মিঠাই
২২ প্ৰবন্ধ
-
পায়স
পায়স, পাহ, পাহভাত, ক্ষীৰ বা ক্ষীৰী হৈছে এক মিঠা ব্যঞ্জন আৰু ভাৰতীয় উপমহাদেশত জনপ্ৰিয় এক প্ৰকাৰৰ লুপথুপিয়া পুডিং। সাধাৰণতে গাখীৰ, চেনি বা গুড় আৰু চাউল উতলাই সিজাই এই খাদ্য তৈয়াৰ কৰা হয়। কেতিয়াবা চাউলৰ পৰিৱৰ্তে অন্যান্য মাহ জাতীয় শস্য যেনে দাইল, ঘেঁহু, বজৰা, কোমল গোমধান আদিও ব্যৱহাৰ কৰা হয়।
-
জেলেপী
জেলেপী বা স্থানভেদে জিলাপী বা জেলেবি এবিধ মিঠা খাদ্য৷ এটা ফাৰ্চী শব্দ “জলব’’ৰ পৰা জেলেপী নামটোৰ সৃষ্টি হৈছে৷ ’জলব’ শব্দৰ অৰ্থ ঘূৰণীয়াকৈ পাক খাই যোৱা ভাৰতত বিশেষকৈ পূজা বা আন উৎসৱ পাৰ্বনত জেলেপীৰ প্ৰচলন হোৱা দেখা যায়৷ ই বৰ্তমান আমাৰ সমাজত এক পৰম্পৰাগত মিঠাই হিচাপে পৰিগণিত হৈ পৰিছে৷
-
মথুৰা পেড়া
মথুৰা পেড়া (Mathura Peda) এক উত্তৰ ভাৰতীয় অতি জনপ্ৰিয় মিঠাই। ইয়াৰ উৎপত্তিস্থল ভাৰতৰ মথুৰা। গাখীৰৰ পৰা প্ৰস্তুত কৰা উত্তৰ ভাৰতীয় এক উপকৰণ খয়া বা মাৱাৰ পৰা তৈয়াৰ কৰা হয়।
-
মোডক
মোডক (Sanskrit: मोदक) ভাৰতীয় বহু ৰাজ্য আৰু সংস্কৃতিত জনপ্ৰিয় ভাৰতীয় মিঠা ডাম্পলিং খাদ্য। হিন্দু আৰু বৌদ্ধ বিশ্বাস অনুসৰি ইয়াক ভগৱান গণেশ আৰু বুদ্ধৰ অন্যতম প্ৰিয় খাদ্য বুলি গণ্য কৰা হয় আৰু সেয়েহে ইয়াক প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়।
-
সন্দেশ
সন্দেশ (সন্দেশ) গাখীৰৰ ছানাৰপৰা প্ৰস্তুত কৰা এবিধ উপাদেয় মিঠাই। ছানাৰ লগত চেনি বা গুৰ মিহলাই সাঁচত দি প্ৰস্তুত কৰা হয়। খাদ্যৰ উপাদানৰফালৰপৰা ই এক পুষ্টিকৰ খাদ্য। বঙালীৰ উৎসৱ আয়োজনত এই নক্সাকৰা উপাদেয় খাদ্যবিধৰ ব্যৱহাৰ অনেক প্ৰাচীন কালৰপৰাই প্ৰচলিত হৈ আহিছে।
-
ৰসগোল্লা
ৰসগোল্লা (Rasgulla ) দক্ষিণ এছিয়াৰ পূব অংশৰ এবিধ জনপ্ৰিয় চেনিৰ ৰসযুক্ত মিঠাই। ইয়াক চানাৰ গুড়িৰ বল আকৃতিৰ কৰি লৈ তৈয়াৰ কৰা হয় আৰু পাতল চেনিৰ ৰসত ডুবোৱা হয়। চেনিৰ ৰস বলটোৰ ভিতৰত সোমাই নোযোৱালৈ এই প্ৰক্ৰিয়া চলি থাকে।
-
ঘেৱৰ
ঘেৱৰ ( Ghevar) বা ঘেৱাৰ হৈছে ডিস্ক আকৃতিৰ ৰাজস্থানী মিঠাই। যাৰ টেক্সচাৰ মৌচাকৰ দৰে, ঘিঁউ, ময়দা আৰু চেনিৰ চিৰাপৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগতভাৱে ইয়াক শাওন মাহ আৰু তীজ আৰু ৰক্ষা বন্ধন উৎসৱৰ সৈতে জড়িত কৰা হয়।
-
চমচম
