বিশ্ব ডাউন চিণ্ড্ৰম দিৱস (World Down Syndrome Day বা WDSD) ২০০৭ চনৰ পৰা, প্ৰতি বছৰে ২১ মাৰ্চ তাৰিখে পালন কৰা হয়।১ ২১ মাৰ্চৰ দিনটো (বছৰৰ ৩য় মাহ) ২১তম ক্ৰম’জমৰ ট্ৰিপ্লিকেচন (ট্ৰাইছ’মী)ৰ স্বকীয়তাক বুজাবলৈ বাছনি কৰা হৈছিল যিয়ে ডাউন চিণ্ড্ৰমৰ সৃষ্টি কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১২ চনৰ পৰা প্ৰতি বছৰে এই দিৱসটি পালন কৰাৰ সিদ্ধান্ত লৈছে।২
প্ৰতি বছৰে ২১ মাৰ্চত ডাউন চিণ্ড্ৰমৰ বিষয়ে সজাগতা সৃষ্টিৰ লক্ষৰে বিশ্ব ডাউন চিণ্ড্ৰম দিৱস পালন কৰা হয়। ই এনে এক জিনীয় বিসংগতি যʼত এগৰাকী শিশুৰ জন্মৰ সময়ত অতিৰিক্ত ২১তম ক্ৰম'জম থাকে৷
কাৰ্যসূচী আৰু স্মৃতিচাৰণ
ডাউন চিণ্ড্ৰমত আক্ৰান্ত ব্যক্তিসকলক সমৰ্থন জনোৱা এটা সাধাৰণ কাম হ’ল ৰঙীন বা অমিল মোজা পিন্ধা।৩৪ সেই মোজাবোৰৰ আকৃতি কিছু পৰিমাণে ক্ৰম’জমৰ দৰে থাকে।৪
২০২১ চনত বিশ্ব ডাউন চিণ্ড্ৰম দিৱসক স্বীকৃতি দিবলৈ এটা এনিমেটেড চুটি ছবি ফ্ৰীবাৰ্ড সৃষ্টি কৰা হৈছিল।৫ মাইকেল জোচেফ মেকড'নাল্ডৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এই ছবিখন জৰ্ডান হাৰ্টৰ "ফ্ৰিডম" গীতটোৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল আৰু ২০২১ চনত চিকাগো আন্তৰ্জাতিক শিশু চলচ্চিত্ৰ মহোৎসৱত জয়ী হৈছিল।৫
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (March 2023). Getting ready for World Down Syndrome Day 2020 - 21/03/2020 00:00:00. Down Syndrome International
- ↑ Nations, United. World Down Syndrome Day. United Nations
- ↑ https://www.bbc.co.uk/newsround/24708543
- ↑ (2019-03-30). Children wear colourful socks on World Down Syndrome Day. Times of Malta
- ↑ Zahed, Ramin. (2021-11-18). Sketches from a Full-Color Life: 'Freebird' Filmmakers on Creating Their Touching Neurodiversity Short. Animation Magazine
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ডাউন চিনড্ৰম দিৱস” প্ৰবন্ধৰ সংশোধন ৪৯৬৭৮৮ (২৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।