কলাজ (ইংৰাজী ভাষা Collage: ফৰাচী শব্দ Coller ৰ পৰা যাৰ অৰ্থ হৈছে আঠা লগোৱা১)। কলাজ দৃশ্য কলাৰ এটা বিশেষ কৌশল। এই কলাত বিভিন্ন ৰূপৰ সংযোজনৰ দ্বাৰা সম্পূৰ্ণ নতুন এক ৰূপ তৈয়াৰ কৰা হয়। কলাজ এটা নিৰ্মাণ কৰিবলৈ সাধাৰণতে কোনো ৰঙীন আলোচনী, বাতৰিকাকত, ফিতা, ৰং, ৰঙীন কাগজ বা হস্ত নিৰ্মিত কাগজৰ টুকুৰা, অন্যান্য কলাকৃতি, সূতা, কাপোৰৰ টুকুৰা, ফটো ইত্যাদিৰ ব্যৱহাৰ কৰা দেখা যায়। এই উপাদান সমূহক কাগজ বা কেনভাচত আঠা দি লগোৱা হয়। কলাজৰ উৎপত্তি কেইবাশ বছৰ আগতেই হয়। কিন্তু এই কৌশলটো বিংশ শতাব্দীৰ আৰম্ভণিৰ পৰা হে নাটকীয় ভাৱে কলাৰ এটি অংশ হিচাপে নতুনত্ব লাভ কৰে। বিংশ শতাব্দীৰ আৰম্ভণিতে জৰ্জ ব্ৰাক আৰু পাব্ল' পিকাছ'ৰ দ্বাৰা কলাজ তৈয়াৰ হৈছিল। তেতিয়া এই কলাজ আধুনিক কলাৰ এক বিশিষ্ট অংশ হিচাপে পৰিচিত হৈ পৰে।২
তথ্যসূত্ৰ
- ↑ Enslen, Denise. Origin of the term "collage"
- ↑ Collage, essay by Clement Greenberg Retrieved July 20, 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলাজ” প্ৰবন্ধৰ সংশোধন ৩৮৭৮১৪ (১৭ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।