কলা আৰু সংস্কৃতি
চলচ্চিত্ৰ, সংগীত, নৃত্য, উৎসৱ আৰু লোক-ঐতিহ্য · ২,৮৪৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আৰাইমুদি
আৰাইমুদি বা আৰাইমুতি হৃদয় বা আঁহত গছৰ পাতৰ আকৃতিৰ সৰু ৰূপৰ ধাতুৰ পাত আকৃতিৰ অলংকাৰ। পূৰ্বতে ভাৰতৰ তামিলনাডু ৰাজ্যৰ কণমানি ছোৱালী, কিশোৰীয়ে পিন্ধিছিল। "আৰাই" মানে কঁকাল আৰু "মুদি" মানে আৱৰণ। ইয়াক পূব শ্ৰীলংকাৰ মুছলমানসকলে ‘আলামাদী’ আৰু ‘আৰাচিলাই’ বুলি কয়।
-
আৰাণ উৎসৱ
অৰুণাচলৰ আদিসকলে বছৰেকত উদ্যাপন কৰা বিভিন্ন উৎসৱৰ ভিতৰত অন্যতম উৎসৱ হৈছে আৰাণ উৎসৱ। এই পূজা সাধাৰণতে মাঘ মাহত বিবাহ উপলক্ষে পতা হয়। আৰাধ্য দেৱতাৰ আশীৰ্বাদ লোৱাৰ লগতে উপৰি পুৰুষৰ আশীৱাদো মগা হয় এই পূজাৰ মাধ্যমেৰে।
-
আৰাৱল্লী সুৰাৱল্লী
আৰাৱল্লী সুৰাৱল্লী (Aaravalli Sooravalli ) ১৯৪৬ চনৰ ভাৰতীয় তামিল ভাষাৰ এখন ছবি, যিখন চি ভি ৰমণে পৰিচালনা কৰিছে। ছবিখনত অভিনয় কৰিছে কে থৱামণি দেৱী, ভি এ চেল্লাপ্পা, পি এছ গোবিন্দ, এম আৰ সন্থানলক্ষ্মী আৰু ছেৰুকুলাথুৰ সমাই।
-
আৰেকটি প্ৰেমেৰ গল্প
আৰেকটি প্ৰেমেৰ গল্প ( Just Another Love Story ) ২০১০ চনৰ বাংলা চলচ্চিত্ৰ নিৰ্মাতা কৌশিক গাংগুলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। ইয়াত অভিনয় কৰিছে ঋতুপৰ্ণ ঘোষ আৰু ইন্দ্ৰনীল সেনগুপ্তই।, ঘোষে ইয়াত এজন ট্ৰাঞ্চজেণ্ডাৰ চলচ্চিত্ৰ নিৰ্মাতাৰ চৰিত্ৰত অভিনয় কৰিছে।
-
আৰোহী (১৯৬৪ চলচ্চিত্ৰ)
আৰোহী (Aarohi) তপন সিনহা পৰিচালিত ১৯৬৪ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বনফুলৰ অৰ্জুনকাকা নামৰ চুটিগল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল তপন সিনহাই। ইয়াত পৰাধীন ভাৰতৰ এজন প্ৰবাসী বঙালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। ছবিখন অসীম পাল প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে অসীম পালে।
-
আৰ্দা
আৰ্দা উপসাগৰীয় সহযোগিতা পৰিষদৰ বেছিভাগ দেশতে অৱস্থিত আৰব উপদ্বীপৰ এক প্ৰকাৰৰ লোককথাৰ দলীয় নৃত্য। এই নৃত্যত শিল্পীসকলে ইটোৱে সিটোৰ বিপৰীতে দুটা শাৰীত মুখামুখীকৈ থিয় হৈ পৰিবেশন কৰা হয়; আৰু শিল্পীসকলে প্ৰত্যেকেই তৰোৱাল বা বেত ব্যৱহাৰ কৰিব পাৰে বা নকৰিবও পাৰে আৰু ইয়াৰ লগত ঢোল আৰু মৌখিক কবিতাও…
-
ইউ কেন ছি এভ্ৰিথিং