চমচম (Chomchom) হ’ল বাংলাদেশৰ টাঙ্গাইলৰ পোড়াবাড়ী নামৰ ঠাইত উৎপন্ন একটি বিখ্যাত মিঠাই যিটো কেৱল বাংলাদেশ, ভাৰত, পাকিস্তানতেই নহয় সমগ্ৰ ভাৰতীয় উপমহাদেশতে বিখ্যাত। চমচমকে বাংলাদেশেৰসকল মিষ্টিৰ ৰাজা বলা হয়। বাংলাদেশত চমচমক সকলো মিঠাইৰ ৰজা বুলি কোৱা হয়।
-
জয়নগৰৰ মোৱা
জয়নগৰৰ মোৱা (জয়নগৰেৰ মোয়া) এবিধ খেজুৰৰ গুড় আৰু আখৈৰে তৈয়াৰ কৰা বাঙালী মিঠাই। এইপ্ৰকাৰৰ "মোৱা" প্ৰথমে পশ্চিমবঙ্গৰ জয়নগৰত তৈয়াৰ কৰা হৈছিল। কলকাতাৰ লগতে আন ঠাইসমূহতো সমানে জনপ্ৰিয় মিঠাইবিধ কেতিয়াবা সস্তীয়া সামগ্ৰী আৰু ৰাসায়নিক গোন্ধৰে তৈয়াৰ কৰা হয়।
-
ঠেকুৱা
ঠেকুৱা ( ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়। ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।
-
নকুল দানা
নকুল দানা (Mimosa Sugar Balls) বা তৰাছাৰী হৈছে চেনিৰে গঠিত মটৰৰ আকাৰৰ সৰু মিঠা খাদ্য। বিশেষকৈ হিন্দু ধৰ্মৰ ধৰ্মীয় অনুষ্ঠানত ইয়াক দেৱতাসকলৰ বাবে প্ৰসাদ হিচাপে ব্যৱহাৰ কৰা হয়। নেপাল আৰু ভাৰতৰ মন্দিৰত নকুল দানা প্ৰসাদ হিচাপে জনপ্ৰিয়ভাৱে ব্যৱহাৰ কৰা হয়। ইয়াক সাধাৰণতে সৰু সৰু পেকেটত বিক্ৰী কৰা হয়।
-
বাটাচা
বাটাচা হৈছে চেনি আৰু গুড়ৰ পৰা তৈয়াৰী একপ্ৰকাৰৰ মিঠাই। এয়া বংগৰ অতি জনপ্ৰিয় মিঠা খাদ্য। ৰবীন্দ্ৰনাথৰ শুভদৃষ্টিৰ গল্পত পিতলৰ বাটিত বাটাচা লৈ বিবাহৰ প্ৰস্তাৱ লৈ যোৱাৰ কথা উল্লেখ আছে। চেনি বা গুড়ৰ পৰা তৈয়াৰী বাটাচা ২-৪ চে.মি. ব্যাসৰ সমতল মিঠা খাদ্য। ইয়াৰ আকাৰ কোটৰ বুটাম একোটাৰ সমান।
-
মালপোৱা
ভূটান, ভাৰত, নেপাল আৰু বাংলাদেশত জনপ্ৰিয় পূব ভাৰতীয় উপমহাদেশৰ পৰা উৎপত্তি হোৱা মিঠাই হিচাপে ৰাতিপুৱাৰ চাহৰ সৈতে বা দুপৰীয়াৰ চাহৰ সৈতে জলপান হিচাপে পৰিবেশন কৰা মিঠাযুক্ত ব্ৰেকফাষ্ট এবিধক মালপোৱা বা কেতিয়াবা পোৱা বুলি কোৱা হয় ৷
-
আডা প্ৰধমন
আডা প্ৰধমন (ইংৰাজী: Ada pradhaman) হৈছে এক পৰম্পৰাগত কেৰালেট মিঠাই, যি চাউলৰ আডা (চাউলৰ পাষ্টা বা ফ্লেকছ) আৰু সিজাই লোৱা নাৰিকলৰ গাখীৰ তথা গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। ভাৰতৰ কেৰালা ৰাজ্যৰ ঘৰবোৰত বিশেষকৈ ওনাম উৎসৱৰদিনা আডা প্ৰধমন প্ৰস্তুত কৰা হয়।
-
কালাকান্দ
