গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ
৪০ প্ৰবন্ধ
-
দৰং মহাবিদ্যালয়
দৰং মহাবিদ্যালয় (Darrang College) তেজপুৰ চহৰৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল। মহাবিদ্যালয়খনি ১৯৪৫ খ্ৰীষ্টাব্দত স্থাপিত কৰা হৈছিল। প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল জ্যেষ্ঠ স্বাধীনতা সংগ্ৰামী কামাখ্যা প্ৰসাদ ত্ৰিপাঠী।
-
ভোলানাথ বৰুৱা মহাবিদ্যালয়
ভোলানাথ বৰুৱা মহাবিদ্যালয় বা চমুকৈ বি. বৰুৱা কলেজ (B. Borooah College) হৈছে অসমৰ কামৰূপ মহানগৰ জিলাত অৱস্থিত এখনি অগ্ৰণী শিক্ষানুষ্ঠান। অসম তথা ভাৰতৰ প্ৰখ্যাত উদ্যোগী ভোলানাথ বৰুৱালৈ শ্ৰদ্ধা জনাই এইখনি শিক্ষানুষ্ঠান স্থাপন কৰা হৈছিল।
-
বজালী মহাবিদ্যালয়
বজালী মহাবিদ্যালয় (Bajali College) অসমৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান। এই মহাবিদ্যালয় বৰপেটা জিলাৰ পাঠশালা চহৰত অৱস্থিত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত এই মহাবিদ্যালয়খনে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ (National Assessment and Accreditation Council)ৰ "A" শ্ৰেণীৰ মহাবিদ্যালয়ৰূপে…
-
গৌহাটী বাণিজ্য মহাবিদ্যালয়
গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল।
-
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় (Anandaram Dhekial Phookan College) হৈছে ১৯৫৯ চনত স্থাপিত অসমৰ নগাঁও জিলাৰ দক্ষিণ হয়বৰগাঁৱত অৱস্থিত এখন স্নাতক আৰু স্নাতকোত্ত ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
গুৱাহাটী মহাবিদ্যালয়
গুৱাহাটী মহাবিদ্যালয় (Guwahati College) অসমৰ গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬৪ চনত মহাবিদ্যালয়খন স্থাপন কৰা হৈছিল। গুৱাহাটী মহাবিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
পূব কামৰূপ মহাবিদ্যালয়
পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান। অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়
আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (Arya Vidyapeeth College) হৈছে ১৯৫৮ চনৰ ২৯ জুলাইত স্থাপিত অসমৰ কামৰূপ জিলাৰ গোপীনাথ নগৰত অৱস্থিত এক উচ্চশিক্ষাৰ প্ৰতিষ্ঠান, য’ত কলা, বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখা আছে। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
অভয়াপুৰী মহাবিদ্যালয়
অভয়াপুৰী মহাবিদ্যালয় (Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল।
-
দক্ষিণ কামৰূপ মহাবিদ্যালয়
দক্ষিণ কামৰূপ মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup College) হ'ল কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ।
-
নগাঁও ছোৱালী কলেজ
নগাঁও ছোৱালী কলেজ (Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।
-
ৰঙিয়া মহাবিদ্যালয়
ৰঙিয়া মহাবিদ্যালয় (Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ৰহা মহাবিদ্যালয়
ৰহা মহাবিদ্যালয় অসমৰ নগাঁও জিলাৰ ৰহাত অৱস্থিত এখন মহাবিদ্যালয়। মহাবিদ্যালয়খন প্ৰতিষ্ঠা হয় ১৯৬৪ চনত। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থায়ী সংযোগপ্ৰাপ্ত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ (UGC) ২(এফ) আৰু ১২(বি) ধাৰাৰ অধীনত স্বীকৃত।
-
চিলাৰায় মহাবিদ্যালয়
চিলাৰায় মহাবিদ্যালয় (Chilarai College) হৈছে ১৯৭৩ চনত স্থাপিত অসমৰ ধুবুৰীৰ গোলকগঞ্জত অৱস্থিত স্নাতক মহলাৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
জৱাহৰলাল নেহৰু মহাবিদ্যালয়
জৱাহৰলাল নেহৰু মহাবিদ্যালয় (Jawaharlal Nehru College) ১৯৬৪ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
টিহু মহাবিদ্যালয়
টিহু মহাবিদ্যালয় (Tihu College) হৈছে ১৯৬৩ চনত স্থাপিত অসমৰ নলবাৰীৰ টিহুত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ধিং মহাবিদ্যালয়
ধিং মহাবিদ্যালয় (Dhing College) হৈছে ১৯৬৫ চনত স্থাপিত অসমৰ ধিঙত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান৷ মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷
-
নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি
নিৰ্মল হালৈ মহাবিদ্যালয় (Nirmal Haloi College) অসমৰ বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত এখন উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা
নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
মৰিগাঁও মহাবিদ্যালয়
মৰিগাঁও মহাবিদ্যালয় (Morigaon College) হৈছে ১৯৬৪ চনত স্থাপিত অসমৰ মৰিগাঁৱত অৱস্থিত এখন পুৰণি স্নাতকৰ সহ-শিক্ষা মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
সোণাপুৰ মহাবিদ্যালয়
সোণাপুৰ মহাবিদ্যালয় (Sonapur College) হৈছে ১৯৯১ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ সোণাপুৰত অৱস্থিত স্নাতক মহলাৰ এখন সাধাৰণ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা, বাণিজ্য আৰু বৃত্তিমূলক শিক্ষাৰ স্নাতক ডিগ্ৰীৰ বিভিন্ন পাঠ্যক্ৰম আগবঢ়ায়।
-
আগিয়া মহাবিদ্যালয়
আগিয়া মহাবিদ্যালয় (Agia College) নামনি অসমৰ গোৱালপাৰা জিলাৰ অন্তৰ্গত আগিয়া আৰু সোলমাৰীৰ মাজত অৱস্থিত কলা শাখাৰ এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৯৬ চনৰ ২২ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছে। আৰু ইয়াক ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা হৈছে।
-
ওদালগুৰি মহাবিদ্যালয়
ওদালগুৰি মহাবিদ্যালয় (Udalguri College) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ ওদালগুৰিত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে বিজ্ঞান আৰু কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
কন্যা মহাবিদ্যালয়
কন্যা মহাবিদ্যালয় (Kanya Mahavidyalaya) হৈছে ১৯৭৭ চনত স্থাপিত অসমৰ গুৱাহাটীত অৱস্থিত এখন মহিলাৰ উচ্চশিক্ষাৰ শিক্ষা প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত। এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
দুধনৈ মহাবিদ্যালয়
দুধনৈ মহাবিদ্যালয় (Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ধুবুৰী ছোৱালী মহাবিদ্যালয়
ধুবুৰী ছোৱালী মহাবিদ্যালয় (Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমৰ ধুবুৰীত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ মহিলা শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷ এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
পশ্চিম গুৱাহাটী মহাবিদ্যালয়
পশ্চিম গুৱাহাটী মহাবিদ্যালয় (Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।