ইউ কেন ছি এভ্ৰিথিং হৈছে নাথান ফিল্ডাৰ আৰু ল্যান্স অ 'পেনহেইম ৰ দ্বাৰা পৰিচালিত ২০২৬ চনৰ এখন আমেৰিকান তথ্যচিত্ৰ। এই ছবিখনে অৱসৰপ্ৰাপ্ত স্বাস্থ্য প্ৰযুক্তি কোম্পানী থেৰানোছ ৰ প্ৰতিষ্ঠাপক এলিজাবেথ হোমছ আৰু তেওঁৰ অংশীদাৰ বিলি ইভান্সক অনুসৰণ কৰে, তেওঁলোকে বিনিয়োগকাৰীক হোমছে প্ৰতাৰণা কৰাৰ বাবে আমেৰিকা…
-
ইউয়ানশিয়াও
ইউয়ানশিয়াও হৈছে বৰা চাউলৰ আটাৰে তৈয়াৰী একপ্ৰকাৰৰ ডাম্পলিং বা লাড়ু চানেকীয়া পিঠা। ইয়াৰ ভিতৰত তিল বা বাদামৰ গুড়ি আৰু চেনি, অথবা মিঠা ৰঙা বীনৰ পেষ্ট পূৰ্ণ কৰি দিয়া হয়। চীনা নৱবৰ্ষৰ পঞ্চদশ দিন অৰ্থাৎ লণ্ঠন উৎসৱৰ সময়ত ইয়াক এক বিশেষ চুপ বা ৰসৰ সৈতে খোৱা হয়।
-
উপাসানে
উপাসানে ১৯৭৪ চনৰ এখন কানাড়ী সংগীতপ্ৰধান নাট্যধৰ্মী ছবি, যাৰ পৰিচালক পুত্তন্না কানাগালে। ৰাশি ভাতৃদ্বয়ে প্ৰযোজনা কৰা এই ছবিখন, দেৱকী মূৰ্তি ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত।
-
উষা কল্যাণম
উষা কল্যাণম ( Usha Kalyanam ) ১৯৩৬ চনৰ কে সুব্ৰমণিয়ামৰ পৰিচালনাত নিৰ্মিত এখন তামিল ভাষাৰ ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এছ ডি চুবুলক্ষ্মী, চি ভি ভি পান্থুলু আৰু জি পট্টু আয়াৰে। সেই সময়ৰ প্ৰথাৰ দৰেই এই ছবিখনৰ লগতে কিজাট্টু মাপিল্লাই নামৰ আন এখন ছবিও প্ৰদৰ্শিত হৈছিল।
-
উৎসৱ (চলচ্চিত্ৰ)
উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন। ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
-
এৰুথুকালি
এৰুথুকালি (ইংৰাজী: Erutukali, কেতিয়াবা এৰুথু কালি বুলিও লিখা হয়) হৈছে ভাৰতৰ কেৰেলা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এটা লোকশিল্প। এই লোকনৃত্য আৰু লোকানুষ্ঠানটো মূলতঃ মাভিলাৰ জনগোষ্ঠীৰ দ্বাৰা পালন কৰা হয়।
-
কবিৰাজ
কবিৰাজ বা ৰাজকবি হৈছে এটা সন্মানৰ উপাধি, যিটো মধ্যযুগীয় ভাৰতৰ ৰাজদৰবাৰৰ লগত জড়িত কবি আৰু সাহিত্যিকসকলক দিয়া হৈছিল। ৰাজকবি আৰু ইতিহাসবিদ হিচাপে সাহিত্যিক যোগ্যতাৰ বাবে ৰাজদৰবাৰত অন্তৰ্ভুক্ত হোৱা বিশিষ্ট চৰণসকলক কবিৰাজ (কবিৰ ৰজা) পদবী দিয়া হৈছিল।
-
কমিটি ভাওনা
কমিটি ভাওনা অসমৰ মৰিগাঁও জিলাৰ চৰাইবাহীত প্ৰতি ৩ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। ১৮৫৮ চনৰ ডিচেম্বৰ মাহৰ পৰা এই ভাওনা মহোৎসৱ চৰাইবাহীত অনুষ্ঠিত হৈ আহিছে। প্ৰথম অৱস্থাত ই বছৰেকীয়া হিচাপত অনুষ্ঠিত হৈছিল যদিও পিছলৈ ১৮৮৫ চনৰ পৰা প্ৰতি তিনিবছৰৰ মূৰত ভাওনা অনুষ্ঠিত কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়।