কলাকান্দ ভাৰতৰ এবিধ মি ঠাই। ইয়াক মিঠা পনিৰৰ বাগাখীৰৰ চানাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক " ইটালীয়ান চীজকেকৰ সৈতে মিল থকা, বৰফিতকৈ কোমল" বুলি বৰ্ণনা কৰা হৈছে। ই ভাৰতৰ এক অন্যতম জনপ্ৰিয় মিঠাই।
-
কেঁচাগোল্লা
কেঁচাগোল্লা বা নাটোৰৰ কেঁচাগোলা (Kanchagolla; কাঁচাগোল্লা) হৈছে বাংলাদেশৰ নাটোৰ জিলাত উৎপাদিত গাখীৰৰ পৰা তৈয়াৰী মিঠাই। এই মিঠাই গৰুৰ গাখীৰৰ পৰা তৈয়াৰী কেঁচা ছানাৰে প্ৰস্তুত কৰা হয় বাবে ইয়াক কাঁচাগোল্লা বুলি জনা যায়।
-
নওগাঁৰ পেৰা সন্দেশ
নওগাঁৰ পেৰা সন্দেশ ( Pera Sondesh of Naogaon; নওগাঁব় প্যাব়া সন্দেশ) বাংলাদেশৰ নওগাঁ জিলাত উৎপাদিত গাখীৰৰে তৈয়াৰ কৰা এবিধ মিঠাই। বৰ্তমানে বাংলাদেশৰ অন্যান্য ঠাইতো এই পেৰা সন্দেশ তৈয়াৰ কৰা হ’লেও সৰ্ব প্ৰথমে নওগাঁ জিলাতে তৈয়াৰ কৰা হৈছিল।স্বাদ ও মানে অতুলনীয় নওগাঁৰ প্যাৰা সন্দেশ আৰম্ভণিতে কেবল…
-
বালিছ মিষ্টি
বালিছ মিষ্টি বা মিঠাই (বঙালী: বালিশ মিষ্টি) বাংলাদেশৰ নেত্ৰকোণা জিলাৰ এবিধ প্ৰসিদ্ধ মিঠাই। বঙালী ভাষাত গাৰুক বালিছ কয়; মিঠাইবিধৰ আকাৰ এটা গাৰুৰ দৰে। ইয়াৰ ওপৰত ক্ষীৰৰ প্ৰলেপ এটা থাকে বাবে দেখাত গাৰুৰ আৱৰণীৰ দৰে লাগে। মিঠাইবিধ গয়ানাথেৰ বালিছ নামেৰেও পৰিচিত।
-
মুক্তাগাছাৰ মণ্ডা
মুক্তাগাছাৰ মণ্ডা হʼল গাখীৰ আৰু চেনিক মূল উপাদান হিচাপে ব্যৱহাৰ কৰি তৈয়াৰ কৰা একপ্ৰকাৰৰ মিঠাই। ইয়াৰ প্ৰস্তুতিৰ ক্ষেত্ৰত কেইবাটাও অতিৰিক্ত উপাদান ব্যৱহাৰ কৰিব পাৰি। ১৮২৪ চনত বাংলাদেশৰ ময়মনসিংহ জিলাৰ মুক্তাগাছা উপজিলাত এই মিঠাইৰ প্ৰথম প্ৰচলন হৈছিল।
-
লালমোহন
লালমোহন হৈছে ভাৰতীয় উপমহাদেশৰ এক গাখীৰৰ পৰা তৈয়াৰী মিঠাই। ইয়াক গুলাব জামুন নামৰেও জনা যায়। ভাৰত, নেপাল, পাকিস্তানত এই মিঠাই জনপ্ৰিয়, লগতে মালদ্বীপ, বাংলাদেশ আৰু ম্যানমাৰতো ইয়াৰ প্ৰচলন আছে।
-
সীতাভোগ
সীতাভোগ ( Sitabhog ) ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।
-
ৰসমালাই
ৰসমালাই হৈছে ভাৰতীয় উপমহাদেশৰ পৰা উদ্ভৱ হোৱা এটা মিঠাই। মিঠাইটোক বঙালী ভাষাত ৰসমালাই, উৰ্দু আৰু হিন্দীত ৰসমলাই আৰু ওড়িয়াত ৰসমলেই বুলি কোৱা হয়। যদিও বিভিন্ন ঠাইত ৰসমালাই তৈয়াৰ কৰা হয়, তাৰে ভিতৰত বাংলাদেশৰ কুমিল্লা জিলা আৰু ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলকাতাৰ ৰসমালাই মুখ্যভাৱে জনা যায়।