নাৰী শিক্ষা
২৩ প্ৰবন্ধ
-
মিৰাণ্ডা হাউচ
ভাৰতৰ মিৰাণ্ডা হাউচ হৈছে মহিলাসকলৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়। ১৯৪৮ চনত স্থাপিত এই মহাবিদ্যালয় খনে একেৰাহে সাত বছৰলৈকে (২০২৩ চনলৈকে) দেশৰ মহাবিদ্যালয়সমূহৰ ভিতৰত শীৰ্ষস্থানৰ অধিকাৰী হৈ আছে।
-
ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়
ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়, যাক ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয় বা আই পি মহাবিদ্যালয় বুলিও জনা যায়, হৈছে ভাৰতৰ দিল্লীৰ আটাইতকৈ পুৰণি মহিলা মহাবিদ্যালয়। ১৯২৪ চনত স্থাপিত, এই দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ এখন মহিলা মহাবিদ্যালয়।
-
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (Tarini Choudhury Govt. Girls H.S. & M.P. School) শিক্ষাবিদ তাৰিণী চৰণ চৌধুৰীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। বিদ্যালয়খনে ২০১৯ চনত প্লেটিনাম জয়ন্তী উদযাপনৰ আয়োজন কৰিছিল।
-
ইন্দিৰা গান্ধী দিল্লী মহিলা কাৰিকৰী বিশ্ববিদ্যালয়
ইন্দিৰা গান্ধী দিল্লী মহিলা কাৰিকৰী বিশ্ববিদ্যালয় (Indira Gandhi Delhi Technical University for Women) (আই.জি.ডি.টি.ইউ.) হ'ল দিল্লীৰ কাশ্মীৰী গেটৰ ঐতিহ্য শিৱিৰত অৱস্থিত ভাৰতৰ দিল্লীত অৱস্থিত এখন সৰ্বজনীন মহিলা বিশ্ববিদ্যালয়।
-
উড়ান অভিযান
উড়ান অভিযান হৈছে চিবিএছইৰ এক পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে বঞ্চিত বা পিছপৰা শ্ৰেণীৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ পিছতে পেছাদাৰী শিক্ষালৈ বিশেষকৈ বিজ্ঞান আৰু গণিত ক্ষেত্ৰত আগবাঢ়িবলৈ সুবিধা প্ৰদান কৰা।
-
এডুকেট গাৰ্লছ
এডুকেট গাৰ্লছ (Educate Girls ) হৈছে ভাৰতৰ এটা অলাভজনক সংস্থা, ২০০৭ চনত প্ৰতিষ্ঠা, ছফীনা হুছেইনৰ দ্বাৰা প্ৰতিষ্ঠা, যিয়ে ভাৰতৰ গ্ৰাম্য আৰু শৈক্ষিকভাৱে পিছপৰা অঞ্চলত জনগোষ্ঠীক সংগঠিত কৰি ছোৱালীৰ শিক্ষাৰ দিশত কাম কৰে। বৰ্তমান এই সংস্থা ৰাজস্থান আৰু মধ্যপ্ৰদেশৰ ১৩,০০০ৰো অধিক গাঁৱত কাম কৰি আছে।
-
কন্যাশ্ৰী প্ৰকল্প
কন্যাশ্ৰী হৈছে পশ্চিমবংগ চৰকাৰে কম আয়ৰ পৰিয়ালক নগদ ধনেৰে সহায় কৰি কন্যাসকলৰ জীৱন আৰু মৰ্যাদা উন্নত কৰাৰ বাবে গ্ৰহণ কৰা এক পদক্ষেপ, যাতে পৰিয়ালসমূহে অৰ্থনৈতিক অসুবিধাৰ বাবে নিজৰ কন্যা সন্তানক বাধ্যতামূলক বাল্য বিবাহ কৰিবলৈ বাধ্য নকৰে।
-
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ বা প্ৰগতি