-
কল মি বাই ইয়ৰ নেম (চলচ্চিত্ৰ)
কল মি বাই ইয়ৰ নেম (Call Me by Your Name) হৈছে লুকা গুয়াডাগনিনোৰ দ্বাৰা পৰিচালিত ২০১৭ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ইয়াৰ চিত্ৰনাট্য জেমছ আইভৰীৰ দ্বাৰা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ ছবিখনৰ সহ-প্ৰযোজনাৰ সৈতেও জড়িত। ছবিখন আন্দ্ৰে এচিমেনৰ একে শিৰোনামৰে উপন্যাসখনৰ ওপৰত আধাৰিত।
-
কলকাতা নিউজ (চলচ্চিত্ৰ)
কলকাতা নিউজ ( Calcutta News ) ২০০৮ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ হৰৰ ছবি। ৰচনা আৰু পৰিচালনা ব্লেছিৰ। ছবিখনত অভিনয় কৰিছে দিলীপ, ইন্দ্ৰজিত সুকুমাৰণ, মীৰা জেচমিন আৰু বিমলা ৰমনে। সংগীত দেৱজ্যোতি মিশ্ৰৰ।
-
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (Kolkata Museum of Modern Art; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।
-
কলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
কলা শব্দই তলৰ বিষয়বস্তুসমূহ বুজাব পাৰে: * কলা (Art) বা শিল্প: মানৱ সৃজনশীলতাৰ ৰূপ। কলা (জীৱবিজ্ঞান) (Tissue): এক প্ৰকাৰৰ অথবা একাধিক ধৰনৰ কিছু কোষৰ সমষ্টি। কলা (Deaf): শ্ৰৱন বিসংগতি বা বধিৰতা থকা লোক। কলা: চন্দ্ৰৰ ষোল্ল ভাগৰ এভাগ।
-
কলাজ
কলাজ (ইংৰাজী Collage: ফৰাচী শব্দ Coller ৰ পৰা যাৰ অৰ্থ হৈছে আঠা লগোৱা)। কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়।
-
কলাপচন্দ্ৰ
কলাপচন্দ্ৰ (১৬-১৭ শতিকা) শংকৰদেৱৰ এগৰাকী কায়স্থ ভক্ত আছিল। ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৪ৰ্থ স্কন্ধ ভাগৱতৰ 'সতীৰ চৰিত্ৰ' আৰু 'পৃথুৰ চৰিত্ৰ'ৰ ভাঙনি কৰিছিল।
-
কাঁচলী: লাইফ ইন এ শ্লাফ
কাঁচলী: লাইফ ইন এ শ্লাফ ( Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী। ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা, ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী।
-
কাঁচেৰ স্বৰ্গ
কাঁচেৰ স্বৰ্গ (Kancher Swarga) যাত্ৰীক ৰচিত আৰু পৰিচালিত ১৯৬২ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। চিত্ৰযুগৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে প্ৰকাশ চন্দ্ৰ নানে। মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ মুখাৰ্জী, অনিল চেটাৰ্জী, বিকাশ ৰায়, আৰু পাহাড়ী সান্যালে।
-
কাজিৰঙা হস্তী মহোৎসৱ
