই আম কেৰালাৰ থলুৱা আমৰ জাতসমূহৰ ভিতৰত অন্যতম।
-
ত্ৰিবান্দ্ৰম বোলী
ত্ৰিবান্দ্ৰম বোলী বা তিৰুৱনন্তপুৰম বোলী ভাৰতৰ কেৰালা ৰাজ্যৰ ৰাজধানী ত্ৰিবান্দ্ৰম অঞ্চলৰ সৈতে জড়িত এবিধ বিশেষ মিঠা চেপেটা ৰুটী বা পিঠা। ই মূলত এবিধ পাতল, পুৰ দিয়া পিঠাৰ দৰে। ইয়াৰ ভিতৰত চেনিৰে মিঠা কৰা বুটৰ দাইলৰ পুৰ দিয়া হয়। ইয়াৰ সুগন্ধিৰ বাবে ইলাচী আৰু সামান্য জায়ফল ব্যৱহাৰ কৰা হয়।
-
ৰচম
ৰচম, থিলী ছাৰু (কন্নড়), চাৰু (তেলেগু), চাতাম্বডে বা চাত্ৰমুধু (சாற்றமுது) হৈছে একপ্ৰকাৰৰ মচলাযুক্ত দক্ষিণ ভাৰতীয় চুৰুহা জাতীয় খাদ্য। ইয়াক সাধাৰণতে ভাতৰ সৈতে এটা পাৰ্শ্ব-বেনঞ্জন হিচাপে পৰিৱেশন কৰা হয়। পৰম্পৰাগত দক্ষিণ ভাৰতীয় আহাৰত ই চাম্বাৰ ভাতৰ সৈতে মূল আহাৰৰ এটা অংশ।
-
অ'লান
অ’লান (মালয়ালম: ഓലൻ) হৈছে কেৰালাৰ ৰন্ধনশৈলীৰ এক মৃদু সোৱাদযুক্ত আঞ্জা (Stew), যাৰ মূল উপাদান হৈছে কোমোৰা (Ash gourd) আৰু লেচেৰা মাহ (Cowpeas)। ইয়াক নাৰিকলৰ গাখীৰৰ সৈতে সিজাই প্ৰস্তুত কৰা হয়। এইবিধ ব্যঞ্জন ওনাম উৎসৱত পৰিৱেশন কৰা পৰম্পৰাগত নিৰামিষ ভোজ সাদ্যাৰ অন্যতম প্ৰধান অংশ।
-
আচাপ্পম
আচাপ্পম (achappam); ‘আচ’ অৰ্থাৎ সাঁচ আৰু মালয়ালম ভাষাত ‘আপ্পাম’ অৰ্থাৎ আটাৰে তৈয়াৰ কৰা খাদ্য) বা আচু মুৰুক্কু (achu murukku; তামিল ভাষাত ‘murukku’ অৰ্থাৎ মচমচীয়া জলপান) হৈছে চাউলৰ গুড়ি, নাৰিকলৰ গাখীৰ, চেনি আৰু কণীৰে তৈয়াৰ কৰা এবিধ সামান্য মিঠা, গভীৰ তেলত ভজা গোলাপ আকৃতিৰ কুকিজ।
-
আট্টপ্পাদি থুৱৰা
আট্টাপ্পাডি থুৱৰা (Attappady Thuvara) হৈছে ভাৰতৰ কেৰালা ৰাজ্যত খেতি কৰা ৰহৰ মাহৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত শস্যৰ জাত। এই জাতটো মূলতঃ পালাক্কাড জিলাৰ আট্টাপ্পাডি জনজাতীয় তালুকত খেতি কৰা হয়। ভৌগোলিক সূচক (GI) স্বীকৃতিৰ অধীনত এই শস্যজাতক আট্টপ্পাদি থুৱৰা নামেৰে নিবন্ধিত কৰা হৈছে।
-
ইঞ্জিপুলি
ইঞ্জিপুলি (ইংৰাজী: Injipuli; মালয়ালম: ഇഞ്ചിപുളി), বা পুলি ইঞ্জি বা ইঞ্জি কাৰী, দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত মিঠা, টেঙা আৰু জ্বলা সোৱাদযুক্ত আচাৰ বা চাটনিজাতীয় খাদ্য। ই ঘাইকৈ আদা, তেতেলী, কেঁচা জলকীয়া আৰু গুড়েৰে প্ৰস্তুত কৰা হয়।
-
এৰিছেৰী
এৰিছেৰী (মালয়ালম: എരിശ്ശേരി [eɾiːʃːeɾi]), দক্ষিণ ভাৰতৰপৰা অহা এটা পৰম্পৰাগত কেৰেলাৰ খাদ্য, পিহি লোৱা নাৰিকল, মচলা আৰু মূল উপাদানসমূহৰ ভিতৰত কেঁচা কেৰেলা, হাতী ভৰিৰ ৰঙালাও বা কুমলীয়া ডালিম আদি। ই এটা ডাঠ, মৃদু চাইড ডিচ যিটোক কুট্টুকাৰী হিচাপে শ্ৰেণীভুক্ত কৰা হয়।
