ভাৰতৰ শৈক্ষিক প্ৰতিষ্ঠান
৩০ প্ৰবন্ধ
-
কলিকতা বিশ্ববিদ্যালয়
কলিকতা বিশ্ববিদ্যালয় (University of Calcutta) পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত এখন ৰাজহুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। ১৮৫৭ চনৰ ২৪ জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল। এইখন এছিয়া মহাদেশৰ অন্যতম প্ৰথম বহুবিভাগীয় পাশ্চাত্যশৈলী বিশ্ববিদ্যালয়।
-
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান
ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (Indian Institute of Science,IISc) বাংগালোৰত অৱস্থিত এটি উচ্চ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। উদ্যোগপতি জামচেদজী টাটা, স্বামী বিবেকানন্দ, মাইচোৰৰ ৰজা শ্ৰী কৃষ্ণৰাজা উদিয়াৰ আৰু তেখেতৰ মাতৃ, ভাৰতৰ ভাইচৰয় লৰ্ড কাৰ্জন আদিৰ সহযোগ আৰু পৃষ্ঠপোষকতাত প্ৰতিষ্ঠানটি ১৯০৯ চনৰ ২৭ মে'ত…
-
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (Jawaharlal Nehru University, ISO: Javāharalāla Neharū Viśvavidyālaya) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়। এইখন ১৯৬৯ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামাকৰণ কৰা হয়।
-
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান
ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (Film and Television Institute of India বা চমুকৈ FTII) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ আৰু ভাৰত চৰকাৰৰ দ্বাৰা সাহায্যপ্ৰাপ্ত এক স্বয়ংশাসিত প্ৰতিষ্ঠান। ই পুনেৰ পূৰ্বৰ প্ৰভাত ফিল্ম কোম্পানীৰ পৰিসৰত অৱস্থিত। ১৯৬০ চনত আৰম্ভ হোৱাৰ পিছত, এফ.
-
শান্তিনিকেতন
শান্তিনিকেতন (Santiniketan, শান্তিনিকেতন) পশ্চিমবংগ ৰাজ্যৰ অন্তৰ্গত বীৰভূম জিলাৰ বোলপুৰ চহৰত অৱস্থিত আশ্ৰম আৰু শিক্ষাকেন্দ্ৰ। ১৮৬৩ চনত ৰবীন্দ্ৰনাথৰ পিতা দেবেন্দ্ৰনাথ ঠাকুৰে ঈশ্বৰচিন্তা আৰু ধৰ্ম আলোচনা কৰাৰ উদ্দেশ্যত বোলপুৰ চহৰৰ উত্তৰ অংশত এই আশ্ৰমখনৰ প্ৰতিষ্ঠা কৰিছিল।
-
টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান
টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠান ভাৰতবৰ্ষৰ মুম্বাই আৰু হায়দৰাবাদত অৱস্থিত এক গৱেষণা কেন্দ্ৰ। ইয়াত মূলতঃ গণিত আৰু বিজ্ঞানৰ গৱেষণাৰ বাবে উৎসৰ্গিত অনুষ্ঠান। ভাৰতবৰ্ষৰ আণৱিক শক্তি বিভাগৰ দ্বাৰা পৰিচালিত প্ৰতিষ্ঠানটি স্বতন্ত্ৰ আৰু ই মুম্বাইৰ কলৱাৰ নেৱী নগৰত আৰু হায়দৰাবাদৰ নাৰ্ছিঙীত অৱস্থিত।
-
বেথুন কলেজ
বেথুন কলেজ ভাৰতৰ কলকাতাত অৱস্থিত এখন মহিলা মহাবিদ্যালয়। ১৮৪৯ চনত এইখন বালিকা বিদ্যালয় হিচাপে স্থাপন কৰা হৈছিল। পিছলৈ ১৮৭৯ চনত ইয়াক মহাবিদ্যালয়লৈ উন্নীত কৰা হয়। কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বেথুন কলেজ এছিয়াৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়।
-
ভাৰতীয় বিজ্ঞান একাডেমী
১৯৩৪ চনৰ ২৭ এপ্ৰিল তাৰিখে ছাৰ চি ভি ৰমণে ভাৰতীয় বিজ্ঞান একাডেমী (Indian Academy of Sciences) প্ৰতিষ্ঠা কৰে। সেই বছৰৰে ৩১ জুলাই তাৰিখে ৬৫ জন সদস্যৰে সৈতে প্ৰতিষ্ঠানটোৰ শুভাৰম্ভণি কৰা হয়। সেইদিনাই অনুষ্ঠিত হোৱা এখন সভাত ছাৰ চি ভি ৰমণক প্ৰতিষ্ঠানটোৰ সভাপতিৰূপে নিৰ্বাচিত কৰি সংবিধানখনো ৰচনা কৰা হয়।
-
জ্যোতি নিবাস কলেজ
