যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠান
২১ প্ৰবন্ধ
-
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়
জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় অসমৰ যোৰহাট চহৰত অৱস্থিত এক ঐতিহাসিক উচ্চশিক্ষা প্ৰতিষ্ঠান, যাৰ আৰম্ভণি ১৯৩০ চনত উজনি অসমৰ প্ৰথম মহাবিদ্যালয় হিচাপে হৈছিল। দীৰ্ঘকাল ধৰি মহাবিদ্যালয় ৰূপে শিক্ষাদান কৰাৰ পাছত ই বিশ্ববিদ্যালয়লৈ উন্নীত হয় আৰু মান-নিৰ্ণায়ন ব্যৱস্থাত NAAC-ৰ A গ্ৰেড লাভ কৰিছে।
-
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় অসমৰ যোৰহাট চহৰত অৱস্থিত এখন ঐতিহাসিক শিক্ষাপ্ৰতিষ্ঠান। ১৮৮৩ চনত ব্ৰিটিছ শাসনকালত স্থাপিত এই বিদ্যালয়ে অসমীয়া মাধ্যমৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ লগতে বহুমুখী ধাৰাৰ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা ৰাখিছে।
-
অসম কৃষি বিশ্ববিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয় (Assam Agricultural University) অসমৰ একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয়খনে অসমত কৃষি-শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে।
-
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়
যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় অসম চৰকাৰৰ দ্বাৰা ১৯৬০ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াত (২০১২ চনৰ মতে) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত মেকানিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ চাইন্স এণ্ড ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিং -অৰ স্নাতক…
-
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (North East Institute of Science and Technology; পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ) হৈছে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of Scientific and Industrial Research চমুকৈ CSIR) অধীনস্থ উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ আঞ্চলিক গৱেষণাগাৰ।
-
যোৰহাট চিকিৎসা মহাবিদ্যালয়
যোৰহাট চিকিৎসা মহাবিদ্যালয় (Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। ই সমগ্ৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু মাজুলীৰ লগতে চুবুৰীয়া নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ লোকৰ স্বাস্থ্য সেৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।
-
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান
টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান (Tocklai Tea Research Institute) ১৯১১ চনত যোৰহাটৰ টোকোলাই নৈৰ পশ্চিম পাৰত অসমৰ গৰ্ব সেউজীয়া সোণ চাহৰ উৎপাদন আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত বিস্তাৰ ভাৱে গৱেষণা চলাবৰ বাবে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ চাহ বাগিচাসমূহক সামৰি বৰ্তমানৰ টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰা…
-
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়
দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয় বা ডিচিবি গাৰ্লছ কলেজ যোৰহাটৰ কৃষ্ণকান্ত সন্দিকৈ পথত অৱস্থিত এখন চৰকাৰী মহাবিদ্যালয়। ১৯৫৫ চনত স্থাপিত এই মহাবিদ্যালয়খন উজনি অসমৰ প্ৰথমখন মহিলা মহাবিদ্যালয়।
-
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো।
-
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ
আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, তিতাবৰ (Regional Agricultural Research Station, Titabar), ১৯২৩ চনত সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ ধানৰ গৱেষণাৰ বাবে যোৰহাট জিলাৰ তিতাবৰত স্থাপন কৰা হৈছিল। পূৰ্বতে ইয়াৰ নাম ধান গৱেষণা কেন্দ্ৰ আছিল। ১৯৬৯ চনৰপৰা ইয়াৰ প্ৰশাসনিক দায়িত্বত আছে অসম কৃষি বিশ্ববিদ্যালয়।
-
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ যোৰহাট জিলাত অৱস্থিত।
-
যোৰহাট মহাবিদ্যালয় (একত্ৰিত)
যোৰহাট মহাবিদ্যালয় (একত্ৰিত) (Jorhat College(Amalgamated)) যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত কেৱল কলা শাখাৰ এখন স্নাতক মহাবিদ্যালয়। ইয়াত ছাত্ৰ-ছাত্ৰী উভয়ৰে পঢ়াৰ সুবিধা আছে।
-
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় বা চিকেবি কমাৰ্চ কলেজ যোৰহাটত অৱস্থিত এখন চৰকাৰী পোষকতা লাভ কৰা মহাবিদ্যালয়। ১৯৬৫ চনৰ ৬ ফেব্ৰুৱাৰীত যোৰহাট ফাউণ্ডেচন ছচাইটীৰ সহযোগত বাণিজ্যৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হৈছিল।
-
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়
চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰত ১৯৫৯ চনত স্থাপন কৰা হৈছিল। এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।
-
আউনীআটী বিশ্ববিদ্যালয়
আউনীআটী বিশ্ববিদ্যালয় (Auniati University) অসম যোৰহাট জিলাৰ এখন ব্যক্তিগত খণ্ডৰ ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম ব্যক্তিগত বিশ্ববিদ্যালয় আইন ২০০৭ৰ অধীনত সৃষ্টি হোৱা আউনীআটী বিশ্ববিদ্যালয় আইন, ২০২২ৰ জৰিয়তে প্ৰতিষ্ঠা কৰা হৈছিল।
-
কাজিৰঙা বিশ্ববিদ্যালয়
অসম কাজিৰঙা বিশ্ববিদ্যালয় ২০১২ চনত অসম কাজিৰঙা বিশ্ববিদ্যালয় বিধি, ২০১২ অনুসৰি অসমৰ যোৰহাটত স্থাপিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। অসম ব্যক্তিগত বিশ্ববিদ্যালয় বিধি,২০০৭ৰ মতে বিশ্ববিদ্যালয়খন স্থাপন কৰা হৈছিল।
-
নন্দনাথ শইকীয়া মহাবিদ্যালয়
নন্দনাথ শইকীয়া মহাবিদ্যালয় (ইংৰাজী: Nanda Nath Saikia College) ১৯৫৯ চনত প্ৰতিষ্ঠিত নন্দনাথ শইকীয়া মহাবিদ্যালয়, অসমৰ যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত এখন উচ্চ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত আৰু অসমৰ অন্যতম পুৰণি স্নাতক মহাবিদ্যালয় হিচাপে পৰিচিত।
-
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম
ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম বা এনআইডি যোৰহাট অসমৰ যোৰহাট জিলাত অৱস্থিত এখন ডিজাইন প্ৰতিষ্ঠান। ২০১১ চনৰ ১৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা হৈছিল।
-
নৰ্মাল স্কুল, যোৰহাট
নৰ্মাল স্কুল, যোৰহাট (Normal School, Jorhat) হৈছে ১৯০৬ চনত যোৰহাটত প্ৰতিষ্ঠিত এখন নৰ্মাল শিক্ষাৰ বিদ্যালয়। ১৮৫৫ চনত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ প্ৰভৃতি শিক্ষাবিদসকলৰ উদ্যোগত কলিকতাত নৰ্মাল স্কুল প্ৰতিষ্ঠা হৈছিল।
-
যোৰহাট জিলাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ তালিকা
শিক্ষাৰ দিশত যোৰহাট এখন আগবঢ়া ঠাই। যোৰহাটৰ বাসিন্দাৰ স্বাক্ষৰতাৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক। ১৮৮৩ চনত প্ৰতিষ্ঠা কৰা যোৰহাট উচ্চ মাধ্যমিক বালক বিদ্যালয়ত তেতিয়াৰ পৰাই বিজ্ঞান শিক্ষাৰ ব্যৱস্থা আছিল।