-
কুট্টুকাৰী
কুট্টুকাৰী (Koottukari) দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত থলুৱা আঞ্জা বা ব্যঞ্জন। ইয়াক 'কুট্টু কাৰী' বুলিও লিখা হয়। এই আঞ্জাখন মূলত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু দাইল বা বুটৰ সৈতে ভজা নাৰিকলৰ মিশ্ৰণেৰে ডাঠকৈ প্ৰস্তুত কৰা হয়।
-
খিচড়ী
খিচড়ী (ইংৰাজী: Kichadi) হৈছে কেৰালাৰ ৰন্ধনশৈলীত ব্যৱহৃত পাচড়ীৰ এবিধ টেঙা সংস্কৰণ। এই টেঙা ব্যঞ্জনবিধ দৈ, বটা জিৰাৰ পেষ্ট আৰু তিয়ঁহ বা কোমোৰাৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। শেষত ইয়াৰ ওপৰত তেলত ভজা সৰিয়হ গুটি আৰু নৰসিংহ পাত ছটিয়াই সজোৱা হয়। খিচড়ী প্ৰায়ে সদ্যা ভোজৰ অংশ হিচাপে পৰিৱেশন কৰা হয়।
-
তিৰুৰ পাণ
তিৰুৰ পাণ (Tirur Betel Leaf) হৈছে ভাৰতৰ কেৰালাৰ ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ পৰম্পৰাগত পাণপাতৰ জাত। এই পান মূলতঃ কেৰালা ৰাজ্যৰ মালাপ্পুৰম জিলাৰ তিৰুৰ, তানুৰ, তিৰুৰাংগাড়ি, কুট্টিপুৰম, মালাপ্পুৰম আৰু ভেংগাৰা ব্লক পঞ্চায়তসমূহত খেতি কৰা হয়।
-
থোৰান
থোৰান (ইংৰাজী: Thoran; ) বা উত্তৰ কেৰালাত ইয়াক উপেৰী বুলি কোৱা হয়। এইবিধ হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰপৰা উৎপত্তি হোৱা নাৰিকল মিশ্ৰিত এবিধ শুকান পাচলিৰ ব্যঞ্জন। এই সাধাৰণ ব্যঞ্জনবিধ সাধাৰণতে ভাত আৰু আঞ্জাৰ সৈতে খোৱা হয় আৰু ই কেৰালাৰ পৰম্পৰাগত নিৰামিষ ভোজ সাধ্যাৰো এক অপৰিহাৰ্য অংগ।
-
পাজহাম প্ৰধমন
পাজহাম প্ৰধমন (പഴം പ്രഥമൻ, ইংৰাজী: Pazham Pradhaman) হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত আৰু অত্যন্ত জনপ্ৰিয় মিঠা পদ বা পায়স। কেৰালাৰ পৰম্পৰাগত ভোজ বা সাধ্যা, বিশেষকৈ ওনাম আৰু বিষু উৎসৱৰ সময়ত এই পদবিধ মুখ্য ডেজাৰ্ট হিচাপে পৰিৱেশন কৰা হয়।
-
মাৰায়ুৰ গুড়
মাৰায়ুৰ গুৰ হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ সতেজ কুঁহিয়াৰ ৰসৰপৰা তৈয়াৰী একপ্ৰকাৰৰ গুড়। ই কুঁহিয়াৰ ৰসৰপৰা উৎপাদিত কৃষিজাত সামগ্ৰী যিটো দেৱীকুলাম তালুক, ইডুক্কি জিলাৰ মৰায়ুৰ আৰু কান্থালুৰ গ্ৰাম পঞ্চায়তত বিশেষভাৱে আৰু বহুলভাৱে খেতি কৰা শস্যজাত খাদ্যসামগ্ৰী।
-
শৰ্কৰাপুৰাট্টি
শৰ্কৰাপুৰাট্টি (Sharkarapuratti) ভাৰতৰ কেৰালা ৰাজ্যৰ এবিধ পৰম্পৰাগত মিঠা মুখৰোচক খাদ্য। ইয়াক 'শৰ্কৰা বৰাট্টি' আৰু 'শৰ্কৰা উপ্পেৰী' বুলিও জনা যায়। এই খাদ্যবিধ মূলত কেঁচা কল সৰু সৰুকৈ কাটি তেলত মচমচীয়া হোৱালৈকে ভালদৰে ভাজি লোৱাৰ পিছত গলি থকা ঘন গুড়ৰ প্ৰলেপ দি প্ৰস্তুত কৰা হয়।