বস্ত্ৰ
১৪৮ প্ৰবন্ধ
-
অসমৰ গামোচা
অসমৰ গামোচা অসমীয়াসকলৰ দৈনন্দিন ব্যৱহাৰ, ধৰ্মীয় আচাৰ আৰু সামাজিক সন্মান—এই তিনিও ক্ষেত্ৰতে বহুলভাৱে জড়িত এক পৰম্পৰাগত বস্ত্ৰ। বগা কাপোৰত ৰঙা (কেতিয়াবা সেউজীয়া) পাৰি আৰু বোৱা নক্সাৰ সংমিশ্ৰণে ইয়াক অসমীয়াৰ পৰিচয়-চিহ্ন হিচাপে স্বীকৃতি দিছে; ১৩ ডিচেম্বৰ ২০২২ তাৰিখে ই ভৌগোলিক স্বীকৃতি (GI)…
-
মেখেলা চাদৰ
মেখেলা চাদৰ অসমৰ মহিলাসকলৰ এক পাৰম্পৰিক পৰিধেয় বস্ত্ৰ, যি দুটা মুখ্য অংশ—মেখেলা আৰু চাদৰ—ৰ সমাহাৰ। ই পৰিধান-পদ্ধতি, তাঁতশালত বোৱা নক্সা, আৰু কপাহ-ৰেচমভিত্তিক কাঁচামালৰ বাবে অসমীয়া বস্ত্ৰ-সংস্কৃতিত বিশেষ গুৰুত্ব বহন কৰে।
-
ধুতি
ধুতি বা চুৰিয়া হৈছে এক বস্ত্ৰ বিশেষ। ই ভাৰতীয় মূলৰ এক পৰম্পৰাগত কাপোৰ। ভাৰতীয় পুৰুষে দৈনন্দিনৰ বস্ত্ৰ হিচাপে বা পৰম্পৰাগত ভাৱে কোনো বিশেষ অনুষ্ঠান যেনে: বিবাহ ইত্যাদিত ধুতি পৰিধান কৰে। ভাৰতৰ বিভিন্ন স্থানত ইয়াক বিভিন্ন নামেৰে জনা যায়। পুৰুষ সকলে কঁকালৰ পৰা নিম্ন অংশ ঢাকিবলৈ এই ধুতি পৰিধান কৰে।
-
ওৰণি
ওৰণি (Veil) হৈছে এক কাপোৰৰ আৱৰণ, যি মূৰ বা মুখৰ কিছু অংশ ঢাকিবলৈ ব্যৱহাৰ হয়। ইউৰোপ, এছিয়া আৰু আফ্ৰিকাৰ সমাজত এই আৱৰণৰ এক দীঘলীয়া ইতিহাস আছে। ওৰণিৰ স্থায়ী ধৰ্মীয় গুৰুত্বৰ উপৰিও, বিবাহৰ ৰীতি-নীতিৰ দৰে কিছুমান আধুনিক ধৰ্মনিৰপেক্ষ প্ৰসংগতো ইয়াৰ এক বিশেষ ভূমিকা আছে।
-
খাদী
খাদী বা খদ্দৰ হৈছে ভাৰতীয় উপমহাদেশৰ পূৱ অঞ্চলৰ পৰা আৰম্ভ হোৱা হাতেৰে বোৱা প্ৰাকৃতিক আঁহৰ কাপোৰ। খাদী মুখ্যতঃ পূব ভাৰত, উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত উৎপাদিত হৈছিল যদিও বৰ্তমান বিস্তৃতভাৱে ভাৰত আৰু পাকিস্তানত ব্যৱহাৰ কৰা হয়। খাদী কাপোৰ সাধাৰণতে কপাহৰ পৰা বোৱা হয় যদিও ৰেচম আৰু ঊলৰ ব্যৱহাৰো কৰা হয়।
-
চাদৰ
চাদৰ হৈছে এবিধ বহল আৰু দীঘলীয়া কাপোৰ বিশেষ। বিশেষকৈ অসমীয়া তিৰোতা মানুহে পৰিধান কৰা মেখেলা-চাদৰৰ এক অংশ। মেখেলা আৰু চাদৰ মিলি এক সংহতি গঠন কৰে। চাদৰখন শৰীৰৰ ওপৰ অংশত পৰিধান কৰা হয়।
-
হিজাব
