শিক্ষা
৫৮ প্ৰবন্ধ
-
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ অসম চৰকাৰৰ অধীনৰ এক ৰাজ্যিক শিক্ষা পৰিষদ, যিয়ে অসমত ১০+২ পৰ্যায়ৰ উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ আৰু বিকাশৰ দায়িত্ব পালন কৰে। ই উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰমাণপত্ৰ প্ৰদান কৰে।
-
শিক্ষা
ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে: * জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা, শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায় ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ…
-
অসম মাধ্যমিক শিক্ষা পৰিষদ
অসম মাধ্যমিক শিক্ষা পৰিষদ (Secondary Education Board of Assam) (SEBA) অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ আছিল।
-
শিক্ষক দিৱস
শিক্ষক দিৱস (Teachers' Days) বহু দেশত শিক্ষকসকলৰ সন্মানাৰ্থে পালন কৰা এটা দিৱস। এই দিনত শিক্ষকসকলক সন্মান প্ৰদৰ্শন কৰাৰ লগতে শৈক্ষিক ক্ষেত্ৰ বা সমাজলৈ তেওঁলোকৰ অৱদানৰ বাবে পুৰস্কৃত কৰা হয়। দেশভেদে শিক্ষক দিৱস আয়োজন কৰা দিনটো ভিন ভিন।
-
গুৰু
গুৰু সেইজন যিয়ে জ্ঞান প্ৰদান কৰে। সংস্কৃত ভাষাৰ এই শব্দৰ অৰ্থ হৈছে শিক্ষক আৰু ওস্তাদ। এই ভিত্তিত পিতৃ-মাতৃক এজন ব্যক্তিৰ প্ৰথম গুৰু বুলি গণ্য কৰা হয়। দ্বিতীয় গুৰু হৈছে আখৰৰ জ্ঞান প্ৰদান কৰা শিক্ষক। ইয়াৰ পিছত বহু ধৰণৰ গুৰু জীৱনলৈ আহে যিয়ে বুনিয়াদী শিক্ষা দিয়ে।
-
সাক্ষৰতা
সাক্ষৰতা (Literacy) বুলিলে সাধাৰণতে কমেও এটা পদ্ধতিত পঢ়া আৰু লিখাৰ সামৰ্থ্যক বুজা যায়; মূলসুঁতিৰ অভিধানসমূহতো এই অৰ্থই প্ৰতিফলিত হয়। এই দৃষ্টিভংগীত নিৰক্ষৰতা বুলিলে পঢ়িবলৈ আৰু লিখিবলৈ অক্ষম বুলি গণ্য কৰা হয়। কিছুমান গৱেষকৰ মতে "সাক্ষৰতা" শব্দটো ঐতিহাসিকভাৱে দুটা সময়ত বিভক্ত কৰিব পাৰি।
-
বিদ্যালয়
বিদ্যালয় এটি অনুষ্ঠান য'ত বিদ্যা আহৰণ কৰা হয়। ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় "বিদ্যা" (জ্ঞান) আৰু "আলয়" (স্থান) শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত। সাধাৰণতে বিদ্যালয়ৰ এক বা একাধিক ভৱন থাকে।
-
লিংগভিত্তিক অধ্যয়ন
লিংগভিত্তিক অধ্যয়ন (Gender studies) লিংগ পৰিচয় তথা লিংগ প্ৰতিনিধিত্ব বিশ্লেষণৰ বাবে নিবেদিত এটি আন্তঃশৃঙ্খলা শিক্ষামূলক ক্ষেত্ৰ। ইয়াৰ অন্তৰ্গত বিষয় সমূহ হৈছে মহিলাসকলৰ অধ্যয়ন (নাৰী, নাৰীবাদ, লিংগ তথা ৰাজনীতি সম্পৰ্কিত), পুৰুষ অধ্যয়ন আৰু কুইয়াৰ অধ্যয়ন।
-
উত্তৰ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (NZCC) হৈছে পঞ্জাবৰ পটিয়ালাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত প্ৰথম আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ উত্তৰাঞ্চলৰ ৰাজ্যসমূহৰ কলা, শিল্প, পৰম্পৰা আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-পূৰ্বাঞ্চল সাংস্কৃতিক কেন্দ্ৰ (এনইজেডচিচি) হৈছে নাগালেণ্ডৰ চুমৌকেদিমাত অৱস্থিত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰ। ইয়াৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
উত্তৰ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
