অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঠেকুৱা

ঠেকুৱা ( ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়, ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়। ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।

হালনাগাদ: ২২ মে’ ২০২৬ ৮৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ঠেকুৱা ( ठेकुआ; ঠোকোৱা বা ঠেকাৰিছ), যাক 'খাজুৰিয়া' বা 'থিকৰী' বুলিও কোৱা হয়,১ ভাৰতীয় উপমহাদেশৰ একপ্ৰকাৰৰ শুকান মিঠাই। বিহাৰ, উত্তৰ প্ৰদেশ আৰু নেপালৰ তেৰাই অঞ্চলত ই অতি জনপ্ৰিয়।২

ঠেকুৱা হৈছে ছট পূজাৰ সময়ত উপাস্য দেৱতালৈ উৎসৰ্গ কৰা এক প্ৰসাদ।৩৪৫ এই ঠাইৰ লোকসকলে যুগ যুগ ধৰি ইয়াক মিঠা জলপান হিচাপে ব্যৱহাৰ কৰি আহিছে।৬৭

প্ৰস্তুতকৰণৰ বিধি

ঠেকুৱা বনাবলৈ ব্যৱহাৰ হোৱা প্ৰধান উপাদানসমূহ হ’ল ঘেঁহুৰ আটা, চুজি, গলাই লোৱা চেনি, ৰুকি লোৱা নাৰিকল, শুকান ফলৰ সৰু টুকুৰা, গাখীৰ আৰু ঘিঁউ। চেনিৰ বিকল্প হিচাপে কেতিয়াবা গুড় ব্যৱহাৰ কৰিব পাৰি।৬ এই উপাদান সমূহ ব্যৱহাৰ কৰি এটা মিশ্ৰণ প্ৰস্তুত কৰি ইলাচি মিহলাই সোৱাদ বৃদ্ধি কৰিব পাৰি। মিশ্ৰণখিনিৰ পৰা ফুল, পাত আদি আৰ্হিৰ পিঠা বনাই ঘিঁউ বা শস্যজাত তেলত ৰঙা বাদামী ৰং হোৱালৈকে গাঢ়কৈ ভাজিব লাগে। গৰম হ’লে ই কোমল হয় যদিও ঠাণ্ডা হোৱাৰ পিছত কঠিন হৈ পৰে। পিঠাৰ আকাৰ দিবলৈ বহুতে সাঁ‌চ ব্যৱহাৰ কৰে। ইয়াত কোনো ধৰণৰ সংৰক্ষক দ্ৰব্যৰ প্ৰয়োজন নহয, খাবৰ বাবে কেইবাদিনলৈয়ো সংৰক্ষণ কৰিব পাৰি।

নথিভুক্ত

লিমকা বুক অৱ ৰেকৰ্ডছৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ বিহাৰৰ দৰভংগাৰ ১৬ জনীয়া এটা দলে ২০১৯ চনত ৯১ কেজি ওজনৰ ঠেকুৱা প্ৰস্তুত কৰিছিল।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Sharma, Gunjan. (2 November 2019). Thekua: The blessing Of Chhath Maiya. G Plus
  2. ↑ Bureau, The Week. Snack time delights. My Republica
  3. ↑ (30 October 2019). Sun god to smile on devotees, scientists say. Telegraph India
  4. ↑ (2019-11-02). All you need to know about Thekua and how you can make it at home. The Times of India
  5. ↑ Sun worshippers. kathmandupost.com
  6. ↑ (1 November 2011). 'Rasiao-kheer', 'thekua' make for festive platter. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ Grover, Neha. (2 November 2019). Chhath Puja 2019: Thekua And More; 5 Traditional Recipes To Celebrate The Festival With. NDTV Food
  8. ↑ Nov 1, Sanjiv Das. Bihar: Makers of 91kg 'thekua' eyeing Limca book. The Times of India

সম্পৰ্কিত শ্ৰেণী

মিঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঠেকুৱা” প্ৰবন্ধৰ সংশোধন ৬০৭৭৯৩ (২২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।