হিজাব (আৰবী: حجاب, ৰোমানীকৃত: ḥijāb, ) হৈছে মুছলমান মহিলাই পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। এই বস্ত্ৰ মূৰৰ আৱৰণ হিচাপে পৰিধান কৰা হয়। এই বস্ত্ৰৰ সৈতে পৰম্পৰাগত ইহুদী মহিলাসকলে পিন্ধা টিচেল (tichel) বা স্নোড (snood), কিছুমান খ্ৰীষ্টান মহিলাই পিন্ধা মেণ্টীলা (mantilla), এপষ্টলনিক (apostolnik) আৰু…
-
বোৰ্খা
বোৰ্খা (Burqa) হৈছে মধ্য এছিয়াৰ এক বাহ্যিক পোছাক যিয়ে কিছুমান মুছলমান পৰম্পৰামতে মহিলাৰ শৰীৰ আৰু মুখ আৱৰি ৰখাত সহায় কৰে। ইছলামৰ বেছিভাগ আলোচনাত, পৰ্দা প্ৰণালীটো বোৰ্খাৰ দ্বাৰা উদাহৰণ দিয়া হয়, যি দীঘল আৱৰণে এগৰাকী মহিলাক মূৰৰ পৰা ভৰিলৈকে আৱৰি ৰাখে।
-
চেলেং
চেলেং বা চেলেং চাদৰ শৰীৰৰ ওপৰ অংশত পৰিধান কৰা এবিধ অসমীয়া পৰম্পৰাগত বস্ত্ৰ। সাধাৰণতে দেহৰ সন্মুখৰ ফালে এটা অংশ ৰাখি লৈ বাঁও কান্ধেৰে পিঠিৰ ফালে চেলেঙৰ আনটো অংশ ওলোমাই লোৱা হয়। অসমীয়া সংস্কৃতিত চেলেং চাদৰক এক সন্মানীয় সাজৰূপে গণ্য কৰা হয়। চেলেঙসমূহ সাধাৰণতে পাট বা কপাহী সূতাৰে তৈয়াৰ কৰা হয়।
-
দুপাট্টা
দুপাট্টা বা দোপাট্টা (Dupatta) ভাৰতীয় উপমহাদেশত নাৰীসকলৰ মূৰ আৰু বুকু ঢাকিবলৈ ব্যৱহৃত এবিধ পৰম্পৰাগত বস্ত্ৰ; যাক হিন্দু সংস্কৃতিৰ এক অংশ হিচাপে বিবেচনা কৰা হয়। দুপাট্টা আজিকালি চেলোৱাৰ-কামিজ, কুৰ্টা বা ঘাগৰাৰ সৈতে বহুলভাবে ব্যৱহাৰ কৰা দেখা যায়।
-
বৃন্দাবনী বস্ত্ৰ
বৃন্দাৱনী বস্ত্ৰ ( Brindavoni Bastra) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত অসমীয়া শিপিনিয়ে বৈ উলিওৱা এখন দীঘলীয়া বস্ত্ৰ। বস্ত্ৰখনত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহৰ চিত্ৰসহ বৰ্ণনা কৰা আছে।
-
লেহেংগা
লেহংগা (হিন্দী: लेहंगा), লেহেংগা বা লাংগা (ঘগ্ৰা, চানিয়ো, পাৰো, পাৱড়া, বা লাচা বুলিও জনা যায়) হৈছে ভাৰতীয় উপমহাদেশৰ মহিলা সকলে পৰিধান কৰা গোৰোহালৈকে দীঘল স্কাৰ্টৰ এটা প্ৰকাৰ। লেহেংগা সজ্জিত কৰিবলৈ পৰম্পৰাগত এম্ব্ৰয়ডাৰীৰ বিভিন্ন আৰ্হি আৰু শৈলী ব্যৱহাৰ কৰা হয়।
-
লুঙী
