চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ এখন অসমৰ চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়। ২০১৮ চনত অসম চৰকাৰে কাছাৰ জিলাৰ শিলচৰত এই মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰে।
মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী প্ৰদান কৰে। চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয় শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত আৰু ভাৰতীয় দন্ত পৰিষদৰ পৰা স্বীকৃতি প্ৰাপ্ত।১
শিক্ষা
এই মহাবিদ্যালয়খনে ৫ বছৰীয়া দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমত নামভৰ্তি ৰাষ্ট্ৰীয় পাত্ৰতা আৰু প্ৰৱেশ পৰীক্ষা(NEET)ৰ ফলাফলৰ ওপৰত আধাৰিত। ই অসম চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
পাঠ্যক্ৰম
- দন্ত চিকিৎসা বিজ্ঞানৰ স্নাতক - ৫০ খন আসন২
তথ্যসূত্ৰ
- ↑ about us. ssuhs.in
- ↑ Two more dental colleges in the offing. sentinelassam.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৰকাৰী দন্ত চিকিৎসা মহাবিদ্যালয়, শিলচৰ” প্ৰবন্ধৰ সংশোধন ১৯৮১৬২ (২৪ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।