উত্তৰ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (NCZCC) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা, যাক ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ে ১১ মাৰ্চ ১৯৮৬ তাৰিখে প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অৱস্থিত।
-
দক্ষিণ মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (সংক্ষেপে SZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনস্থ এখন স্বায়ত্তশাসিত সংস্থা, যি ১৯৮৬ চনত ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰৰ উদ্দেশ্যে স্থাপন কৰা সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটা।
-
দক্ষিণ-মধ্য মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
দক্ষিণ-মধ্যাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (South-Central Zone Cultural Centre) হৈছে ভাৰতৰ সাতখন আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ এটি, যাক ১৯৮৬-৮৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ নাগপুৰত অৱস্থিত।
-
পশ্চিম মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পশ্চিম অঞ্চল সাংস্কৃতিক কেন্দ্ৰ (উদয়পুৰ, ৰাজস্থান) ভাৰত চৰকাৰে স্থাপন কৰা সাতটা সাংস্কৃতিক অঞ্চলৰ ভিতৰত এটা, যাৰ উদ্দেশ্য হৈছে ভাৰতৰ পৰম্পৰাগত সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰচাৰ কৰা।
-
পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰ
পূৰ্বাঞ্চলীয় সাংস্কৃতিক কেন্দ্ৰ (EZCC) হৈছে ভাৰত চৰকাৰৰ সংস্কৃতি মন্ত্ৰণালয়ৰ অধীনত থকা স্বায়ত্তশাসিত সংস্থা। ইজেডচিচিয়ে অসমৰ লগতে বিহাৰ, ঝাৰখণ্ড, মণিপুৰ, ওড়িশা, চিক্কিম, ত্ৰিপুৰা, পশ্চিমবঙ্গ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সাংস্কৃতিক সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কাম কৰে।
-
পৰিকল্পনা
সংগঠন আৰু ৰাজহুৱা নীতিৰ ক্ষেত্ৰত পৰিকল্পনা (Planning) কৰা হ'ল সাংগঠনিক আঁচনি প্ৰস্তুত কৰা আৰু প্ৰতিপালন কৰা এটা প্ৰক্ৰিয়া তথা কিছুমান যোগ্যতাৰ ভিত্তিত নিৰ্দিষ্ট ভৱিষ্যতৰ সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা কাৰ্যৰ ওপৰত চিন্তা কৰা এটা মানসিক প্ৰক্ৰিয়া। এক কথাত ই বুদ্ধিমন্ত আচৰণৰ এটা মৌলিক গুণ।
-
ব্যৱস্থাপনা
ব্যৱসায় আৰু মানৱ সংগঠনৰ ক্ষেত্ৰত, সাধাৰণ ভাষাত ব্যৱস্থাপনা (management) হ'ল মানুহ সংগঠিত কৰি কোনো প্ৰস্তাৱিত উদ্দেশ্যত বা লক্ষ্যত উপনীত হোৱা। ব্যৱস্থাপনাৰ উপাদান সমূহ হ'ল - পৰিকল্পনা কৰা (planning), সংগঠিত কৰা (organizing), সম্পদ ব্যৱস্থাপনা কৰা (resourcing), নেতৃত্ব লোৱা (leading) বা পথ প্ৰদৰ্শকৰ…
-
ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ
ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ (ইংৰাজী: National Council of Educational Research and Training, চমুকৈ NCERT) হ'ল ১৯৬১ চনত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এটা সংস্থা য'ত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত কাৰ্যকলাপত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক উপদেশ দিয়া হয়।
-
কুইয়াৰ অধ্যয়ন
কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), বাইচেক্সুৱেল (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ…
-
যাদু বিদ্যা
