অসমৰ বিদ্যালয়সমূহ
৪২ প্ৰবন্ধ
-
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় অসমৰ যোৰহাট চহৰত অৱস্থিত এখন ঐতিহাসিক শিক্ষাপ্ৰতিষ্ঠান। ১৮৮৩ চনত ব্ৰিটিছ শাসনকালত স্থাপিত এই বিদ্যালয়ে অসমীয়া মাধ্যমৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ লগতে বহুমুখী ধাৰাৰ শিক্ষাৰ পৰিৱেশ গঢ়ি তোলাত উল্লেখযোগ্য ভূমিকা ৰাখিছে।
-
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বা কটন কলেজিয়েট স্কুল গুৱাহাটীৰ পানবজাৰত অৱস্থিত এখন বিদ্যালয়। ব্ৰিটিছৰ ৰাজত্বৰ কালত ঔপনিবেশিক অসমৰ কমিছনাৰ কেপ্তেইন ফ্ৰান্সিছ জেনকিন্স ডাঙৰীয়ায়ে ১৮৩৫ চনত এই বিদ্যালয় "গৌহাটী গভমেণ্ট চেমিনাৰী" নামেৰে স্থাপন কৰিছিল।
-
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপিত হৈছিল ১৮৬৮ চনত। সেই সময়ত বিদ্যালয়খনি “তেজপুৰ গভট হাইস্কুল” নামেৰে পৰিচিত আছিল। কিন্তু ইতিহাসৰ পাত লুটিয়াই চালে এই বিদ্যালয়খন ইয়াৰ আৰু আগেয়ে স্থাপিত কৰা হৈছিল বুলি জানিব পাৰি।
-
ছল্ট ব্ৰুক একাডেমী
ছল্ট ব্ৰুক একাডেমী (Salt Brook Academy) অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয়। এইখন মহাবিদ্যালয় ১৯৯৫ চনত ডিব্ৰুগড়ৰ বৈৰাগীমঠত প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন ছল্ট ব্ৰুক একাডেমী চ'চাইটিয়ে পৰিচালনা কৰে। উক্ত চ'চাইটিখন চ'চাইটি আইন ১৮৮০ৰ অন্তৰ্ভুক্ত।
-
সৈনিক স্কুল, গোৱালপাৰা
সৈনিক স্কুল, গোৱালপাৰা (Sainik School, Goalpara) হৈছে অসমৰ এখন সামৰিক বিদ্যালয়। ১৯৬৪ চনৰ ১২ নৱেম্বৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত ইয়াক প্ৰতিষ্ঠা কৰা হয়। এই বিদ্যালয়খন এখন আৱাসিক বিদ্যালয়। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদান দিয়া হয়।
-
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Dibrugarh Govt. Boys' Higher Secondary School) ব্ৰিটিছৰ ৰাজত্ব কালত ১৮৪০ চনত উজনি অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিল। এইখনে উজনি অসমৰ আটাইতকৈ পুৰণি উচ্চ মাধ্যমিক বিদ্যালয়।
-
নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়
অসমৰ ভিতৰতে এখন সু-প্ৰাচীন আৰু সমগ্ৰ নগাঁও জিলাৰ ভিতৰতে প্ৰাচীনতম উচ্চশিক্ষাৰ অনুষ্ঠান নগাঁও গৱৰ্ণমেণ্ট হাইস্কুল। বৰ্তমান এই শিক্ষানুষ্ঠান নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় ৰূপে পৰিচিত।
-
শংকৰদেৱ শিশু/বিদ্যা নিকেতন
শঙ্কৰদেৱ শিশু নিকেতন আৰু শঙ্কৰদেৱ বিদ্যা নিকেতন হৈছে বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সঞ্চালিত এক শ্ৰেণীৰ বিদ্যালয়। গুৱাহাটীৰ অম্বিকাগিৰি নগৰত প্ৰতিষ্ঠা কৰা শঙ্কৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ হৈছে এই প্ৰকাৰৰ প্ৰথম বিদ্যালয়।
-
শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Salbari Higher Secondary School) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমা অন্তৰ্গত এখন পুৰণি আৰু জনপ্ৰিয় শিক্ষানুষ্ঠান (সাধাৰণতে শালবাৰী মডেল এইচ.এছ. স্কুল বুলি কোৱা হয়)। বিদ্যাল়য়খন শালবাৰী অঞ্চলৰ উলুবাৰী গাঁও আৰু শালবাৰী বজাৰৰ মাজত অৱস্থিত।
-
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়
ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rangia Higher Secondary School) ৰঙিয়াত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৬ চনত স্থাপিত হৈছিল। ই ৰঙিয়া চহৰৰ সোমাজত মহাত্মা গান্ধী পথত অৱস্থিত। এই বিদ্যালয়ত বৰ্তমান প্ৰায় ৬৭জন শিক্ষক-শিক্ষয়িত্ৰী আৰু ১২৮৬জন ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰে।
-
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
উত্তৰ লক্ষীমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ মহকুমাৰ অন্তৰ্গত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন অসমৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০১৩ চনত শতবৰ্ষ গৰকা এই বিদ্যালয়খনিৰ বৰ্তমান অধ্যক্ষা শ্ৰীমতী অনুপমা দেউৰী ভৰালী।
-
কামৰূপ একাডেমী
কামৰূপ একাডেমী স্থাপিত হৈছিল ১৯৩০ চনৰ ১৫ জুলাই তাৰিখে। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।
-
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
ঘিলামৰা নগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খন লখিমপুৰ জিলাৰ ঘিলামৰাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১৯৮২ চনত স্থাপিত এই বিদ্যালয়খনৰ ভৱনটো ৭৬৫০ বৰ্গ মি: কালিৰ অসম আৰ্হিৰ ঘৰেৰে নিৰ্মিত হৈছে। প্ৰথমতে এইখন মাধ্যমিক বিদ্যালয় হিচাপে আছিল আৰু ১৯৭৯ চনত স্থাপিত হৈছিল।
-
নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়
নকছাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় (Nakachaari Higher Secondary School) নকছাৰিত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৩৫ চনত স্থাপিত হৈছিল। ই নকছাৰিৰ দৰকিয়াল গাঁও,তিৰুৱাল গাঁও আৰু তিৰুৱাল চাহ বাগিছাৰ মধ্যৱৰ্তী অঞ্চলত অৱস্থিত।
-
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় হ'ল লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন শিক্ষানুষ্ঠান।
-
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (Lakhipur Higher Secondary School)খন ১৯৩৫ চনৰ মাৰ্চ মাহত জমিদাৰ ভোলানাথ চৌধুৰী, ৰায়চাহাব আৰু যতীন্দ্ৰ নাৰায়ণ চৌধুৰীৰ উদ্যোগত আৰু মেচপাৰা জমিদাৰৰ সহায়ত ৭ম শ্ৰেণীৰ পাঠদানৰ আৰম্ভণিৰ জৰিয়তে শুভাৰম্ভ কৰা হৈছিল।
-
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা
শংকৰদেৱ শিশু নিকেতন, ঘিলামৰা (Sankardev Shishu Niketon, Ghilamara) ঘিলামৰা নগৰৰ পৰা ৫০০ মিঃ দূৰত্বৰ মিলন নগৰত কেইজনমান বিদ্যানুৰাগীৰ সহযোগত ১০ জানুৱাৰী ১৯৯৭ চনত স্থাপিত হৈছিল।
-
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (বাক্সা)
ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয় (Rupahi Higher Secondary School) অসমৰ বাক্সা জিলাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়খন ১৯৭৩ চনত স্থাপিত হৈছিল। বিদ্যালয়খন ৰূপহী বজাৰৰ পূৱ দিশত থকা শিলবাৰীলৈ যোৱা পথত অৱস্থিত।
-
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় (Golaghat Govt. Bezbaruah Higher Secondary School) গোলাঘাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৬ চনত ব্ৰিটিছ চৰকাৰে স্থাপন কৰিছিল।
-
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় শোণিতপুৰ জিলাৰ বিশ্বনাথ মহকুমাৰ অন্তৰ্গত। এই বিদ্যালয় ১৯৪১ চনত স্থাপন কৰা হৈছিল। বিদ্যালয়ৰ মুখপত্ৰখনৰ নাম "জাগৰণ"।
-
জোনাকী জাতীয় বিদ্যালয়, শিমূলচালা