লুঙী বা লুঙ্গি পুৰুষসকলে পৰিধান কৰা এখন বস্ত্ৰ৷ লুঙী ভাৰত, বাংলাদেশ, শ্ৰীলংকা, ম্যানমাৰ আদি দেশত প্ৰচুৰ পৰিমানে প্ৰচলিত৷ লুঙীক ম্যানমাৰত লোঙ্গাই বোলে৷ ই ম্যানমাৰৰ জাতীয় পোছাক হিচাপে স্বীকৃত৷ অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ আবাসভূমি৷ ইয়াত প্ৰত্যেকৰে সাজপাৰৰ কিছুমান নিজা বৈশিষ্ট আছে৷ অসমলৈ প্ৰব্ৰজন কৰা…
-
উত্তৰীয়
উত্তৰীয় (Uttariya) শৰীৰৰ ওপৰৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ইয়াক ডিঙিৰ পিছফালৰ পৰা দুয়োটা বাহুৰে পাক কৰি এফাল কাপোৰ পিঠিৰ ফালে পেলাই আৰু আনফালে শৰীৰৰ ওপৰৰ অংশৰ আধালৈ ওলোৱাই পিন্ধা হয়। উত্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই চেলেং বা ওৰণি সৈতে একে।
-
নেহৰু জেকেট
নেহৰু জেকেট হৈছে পুৰুষ বা মহিলা উভয়ে পৰিধান কৰিব পৰা নিতম্বৰ দৈৰ্ঘ্যৰ এটা চিলোৱা কোট, মেণ্ডেৰিন ৰংযুক্ত আৰু ইয়াৰ সন্মুখভাগ ভাৰতীয় আচকান বা শ্বেৰৱানীৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে। সাধাৰণতে ১৯৪৭ চনৰ পৰা ১৯৬৪ চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে এই জেকেট পিন্ধিছিল।
-
মেখেলা
অসমীয়া মহিলাৰ জাতীয় পোছাক হ’ল মেখেলা চাদৰ। তাৰে অধোবস্ত্ৰ ৰূপ মেখেলা পৰিধান কৰা হয়। মেখেলা শব্দৰ মূল সংস্কৃত 'মেখলা'। অধোবস্ত্ৰ আৰু কঁকালত মেৰিউৱা মেখলাৰ ধাৰণাটো বৈদিক যুগৰে। এসময়ত অধোবস্ত্ৰ ৰূপে 'মেখলা' স্ত্ৰী-পুৰুষ নিৰ্বিশেষে পৰিধান কৰিছিল।
-
হানবক
হানবক কোৰিয়ান জনসাধাৰণৰ পৰম্পৰাগত সাজ-পোছাক। হানবক শব্দটো মূলতঃ দক্ষিণ কোৰিয়াৰ লোকে ব্যৱহাৰ কৰে; উত্তৰ কোৰিয়াৰ লোকসকলে কাপোৰক chosŏn-ot (কোৰিয়ান কাপোৰ) বুলি কয়। কোৰিয়াৰ প্ৰব্ৰজনকাৰীসকলেও এই কাপোৰ পিন্ধে, বিশেষকৈ চীনৰ কোৰিয়ানসকলে। কোৰিয়ানসকলে প্ৰাচীন কালৰ পৰাই হানবক পিন্ধি আহিছে।
-
আনাকাটা
নামনি অসমত প্ৰচলিত আনাকাটা এবিধ পৱিত্ৰ (নামনি অসমৰ পৰম্পৰামতে) বস্ত্ৰ। আনাকাটা গামোচা নামনি অসমত মাংগলিক কাৰ্যত ব্যৱহৃত হয়৷ বিয়া, লগুণ গাঁঠি দিয়া, দৰা আদৰা, নোওৱা, পঞ্চামৃত খুওৱা, অন্নপ্ৰাসন, চূড়াকৰণ আদি সকলো মাংগলিক কাৰ্যত আনাকাটা কাপোৰ অপৰিহাৰ্য৷ ইয়াৰ আকাৰ বিভিন্ন হ’ব পাৰে।
-
আৰ্নাই