কাৰিকৰী শিক্ষাত ছোৱালীৰ উন্নতিৰ বাবে সহায় প্ৰদান কৰা পদক্ষেপ হৈছে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ 'অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন' (এআইচিটিই) ৰ আঁচনি যিয়ে কাৰিকৰী শিক্ষা গ্ৰহণ কৰিবলৈ বছৰি ৬ লাখতকৈ কম আয়ৰ প্ৰতিটো পৰিয়ালত এগৰাকী ছোৱালী নিৰ্বাচন কৰি সুবিধা প্ৰদান কৰে।
-
চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইন্টিষ্টছ
চেণ্টাৰ ফৰ দ্য হিষ্ট্ৰী অৱ উইমেন ফিল’ছফাৰ্ছ এণ্ড চাইণ্টিষ্টছ (HWPS) হৈছে পাদেৰবৰ্ণ বিশ্ববিদ্যালয়ৰ এক আন্তঃশাখা গৱেষণা কেন্দ্ৰ, যি ঐতিহাসিক মহিলা দৰ্শনবিদ আৰু বিজ্ঞানীসকলৰ কামৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
ছা জা
ছা জা (Chhaa Jaa) (গ’ ফৰ্থ এণ্ড শ্বাইন) হ'ল ভাৰতৰ ডিজিটেল-প্ৰথম যুৱ ব্ৰেণ্ড যিয়ে ছোৱালীসকলক তেওঁলোকৰ জীৱনত বাছনি আৰু পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজনীয় আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰাৰ লক্ষ্য ৰাখে।
-
নাৰী শিক্ষা
নাৰী শিক্ষা হৈছে এনে এক ধাৰণা যিয়ে মূলতঃ নাৰী আৰু শিক্ষাক সংযোগ কৰে। ইয়াৰ এটা ৰূপ পুৰুষৰ সমতুল্য শিক্ষাত মহিলাক অন্তৰ্ভুক্ত কৰাৰ সৈতে জড়িত। আন এটা ৰূপত ইয়াৰদ্বাৰা মহিলাৰ বাবে ৰচনা কৰা বিশেষ শিক্ষা-ব্যৱস্থাক বুজোৱা হয়।
-
নাৰী শিক্ষাৰ আৰ্থ সামাজিক প্ৰভাৱ
নাৰী শিক্ষাৰ আৰ্থ সামাজিক প্ৰভাৱ মহিলা শিক্ষাৰ আৰ্থ-সামাজিক প্ৰভাৱ বিষয়-বস্তু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ গৱেষণাৰ এক উল্লেখযোগ্য ক্ষেত্ৰ। মহিলা শিক্ষাৰ পৰিমাণ বৃদ্ধিৰ অঞ্চলসমূহত উচ্চ পৰ্যায়ৰ উন্নয়নৰ সম্পৰ্ক থকাৰ প্ৰৱণতা থকাতদেখা যায়। ইয়াৰ কিছুমান প্ৰভাৱ অৰ্থনৈতিক বিকাশৰ লগত জড়িত।
-
নাৰী শিক্ষাৰ ওপৰত ক'ভিড ১৯ মহামাৰীৰ প্ৰভাৱ
নাৰী শিক্ষাৰ ওপৰত ক'ভিড ১৯ মহামাৰীৰ প্ৰভাৱ ক’ভিড-১৯ মহামাৰীয়ে মহিলা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলালে। নাৰী শিক্ষাৰ সৈতে অসমান সামাজিক নীতি-নিয়ম আৰু ছোৱালীয়ে সন্মুখীন হোৱা বৈষম্যৰ নিৰ্দিষ্ট ৰূপৰ সম্পৰ্ক আছে।
-
প্ৰেমলীলা বিথালদাস থাকাৰচি
লেডী থাকাৰচি নামেৰে পৰিচিত প্ৰেমলীলা বিথালদাছ (১৮৯৪–১৯৭৭) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু গান্ধীবাদী আছিল নাৰী। শিক্ষাবিদ আৰু দানবীৰ ছাৰ বিথালডাস থাকাৰচিৰ পত্নী আছিল প্ৰেমলীলা বিথালদাস থাকাৰচি। ১৯২৫ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া তেওঁৰ বয়স আছিল ৩১ বছৰ।
-
ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া
ফেমিলী প্লেনিং এছ'ছিয়েছন অৱ ইণ্ডিয়া বা ভাৰতীয় পৰিয়াল পৰিকল্পনা সংস্থা (FPA India) হৈছে ভাৰতৰ পঞ্জীয়নভুক্ত এটা দাতব্য সংস্থা। ১৯৪৯ চনত ধনবন্তী ৰামা ৰাও আৰু অৱবাই বোমাঞ্জী ৱাডিয়াই এই সংস্থাটো প্ৰতিষ্ঠা কৰিছিল।
-