যাদু বিদ্যা এক অতি প্ৰাচীন বিদ্যা। হিন্দু ধৰ্ম্মাৱলম্বী দেশসমূহত এই বিদ্যা শঙ্কৰ-পাৰ্বতীৰ সৈতে জড়িত। কামৰূপৰ কামাখ্যা মাৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত। প্ৰকৃত যাদু বিদ্যা আহৰণ কাৰ্য্য সহজসাধ্য নহয় বুলি এই বিদ্যাৰ লগত জড়িত সকলে কয়।
-
প্ৰাচীন মিথিলা বিশ্ববিদ্যালয়
গংগা সমভূমিৰ কাষেৰে বৈদিক আৰু ব্ৰাহ্মণ্য সংস্কৃতিৰ পূব দিশলৈ সম্প্ৰসাৰণৰ লগে লগে মিথিলাত আৰম্ভ হৈছিল, সংস্কৃত আৰু বৈদিক শিক্ষা, যাক বৈদিক অধ্যয়ন বুলিও কোৱা হয়।
-
মাৰিয়া মণ্টেছৰী
মেৰীয়া মণ্টেছৰী Maria Montessori (আগষ্ট ৩১, ১৮৭০ – মে' ৬, ১৯৫২) এগৰাকী ইটালিয়ান স্বাস্থ্যবিদ আৰু শিক্ষাবিদ, আৰু প্ৰখ্যাত মানৱতাবাদী আছিল। তেখেত তেখেতৰ মণ্টেছৰী শিক্ষা প্ৰণালী বুলি আজিকালি পৃথিৱীৰ সকলোতে ব্যৱহৃত প্ৰাথমিক শিক্ষা প্ৰণালীৰ বাবে প্ৰসিদ্ধ।
-
শিক্ষাৰ অধিকাৰ
শিক্ষাৰ অধিকাৰ (Right to education)ক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এক মানৱ অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰা হৈছে, য'ত আৰ্থিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিও সন্মিলিত হৈ আছে।
-
শ্বলাকা পৰীক্ষা
প্ৰাচীন মিথিলাৰ স্নাতক ডিগ্ৰীৰ পৰীক্ষাৰ ব্যৱস্থা আছিল শ্বলাকা পৰীক্ষা।
-
কিণ্ডাৰগাৰ্টেন
তিনিৰপৰা সাত বছৰৰ বয়সৰ শিশু সকলৰ বাবে কিণ্ডাৰগাৰ্টেন (Kindergarten)-ৰ শ্ৰেণীসমূহ সজেৱা হয়। বিদ্যালয়সমূহৰ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি অৰ্ধদিন বা সম্পূৰ্ণদিনৰ বাবে আঁচনিবোৰ প্ৰস্তুত কৰা হয়।
-
গুগল ক্লাছৰুম
গুগল ক্লাছৰুম (Google Classroom) হৈছে গুগলদ্বাৰা বিকশিত এক অনলাইন শিক্ষা-ব্যৱস্থাপনা প্লেটফৰ্ম (Learning Management System)। ই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত ডিজিটেল মাধ্যমৰ জৰিয়তে পাঠদান, গৃহকাৰ্য, মূল্যায়ন আৰু যোগাযোগ সহজ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
-
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
তাৰিণী চৌধুৰী চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় (Tarini Choudhury Govt. Girls H.S. & M.P. School) শিক্ষাবিদ তাৰিণী চৰণ চৌধুৰীৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে। বিদ্যালয়খনে ২০১৯ চনত প্লেটিনাম জয়ন্তী উদযাপনৰ আয়োজন কৰিছিল।
-
বাসন্তী দেৱী মহাবিদ্যালয়
বাসন্তী দেৱী মহাবিদ্যালয় (Basanti Devi College) হৈছে কলকাতাৰ প্ৰথম চৰকাৰী পৃষ্ঠপোষকতাত গঢ় লোৱা বালিকা মহাবিদ্যালয় আৰু ১৯৫৯ চনত পশ্চিম বংগ চৰকাৰে মহিলা সৱলীকৰণৰ লক্ষ্যৰে এইখন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰিছিল॥ ভাৰতৰ স্বাধীনতা যুঁজৰ লগত জড়িত থকাৰ বাবে ব্ৰিটিছ শাসনৰ অধীনত কাৰাগাৰত বন্দী হোৱা…
-
ষ্টেম ক্ষেত্ৰত নাৰীৰ শিক্ষা
ষ্টেম অৰ্থাৎ STEM শব্দটো ইংৰাজী ভাষাৰ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত শব্দৰ প্ৰথম আখৰ অৰ্থাৎ 'Science'ৰ পৰা 'S', 'Technology'ৰ পৰা 'T', 'Engineering'ৰ পৰা 'E' আৰু 'Mathematics'ৰ পৰা 'M' লগ লগাই সৃষ্টি কৰা হৈছে।
-
অবিৰত আৰু বোধগম্য মূল্যায়ন
অবিৰত আৰু বোধগম্য মূল্যায়ন (Continuous and Comprehensive Evaluation, চমুকৈ CCE) হ'ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।