আৰ্নাই একপ্ৰকাৰৰ কাপোৰ বিশেষ। ই বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত বস্ত্ৰ। হস্তচালিত তাঁতশাল বা মেচিন শালৰ সহায়ত ইয়াক প্ৰস্তুত কৰা হয়। ই এখন সৰু স্কাৰ্ফ। ইয়াক পুৰুষ আৰু মহিলা উভয়ে পৰিধান কৰে। বড়ো পৰম্পৰা অনুসৰি আৰ্নাই পৰম্পৰাগতভাৱে পৰিধান কৰাৰ উপৰি, প্ৰিয়জনক উপহাৰ স্বৰূপে ভেদ কৰা হয়।
-
চুৰিদাৰ
চুৰিদাৰ, যাক চুৰিদাৰ পায়জামা বুলিও কোৱা হয়, দক্ষিণ এছিয়াত পুৰুষ আৰু মহিলা উভয়েই পৰিধান কৰা আঁঠুৰ লগত লগ থকা পেণ্ট। চুৰিদাৰ হৈছে সাধাৰণ ছালোৱাৰৰ এটা ৰূপভেদ। ছালোৱাৰ ওপৰত বহল আৰু তলত সৰু হয়। চুৰিদাৰ আৰু বেছি সোনকালে সৰু হৈ পৰে, যাৰ ফলত ভৰিৰ গঠন প্ৰকাশ পায়।
-
ছাৰং
ছাৰং (ইংৰাজী: sarong; /səˈrɒŋ/) হৈছে দক্ষিণ-পূব এছিয়া, দক্ষিণ এছিয়া, পশ্চিম এছিয়া, উত্তৰ আফ্ৰিকা, পূব আফ্ৰিকা, পশ্চিম আফ্ৰিকা আৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহ বহু অঞ্চলত প্ৰায়ে কঁকালত মেৰিয়াই পৰিধান কৰা এবিধ দীঘল চুঙাকৃতিৰ বস্ত্ৰ।
-
পোছাক
পোছাক (Poshak; पोशाक), যাক বস্ত্ৰ বুলিও কোৱা হয় হৈছে বৈদিক যুগত ব্যৱহৃত সম্পূৰ্ণ সাজ-পোছাকৰ বাবে ব্যৱহৃত হিন্দী শব্দ। খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত সংস্কৃত সাহিত্য আৰু বৌদ্ধ পালি সাহিত্যত উল্লেখ কৰা অনুসৰি খ্ৰীষ্টপূৰ্ব ১৫০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ৩৫০ চনলৈকে বৈদিক আৰু উত্তৰ-বৈদিক যুগৰ অন্তৰ্গত সাজ-পোছাকত…
-
কেবায়া
কেবায়া (ইংৰাজী: kebaya) হৈছে দক্ষিণ-পূব এছিয়াৰ মহিলাসকলে পৰম্পৰাগতভাৱে পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ। ব্ৰুণেই,ইণ্ডোনেছিয়া, মালয়েছিয়া, ছিংগাপুৰ আৰু দক্ষিণ থাইলেণ্ডত মহিলাসকলে কেবায়া পৰিধান কৰে। দক্ষিণ ফিলিপাইন আৰু কম্বোডিয়াৰ কিছু অঞ্চলতো কেবায়া পৰিধান কৰা হয়।
-
দখনা
দখনা (दख'ना; Dokhona) বড়ো মহিলাই কঁকালত মেখেলাৰ দৰে মেৰাই বুকু-পিঠি আৱৰি পিন্ধা এবিধ পাৰম্পৰিক জনজাতীয় কাপোৰ। বড়ো তিৰোতাই বুকুত দখনা মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। দখনা বড়ো জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতীক।