বীৰঝৰা কন্যা মহাবিদ্যালয়, বঙাইগাঁও
বীৰঝৰা কন্যা মহাবিদ্যালয় হৈছে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অসমৰ বঙাইগাঁও জিলাৰ মহিলাৰ উচ্চ শিক্ষানুষ্ঠান আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (KKSHOU)ৰ অধীনত সকলোৰে বাবে মুকলি অধ্যয়ন কেন্দ্ৰ।
-
মহিলা মহাবিদ্যালয়, শিলচৰ
মহিলা মহাবিদ্যালয়, শিলচৰ, ভাৰতৰ অসম ৰ শিলচৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াত ভাষা (ইংৰাজী, বাংলা, হিন্দী, আৰু মণিপুৰী), সমাজ বিজ্ঞান (অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ইতিহাস, আৰু শিক্ষা), আৰু অন্যান্য শাখা (বাণিজ্য, গণসংযোগ, কম্পিউটাৰ প্ৰয়োগ, আৰু পৰিৱেশ…
-
মাদাৰ টেৰেছা মহিলা বিশ্ববিদ্যালয়
মাদাৰ টেৰেছা মহিলা বিশ্ববিদ্যালয় (Mother Teresa Women's University) তামিলনাডু চৰকাৰৰ এখন ৰাজ্যিক বিশ্ববিদ্যালয় আৰু ই দক্ষিণ ভাৰতৰ পালানী পাহাৰৰ কোডাইকানালত অৱস্থিত। ১৯৮৪ চনত তামিলনাডু আইন ১৫ প্ৰণয়নৰ দ্বাৰা ইয়াৰ প্ৰতিষ্ঠা কৰা হয়। ই মহিলা অধ্যয়নৰ পৰামৰ্শদাতা সেৱা আৰু গৱেষণা নিৰীক্ষণ প্ৰদান কৰে।
-
লাডলী লক্ষ্মী যোজনা
লাডলী লক্ষ্মী যোজনা মধ্য প্ৰদেশ চৰকাৰে প্ৰৱৰ্তন কৰা এখন আঁচনি৷ ২০০৭ চনৰ ২ মে'ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ইয়াক উদ্বোধন কৰে, ইয়াৰ পিছত উত্তৰ প্ৰদেশ, বিহাৰ, দিল্লী, ছত্তীশগড়, ঝাৰখণ্ড আৰু গোৱাকে ধৰি অতিৰিক্ত ছখন ৰাজ্যলৈ এই আঁচনি সম্প্ৰসাৰণ কৰা হয়। এইখন আঁচনি ২০০৭ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হয়।
-
সংগীত শিক্ষাত মহিলা
সংগীত শিক্ষাত মহিলা সংগীত শিক্ষাত মহিলাসকলে প্ৰাথমিক বিদ্যালয় আৰু মাধ্যমিক শিক্ষা পৰ্যায়ত সংগীত শিক্ষাত মহিলা সুৰকাৰ, পৰিচালক, শিক্ষক, আৰু শিক্ষা প্ৰশাসকৰ ভূমিকা বৰ্ণনা কৰে।
-
সুবাৰবন ৰিডিং ক্লাব
সুবাৰবন ৰিডিং ক্লাব (বাংলা: সুবাব়বন ব়ীডিং ক্লাব) ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ অন্যতম পুৰণি পুথিভঁৰাল। ১৮৮৮ চনত বেলিয়াঘাটা নৰকেলডাংগা অঞ্চলৰ নৰকল্ডাংগা হাইস্কুলৰ এটা সৰু কোঠাত সুবাৰবন ৰিডিং ক্লাব প্ৰতিষ্ঠা কৰা হয়।
-
সৌৰ মা
সৌৰ মা (Solar Mamas) হ'ল ভাৰতৰ বেয়াৰফুট কলেজত সৌৰ কাৰ্যসূচীৰ কাৰিকৰী বিদ্যাবিদ হিচাপে হাতে কামে প্ৰশিক্ষণ লোৱা বিভিন্ন দেশৰ মহিলাসকলক দিয়া মৰমতে দিয়া নাম।
-
হলি চাইল্ড স্কুল গুৱাহাটী
হলি চাইল্ড স্কুল ভাৰতৰ অসমৰ গুৱাহাটীত অৱস্থিত কেথলিক পৰিচালিত কনভেণ্ট স্কুল৷ ১৯৭০ চনত চেলেচিয়ানছ চিষ্টাৰছৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এইখন আধুনিক শিক্ষাবিদ চেণ্ট জন বস্কোৰ নীতি আৰু পদ্ধতি অনুসৰি পৰিচালিত হয়।