দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (Dakshin Bijni Degree College) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দবজাৰ অঞ্চলৰ এখন উচ্চশিক্ষাৰ শিক্ষানুষ্ঠান।১ এই মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰে।
ইতিহাস
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয়খন অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ(বি.টি.চি.) অন্তৰ্ভুক্ত বাক্সা জিলাৰ শালবাৰী মহকুমাৰ আনন্দবজাৰ অঞ্চলৰ উচ্চশিক্ষা শিক্ষানুষ্ঠানসমূহ ভিতৰত অন্যতম। সমগ্ৰ দক্ষিণ বিজনী অঞ্চলৰ উঠি অহা প্ৰজন্মৰ উচ্চ শিক্ষাৰ সুব্যৱস্থা অভাৱ দেখি কেইগৰাকীমান শিক্ষাবিদ,সমাজসেৱক আৰু সচেতন জনসাধাৰণৰ উদ্যোগত ২০১৬ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অঞ্চলৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে। ২
পাঠ্যক্ৰমসমূহ
দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় স্নাতক পৰ্যায়ত কলা শাখাৰ পাঠ্যক্ৰম আগবঢ়ায়। শেহতীয়াকৈ এই মহাবিদ্যালয়খনে ইংৰাজী স্নাতক(গুৰু) বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে। দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় স্নাতক শাখা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনস্থ।৩
বিভাগসমূহ
- বড়ো জনগোষ্ঠী
- অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
- ইংৰাজী ভাষা
- অৰ্থনীতি-বিজ্ঞান
- তৰ্কবিজ্ঞান আৰু দৰ্শন
- শিক্ষা
- ৰাজনীতি-বিজ্ঞান
মহাবিদ্যালয়ৰ সুবিধাসমূহ
- গ্ৰন্থাগাৰ
- মনোবৈজ্ঞানিক পৰীক্ষাগাৰ
- কেৰিয়াৰ কাউন্সেলিং
- খেলপথাৰ
ঠিকনা
বৰটাৰী(আনন্দবজাৰ), পো.অ.:-আনন্দবজাৰ, থানা:-শালবাৰী, জিলা:-বাক্সা(বি.টি.আৰ.), অসম,পিন:-১৭৮৩১৮ ই.মেইল:-dbdcollegeac@gmail.com
তথ্যসূত্ৰ
- ↑ DBD College
- ↑ Dakshin Bijni Degree College 1. dbdcollege.mydurable.com
- ↑ Dakshin Bijni Degree College/Bodoland University. shiksha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দক্ষিণ বিজনী ডিগ্ৰী মহাবিদ্যালয় (বাক্সা)” প্ৰবন্ধৰ সংশোধন ৬১৫৭০১ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।