জোনাকী জাতীয় বিদ্যালয়, শিমুলচালা (Jonaky Jatiya Bidyalaya, Shimulchala) অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নীতি আৰু আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত এইখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়। ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠান।
-
জৱাহৰ নবোদয় বিদ্যালয়, গোলাঘাট
গোলাঘাটৰ জৱাহৰ নবোদয় বিদ্যালয় হৈছে অসম ৰাজ্যৰ, গোলাঘাট জিলাত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ জৱাহৰ নৱোদয় বিদ্যালয়সমূহ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক আবাসিক বিদ্যালয় ব্যৱস্থা।
-
টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়
টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় (Tengakhat Higher Secondary School) হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ টেঙাখাত অঞ্চলৰ চুঙি-লেংৰাই গাঁৱত অৱস্থিত এটা চৰকাৰী সহশিক্ষামূলক বিদ্যালয় লগতে অঞ্চলটোৰ সৰ্ববৃহৎ তথা অন্যতম বিদ্যালয়।
-
ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়
পুৰণি "ঢকুৱাখনা হাইস্কুল"খনেই হৈছে বৰ্তমানৰ ঢকুৱাখনা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় (English: Dhakuakhana Model Higher Secondary School)। ১৯৩৬ চনত স্থাপিত বিদ্যালয়খনে ২০১০ চনত ইতিমধ্যে মহাৰজত জয়ন্তী বৰ্ষ পাৰ কৰিছে।
-
তেজপুৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়
তেজপুৰ একাডেমী হৈছে তেজপুৰ চহৰৰ এখন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। বিদ্যালয় খনৰ বৰ্তমান অৱস্থিতি কনকলতা অসামৰিক চিকিৎসা লয়ৰ পৰা হাতীপিল খানা সংযোগী পথৰ দাঁতি, ঈদগাঢ় খেল পথাৰৰ সমুখত।
-
পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয়
অসমৰ নগাঁও জিলাৰ কলিয়াবৰ ব্লকৰ বেচেলেমাৰী গাঁৱত অৱস্থিত পশ্চিম কলিয়াবৰ উচ্চ মাধ্যমিক বিদ্যালয় (পশ্চিম কলিয়াবৰ হাইস্কুল বুলিও জনা যায়) এখন সহ-শৈক্ষিক বিদ্যালয়। ১৯৭২ চনত প্ৰতিষ্ঠা হোৱা এইখন বিদ্যালয়ক শিক্ষা বিভাগে পৰিচালনা কৰে।
-
বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়
বৰবৰী নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় (Barbari Nehru Higher Secondary school অসমৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত এখন বিদ্যালয়। বিদ্যালয়খন বৰবৰী বজাৰৰ সমীপত বৰমা-পাখামাৰা পথৰ পুৱ দিশত অৱস্থিত।
-
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ
মতিৰাম বৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যাপীঠ ( Motiram Bora H.S. Balika Vidyapith) নগাঁও চহৰৰ মাজ-মজিয়াত প্ৰতিষ্ঠিত এটি শিক্ষানুষ্ঠান। ১৯৫৭ চনত স্থাপন কৰা এই বিদ্যালখনে ইতিমধ্যেই সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে।
-
শংকৰ-আজান শিক্ষা নিকেতন, কমলপুৰ
শংকৰ আজান শিক্ষা নিকেতন, কমলপুৰ (English: Sankar Ajan Shiksha Niketan, Kamalpur) হৈছে কমলপুৰ অঞ্চলৰ এখন লেখত ল'বলগীয়া বিদ্যালয়। ২০০১ চনৰ ১ জানুৱাৰী তাৰিখে বৃহত্তৰ কমলপুৰ অঞ্চলত কেইগৰাকীমান স্থানীয় ব্যক্তিৰ সহযোগিতাত এই বিদ্যালয়খন স্থাপন কৰা হয়।
-
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও
শংকৰদেৱ শিশু নিকেতন, ভূৰাগাঁও হৈছে মৰিগাঁও জিলাৰ ভূৰাগাঁৱত অৱস্থিত বিদ্যা ভাৰতীৰ সংবদ্ধ শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা পৰিচালিত অসমীয়া মাধ্যমৰ এক বক্তিগতখণ্ডৰ বিদ্যালয়।