জ্যোতি নিবাস কলেজ (স্বায়ত্তশাসিত) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত কেথলিক মহিলা উচ্চ শিক্ষানুষ্ঠান। ১৯৬৬ চনত চিষ্টাৰছ অৱ ছেইণ্ট জোচেফৰদ্বাৰা স্থাপিত এই মহাবিদ্যালয়খনে কলা, বিজ্ঞান, বাণিজ্য আৰু পৰিচালনাৰ ক্ষেত্ৰত স্নাতক, স্নাতকোত্তৰ আৰু বৃত্তিমূলক কাৰ্যসূচী আগবঢ়ায়।
-
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান (আই এছ আই.) হ'ল ১৯৫৯ চনৰ সংসদীয় আইনৰ দ্বাৰা ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে স্বীকৃতিপ্ৰাপ্ত এটি উচ্চশিক্ষা প্ৰতিষ্ঠান।কলকাতাৰ প্ৰেচিডেন্সি বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা গৱেষণাগৰত প্ৰশান্ত চন্দ্ৰ মহালানবিছৰ তত্ত্বাৱধানত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল।
-
জৱাহৰ নৱোদয় বিদ্যালয়
জৱাহৰ নৱোদয় বিদ্যালয় (Jawahar Navodaya Vidyalaya) হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা। তামিলনাডু ৰাজ্যক বাদ দি ভাৰতৰ বাকী সকলো ৰাজ্য আৰু কেন্দ্ৰ শাসিত প্ৰদেশতে বিভিন্ন জিলাত এই বিদ্যালয় আছে।
-
শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয়
শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় বা চমুকৈ এছএনডিটি মহিলা বিশ্ববিদ্যালয় ভাৰতৰ মুম্বাইত অৱস্থিত এখন মহিলা বিশ্ববিদ্যালয়। ১৯১৬ চনত ধন্দ কেশৱ কৰ্ৱেয়ে ইয়াৰ স্থাপন কৰিছিল। বিশ্ববিদ্যালয় খনৰ মুখ্য কাৰ্যালয় দক্ষিণ মুম্বাইৰ চাৰ্চগেটত অৱস্থিত।
-
জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ
জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ (চমুকৈ জে এন চি এ এছ আৰ) এক বহু শৈক্ষিক বিষয় (ইংৰাজী: multidisciplinary) বিশিষ্ট গৱেষণা প্ৰতিষ্ঠান। স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ…
-
ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান
ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনস্থ এটি স্বায়ত্ত্বশাসিত শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠান। ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানত বন্যজীৱৰ সৈতে জড়িত বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক গৱেষণা হয়।
-
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ
ৰাষ্ট্ৰীয় জীৱবিজ্ঞান কেন্দ্ৰ (ইংৰাজী: National Centre for Biological Sciences), চমুকৈ NCBS,কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত জীৱবিজ্ঞানৰৰ গৱেষণাৰ বাবে বিশেষীকৃত এটি গৱেষণা কেন্দ্ৰ।
-
বন গৱেষণা প্ৰতিষ্ঠান
বন গৱেষণা প্ৰতিষ্ঠান (Forest Research Institute) হৈছে 'ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা' (Indian Council of Forestry Research and Education)-ৰ অন্তৰ্গত বন গৱেষণাৰ ক্ষেত্ৰত প্ৰথমখন তথা প্ৰধান গৱেষণা প্ৰতিষ্ঠান। ই উত্তৰাখণ্ডৰ ডেহৰাডুন চহৰত অৱস্থিত।
-
কস্তুৰবা গান্ধী বালিকা বিদ্যালয়
কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (Kasturba Gandhi Balika Vidyalaya) ভাৰতৰ পিছপৰা শ্ৰেণীৰ বাবে ভাৰত চৰকাৰে স্থাপন আৰু পৰিচালনা কৰা আৱাসিক ছোৱালী মাধ্যমিক বিদ্যালয়।
-
ৰমন গৱেষণা প্ৰতিষ্ঠান
১৯৪৮ চনত বাংগালোৰত ৰমণ গৱেষণা প্ৰতিষ্ঠান (Raman Research Institute) স্থাপিত হয়। বৈজ্ঞানিক গৱেষণাৰ অৰ্থে প্ৰতিষ্ঠা হোৱা এই প্ৰতিষ্ঠানটো পোন প্ৰথমে ছাৰ চি ভি ৰমণে নিজাকৈ চলাই আছিল যদিও বৰ্তমানে ই ভাৰত চৰকাৰৰ অধীস্থিত।
-
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়
ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।
-
আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ
আন্তঃৰাষ্ট্ৰীয় তাত্বিক বিজ্ঞান কেন্দ্ৰ (ইংৰাজী: International Centre for Theoretical Sciences) টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা স্থাপিত এটা বিজ্ঞান গৱেষণা কেন্দ্ৰ। এই কেন্দ্ৰৰ নিৰ্মীয়মান চৌহদ বাংগালোৰৰ হেছাৰাঘাটা অঞ্চলত অৱস্থিত।
-
আলফ্ৰেড হাইস্কুল
ৰাজকোটৰ আলফ্ৰেড হাইস্কুল (মোহনদাস গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়) ভাৰতৰ আটাইতকৈ পুৰণি শিক্ষা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম।
-
ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট
ইণ্ডিয়ান ইনষ্টিটিউট অফ প্লেনিং এণ্ড মেনেজমেণ্ট ভাৰতৰ ৰাজধানী নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা এখন মান্যতাবিহীন প্ৰতিষ্ঠান, সমগ্ৰ দেশ জুৰি ১৮টা শাখা আছিল। প্ৰতিষ্ঠানখন মিছা বিজ্ঞাপন আৰু প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ বাবে বহুলভাবে সমালোচিত হৈছে।
-
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
কৃষ্ণাদেৱৰায়া দন্তচিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (ইংৰাজী: Krishnadevaraya College of Dental Sciences and Hospital; কান্নাড়া: ಕೃಷ್ಣದೇವರಾಯ ದಂತ ವಿಜ್ಞಾನ ಮಹಾವಿದ್ಯಾಲಯ ಮತ್ತು ಆಸ್ಪತ್ರೆ) বাংগালোৰত অৱস্থিত দন্ত চিকিৎসাবিজ্ঞানৰ এখন ব্যক্তিগত মহাবিদ্যালয়।
-
গান্ধী তীৰ্থ
গান্ধী তীৰ্থ (গান্ধী ৰিচাৰ্চ ফাউণ্ডেচন, Gandhi Research Foundation) হৈছে ভাৰতৰ মহাৰাষ্ট্ৰৰ জলগাৱত মহাত্মা গান্ধীৰ ওপৰত এক গৱেষণা প্ৰতিষ্ঠান আৰু সংগ্ৰাহালয়। গান্ধী ফাউণ্ডেচনৰ দ্বাৰা ইয়াৰ গঠন আৰু প্ৰচাৰ কৰা হৈছিল। ই অজন্তা গুহাৰ পৰা ৬০ কিঃমিঃ দূৰত অৱস্থিত।
-
চেন্নাই গাণিতীয় প্ৰতিষ্ঠান
চেন্নাই গাণিতীয় প্ৰতিষ্ঠান (Chennai Mathematical Institute) হৈছে ভাৰতবৰ্ষৰ চেন্নাইত অৱস্থিত এটা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা হৈছিল ১৯৮৯ চনত, SPIC বিজ্ঞান ফাউণ্ডেচনৰ দ্বাৰা।
-
ডন বস্কো কলেজ, তুৰা
ডন বস্কো কলেজ, তুৰা মেঘালয়ৰ জনসাধাৰণক শিক্ষা প্ৰদানৰ বাবে ১৯৮৭ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনত ১০০ জনতকৈ অধিক শিক্ষক আৰু সহায়ক কৰ্মী নিয়োজিত হৈ আছে। মহাবিদ্যালয়খনত উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে।
-
প্ৰেৰণা গাৰ্লছ স্কুল
প্ৰেৰণা গাৰ্লছ স্কুল'(প্ৰেৰণা ছোৱালী বিদ্যালয়) হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ অসুবিধাগ্ৰস্ত ছোৱালীৰ বাবে এখন ব্যক্তিগত, কম খৰচী, কে-১২ বিদ্যালয়। বিদ্যালয়খনে ছোৱালীৰ শিক্ষাৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে স্বীকৃতি লাভ কৰিছে, আৰু ইয়াক ওবামা ফাউণ্ডেশ্যনৰ গাৰ্লছ অপাৰ্চনিটি এলায়েন্সৰ সৈতে জড়িত এমি…
-
ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ
ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ (Indian Institute of Science Education and Research Berhampur; সংক্ষেপে ইছাৰ বেৰহামপুৰ) এখন ভাৰতীয় স্বয়ংশাসিত শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান।
-
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে।
-
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (ইংৰাজী: Lal Bahadur Shastri National Academy of Administration, সংক্ষেপে LBSNAA) ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডৰ মুচৌৰীত অৱস্থিত।