জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম (National Law University and Judicial Academy, Assam ) অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম। ২০০৯ চনৰ পঞ্চদশ অসম বিধেয়কৰ ফলশ্ৰুতিত ২০১০ চনত অসম চৰকাৰে আইন শিক্ষাৰ ক্ষেত্ৰৰ বাবে এই ৰাজহুৱা বিশ্ববিদ্যালয়খন স্থাপন কৰে। অধ্যাপক ডঃ গুৰজীৎ সিং এই বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্য অধ্যাপক ডঃ বিজেন্দৰ কুমাৰ।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম” প্ৰবন্ধৰ সংশোধন ১৭৯৪৪৭ (৪ জুলাই ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।