ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ
২৩ প্ৰবন্ধ
-
অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি
অনুসূচীত জাতি (Scheduled Caste, চমুকৈ SC) আৰু অনুসূচীত জনজাতি (Scheduled Tribe, চমুকৈ ST) হৈছে ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া অনুষ্ঠানিক অভিধা। এই দুই অভিধা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে আৰু নৃগোষ্ঠীসমূহক এটি বা আনটো বিভাগত অভিহিত কৰা হয়।
-
দলিত
দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন" বা "ছেদেলিভেদেলি।" দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও…
-
আদিবাসী
আদিবাসী হ'ল ভাৰতীয় উপমহাদেশৰ জনজাতি (tribe)-সকলৰ সম্মিলিত শব্দ, যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে। আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে।
-
অসমীয়া জাতি
{{Infobox ethnic group |group = অসমীয়া জাতি |native_name = অসমীয়া |population = ১৩,২৬৮,৪৮৪ (২০০১ জণগণনামতে) |region1 = |pop1 = ১৩,১৩৩,২৩৭ (২০০১ জণগণনামতে) |ref1 = |region2 = |pop2 = ২২,৪৫৬ (২০০১) |ref2 = |region3 = |pop3 = ৫৪,২৬৮ (২০১১1) |ref3 = |region4 = |pop4 = |ref4 = |region5 = |pop5 = |ref5…
-
নগা জনগোষ্ঠী
নগা জনগোষ্ঠী (Naga people) বুলিলে উত্তৰ-পূব ভাৰত আৰু উত্তৰ-পশ্চিম ম্যানমাৰৰ স্থানীয় বিভিন্ন নৃগোষ্ঠীয় লোকৰ গোটক সামূহিকভাৱে বুজোৱা হয়। এই গোষ্ঠীবোৰৰ একে ধৰণৰ সংস্কৃতি আৰু পৰম্পৰা আছে আৰু তেওঁলোকে ভাৰতৰ নাগালেণ্ড ৰাজ্যত আৰু ম্যানমাৰৰ নগা স্বায়ত্ত্বশাসিত অঞ্চলত সংখ্যাগৰিষ্ঠা দেখা যায়।
-
হিজিৰা
হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে 'হিজিৰা' নাম লাভ কৰে।
-
নিচি জনগোষ্ঠী
ডফলা বা নিচি (Nyishi) জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ সৰ্ববৃহৎ জনগোষ্ঠী৷ এই জনগোষ্ঠীৰ লোক অৰুণাচল প্ৰদেশৰ আঠখন জিলাত বিয়পি আছে। সেই জিলা কেইখন হ'ল: ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, আৰু পক্কে কেছাং জিলা।
-
আংগামী নগা
আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি। তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে। এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ‘চেক্ৰেনী’ (Sekrenyi) নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত।
-
ভিল জনগোষ্ঠী
ভিল জনজাতি হৈছে চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি। ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মূলত ভিলসকলৰ বসতি দেখা পোৱা যায়।
-
সৎনামী
সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডনৰ মতে সৎৰ অৰ্থ-আত্মা (চেতনা), এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নামক ধাৰণ কৰা আধাৰ।
-
নাথ-যোগী সম্প্ৰদায়
নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে বিশ্বাস ৰাখে। শিৱ এই সম্প্ৰদায়ৰ আদি গুৰু। ইয়াৰোপৰি নাথসকলৰ বহুজন গুৰু আছে। এইসকলৰ ভিতৰত ৯-১০ শতাব্দীৰ মৎসেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু সংগঠনসমূহ মহত্ত্বপূৰ্ণ।
-
আও নগা
আও ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা প্ৰধান নগা জনজাতি। এওঁলোক খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা প্ৰথমটো নগা জনাজাতি। খ্ৰীষ্টান ধৰ্মৰ লগতে পশ্চিমীয়া শিক্ষাব্যৱস্থাকো আওসকলে পোনপ্ৰথমে গ্ৰহণ কৰি লয়। ১৮৭২ চনত এমেৰিকান বেপ্টিষ্ট মিছ্যনেৰী এডৱিন ক্লাৰ্ক (Edwin W.