-
বক্ষবন্ধনী
বক্ষবন্ধনী হ'ল নাৰীৰ অন্তৰ্বাস যিয়ে সিহঁতৰ স্তনযুগল সঠিক স্থানত ৰখাত সহায়তা কৰে। ইংৰাজীত ইয়াক brassiere (সংক্ষেপে bra), হিন্দীত চোলী আৰু বাংলাত বক্ষবন্ধনী বা কাচুলি বুলি কয়।
-
হাঁচতি
হাঁচতি বা হাঁচটি এখন ক্ষুদ্ৰ বস্ত্ৰ৷ হাঁচতি অসমীয়া গীতিসাহিত্যৰ সমল আৰু লোক-সংস্কৃতিৰ অংগ স্বৰূপ। আগৰ দিনত তামোল-পাণ বান্ধি নিবলৈ হাঁচতি ব্যৱহাৰ কৰা হৈছিল৷ সোণোৱাল জনগোষ্ঠীৰ লোকে পছন্দ হোৱা ছোৱালী খোজা-বঢ়া কৰিবলৈ দৰাৰ মাক-বাপেক আৰু গাঁৱৰ বয়সীয়াল লোক এজনে ডেৰফুট দৈৰ্ঘ আৰু একফুট বহল…
-
ৰিহা
ৰিহা অসমীয়া গোপিনী-বোৱাৰীয়ে পিন্ধা এবিধ পৰম্পৰাগত সাজ। ই এবিধ উত্তৰীয় বস্ত্ৰ। ইয়াক কাঁচলি বুলিও জনা যায়। পুৰণি অসমীয়া সমাজত মহিলাই মেখেলাৰ ওপৰত ৰিহা পিন্ধিছিল। বক্ষস্থল আগুৰিবৰ বাবে চোলাতকৈ ৰিহাৰ ব্যৱহাৰ বেছি আছিল। ৰিহাখনে কঞ্চুলিকা বা স্তনাভৰণৰ লগতে পিঠিভাগো আবৃত কৰি ৰাখিছিল।
-
অন্তৰীয়
অন্তৰীয় (Antariya) শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপাহৰ এখন দীঘল বগা বা ৰঙীন পটি আৰু ভৰিবোৰ ঢিলাকৈ ঢাকি ৰাখে। ইয়াৰ লগতে ভৰিৰ সন্মুখত দীঘল কোঁচ হিচাপে প্ৰবাহিত হয়। অন্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই ধুতিৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়।
-
আও দাই
আও দাই (Áo dài) হৈছে ভিয়েটনামী পৰম্পৰাগত সাজ-পোছাক, সকলো পৰম্পৰাগত সাজ-পোছাকৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। ইয়াত ট্ৰাউজাৰ এযোৰৰ ওপৰত পিন্ধা গোৰোহাৰ দৈৰ্ঘ্যৰ টিউনিক থাকে, চাৰ্টৰ তলৰ অৰ্ধেক অংশ দুটা পোন ফ্লেপত বিভক্ত, সন্মুখ আৰু পিছফালে, এইটো সমগ্ৰ সাজ-পোছাকৰ এটা বৈশিষ্ট্যপূৰ্ণ বৈশিষ্ট্য।
-
কেম্বেন
কেম্বেন (জাভানিজ: ꦏꦼꦩ꧀ꦧꦼꦤ꧀, ইণ্ডোনেছিয়ান: kemban) হৈছে জাভা, বালি আৰু ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জৰ অন্যান্য অংশত ঐতিহাসিকভাৱে সাধাৰণ ইণ্ডোনেছিয়ান মহিলাই শৰীৰত মেৰিয়াই লোৱা বস্ত্ৰ বিশেষ। এই বস্ত্ৰ সাধাৰণ, বাটিক প্ৰিণ্টেড, ভেলভেট বা যিকোনো ধৰণৰ কাপোৰৰ পৰা তৈয়াৰ কৰা হয়।