কাজিৰঙা হস্তী মহোৎসৱ (Kaziranga Elephant Festival) হৈছে অসমৰ কাজিৰঙাত উদযাপন কৰা বাৰ্ষিক হস্তী মহোৎসৱ। হাতীৰ সংৰক্ষণ আৰু সুৰক্ষা বিষয়ে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাই হৈছে এই উৎসৱৰ মূল উদ্দেশ্য। ২০০৩ চনৰে পৰা এই উৎসৱ নিয়মীয়াকৈ পাতি অহা হৈছে।
-
কানাডা দিৱস
কানাডা দিৱস হৈছে কানাডাৰ ৰাষ্ট্ৰীয় দিৱস। ১৮৬৭ চনৰ ১ জুলাইত যেতিয়া ইউনাইটেড কানাডা (অন্টাৰিঅ' আৰু ক্যুবেক), নোভা স্কটিয়া আৰু নিউ ব্ৰান্সৱিকৰ তিনিটা পৃথক উপনিবেশক কানাডা নামৰ ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত একক ডমিনিয়নত একত্ৰিত কৰা হয় তেতিয়াৰ পৰাই কানাডাৰ কনফেডাৰেচনৰ বৰ্ষপূৰ্তি উদযাপন কৰা এটা দিৱস…
-
কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)
কাবুলিৱালা (হিন্দী: काबुलीवाला) ১৯৬১ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষিক চলচ্চিত্ৰ যিখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। হেমেন গুপ্তাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত বলৰাজ ছাহানি, ঊষা কিৰণ, সজ্জন, সোনু আৰু বেবী ফৰিদাই অভিনয় কৰে।
-
কামদা একাদশী
কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।
-
কামাখ্যাধামৰ চ'ৰাব্ৰত
আঘোনৰ পূৰ্নিমাৰ তিথিৰ ৰাতিবেলা কামৰূপৰ কোনো কোনো ঠাইৰ দৰে কামাখ্যা ধামতো চ'ৰা-ব্ৰত পালন কৰা হয়। চৰা শব্দৰ অৰ্থ হ'ল - সভক্তিৰে দেৱ দেৱীলৈ আগবঢ়োৱা উপাচাৰ। এই ব্ৰত উপলক্ষে বিৱাহিতা আৰু বিৱাহযোগ্য গাভৰুহঁতে ওৰে দিন উপবাসে থাকি ৰাতি দেৱী কাত্যায়ণীক পূজা কৰে।
-
কালবেলা (চলচ্চিত্ৰ)
কালবেলা হ'ল গৌতম ঘোষ পৰিচালিত আৰু ২০০৯ চনত নিৰ্মিত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম, সন্তু মুখোপাধ্যায়, সুনীল মুখোপাধ্যায়, সৌমিত্ৰ চট্টোপাধ্যায়ে এই বোলছবিখনত অভিনয় কৰিছিল।
-
কালিদাস বঁটা
কালিদাস সন্মান (Kalidas Samman) হৈছে ভাৰতৰ মধ্যপ্ৰদেশ চৰকাৰে বাৰ্ষিক কলা বঁটা। প্ৰাচীন ভাৰতৰ প্ৰখ্যাত ধ্ৰুপদী সংস্কৃত সাহিত্যিক কালিদাসৰ নামেৰে এই বঁটা প্ৰদান কৰা হৈছে। ১৯৮০ চনত প্ৰথমবাৰৰ বাবে কালিদাস সন্মান প্ৰদান কৰা হৈছিল।
-
কাৰ্ণালৰ মোগল সেতু
ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কৰ্ণালত থকা মোগল সেতুখন শ্বাহজাহানৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু জাহাংগীৰৰ তুজক-ই-জাহাংগীৰীৰ স্মৃতিগ্ৰন্থত ইয়াৰ উল্লেখ আছে।