-
বনিয়া
বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।
-
চেণ্টিনেলী জনগোষ্ঠী
চেণ্টিনেলী জনগোষ্ঠী,(Sentinelese) বা চেণ্টিনেলিজ হৈছে উত্তৰ-পূব ভাৰত মহাসাগৰৰ বংগোপসাগৰৰ উত্তৰ চেণ্টিনেল দ্বীপত বাস কৰা এক থলুৱা জনগোষ্ঠী। এই জনগোষ্ঠী বিচ্ছিন্ন খিলঞ্জীয়া জনসংখ্যাৰ অন্তৰ্গত দক্ষিণ এছিয়াৰ এক অন্যতম জনগোষ্ঠী।
-
মাংগ (জাতি)
মাংগ বা মাতংগ হৈছে ভাৰতৰ এক জাতি যাৰ মূল নিবাস মহাৰাষ্ট্ৰ ৰাজ্যত। তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকত মাতংগসকলক মাডিগা বুলি জনা যায়। এই সম্প্ৰদায়টো ঐতিহাসিকভাৱে গাঁৱৰ নিৰাপত্তা আৰু ৰছী নিৰ্মাণ, ঝাড়ু নিৰ্মাণ, সংগীতজ্ঞ, গৰু-ম'হ চামৰাৰ কাম, ধাত্ৰী, জল্লাদ আৰু শৱদাহৰ কামত জড়িত আছিল বুলি বিশ্বাস…
-
লোহাৰ (জাতি)
লোহাৰ বা লোহাৰাক হিন্দুসকলৰ মাজত এটা জাতি আৰু ভাৰতৰ উত্তৰ প্ৰদেশ আৰু ঝাৰখণ্ড ৰাজ্য আৰু নেপালত মুছলমান আৰু শিখসকলৰ মাজৰ এটা বংশ বুলি গণ্য কৰা হয়। এওঁলোকে পৰম্পৰাগতভাৱে শিল্পীৰ জাতি গঠন কৰে।
-
চুণাৰা
ভাৰতৰ গুজৰাট ৰাজ্যত পোৱা এটা জনগোষ্ঠী হ’ল চুণাৰা। এওঁলোকক পাকিস্তানৰ বন্দৰ চহৰ কৰাচীতো সামান্যসংখ্যক পোৱা যায়। এতিয়া চুণাৰাৰ দুটা সম্প্ৰদায়, এটা হিন্দু আৰু আনটো মুছলমান।
-
জামাতিয়া সম্প্ৰদায়
জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰিত হৈ থাকে।
-
জাৰোৱা জাতি
জাৰোৱা (Jarawa, Järawa, Jarwa) বা অং (জাৰোৱা: Aong, ) ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ এটা আদিবাসী আন্দামানীয়া জাতি। তেওঁলোক দক্ষিণ আন্দামান দ্বীপ আৰু মধ্য আন্দামান দ্বীপত থাকে আৰু বৰ্তমানে তেওঁলোকৰ সংখ্যা ২৫০ৰ পৰা ৪০০গৰাকী।
-
থাংগল (জনগোষ্ঠী)
থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ জনগোষ্ঠী। তেওঁলোকে মাৰামৰ সৈতে মিল থকা থাংগল ভাষা আৰু ৰংমেই ভাষা কয়। নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইটেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। বৰ্তমান ১৩খন থাংগল গাঁও আছে।
-
নাই (নাপিত)
নাই যাক ছেইন বুলিও কোৱা হয়, নাপিতৰ বৃত্তিগত এটা জাতি বুজোৱা সাধাৰণ শব্দ। সংস্কৃত শব্দ নাপিত (பிதை)ৰপৰা এই নামটো উদ্ভৱ হোৱা বুলি কোৱা হয়। আধুনিক যুগত উত্তৰ ভাৰতৰ নায়ে নিজকে নাইৰ পৰিৱৰ্তে "ছেইন" বুলি কয়। ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে নাই জাতিক অন্য পিছপৰা শ্ৰেণী হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।
-
মুছলমান ধুবী
কছাৰ (The Qassar) দক্ষিণ এছিয়াৰ মুছলমান সম্প্ৰদায়; তেওঁৰ পৰম্পৰাগত বৃত্তি হৈছে কাপোৰ ধোৱা। তেওঁলোকক হিন্দু ধৰ্মৰ পৰা মুছলমান ধৰ্মান্তৰিত বুলি গণ্য কৰা হয়। উত্তৰ ভাৰত, পূব ভাৰতৰ লগতে মধ্যপূব ভাৰত আৰু পাকিস্তানতো তেওঁলোকৰ বসতি আছে।
-
ৱান্চো নগা
ৱান্চোসকল ( The Wancho Naga) অৰুণাচল প্ৰদেশৰ লংদিং জিলাৰ পাটকাই পাহাৰত বাস কৰা এটা নগা খিলঞ্জীয়া জনগোষ্ঠী। সাংস্কৃতিকভাৱে তেওঁলোক নগা আৰু তেওঁলোক অৰুণাচল প্ৰদেশৰ নক্টে আৰু নগালেণ্ডৰ কন্যাকৰ সৈতে জাতিগতভাৱে সম্পৰ্কিত। কন্যাকসকল নাগালেণ্ডৰ আটাইতকৈ ডাঙৰ জনজাতি।