আৰোহী (Aarohi) তপন সিনহা পৰিচালিত ১৯৬৪ চনত নিৰ্মিত বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী ছবি। বনফুলৰ অৰ্জুনকাকা নামৰ চুটিগল্পৰ আধাৰত চিত্ৰনাট্য ৰচনা কৰিছিল তপন সিনহাই। ইয়াত পৰাধীন ভাৰতৰ এজন প্ৰবাসী বঙালীৰ জীৱন কাহিনী চিত্ৰিত কৰা হৈছে। ছবিখন অসীম পাল প্ৰডাকচনৰ বেনাৰত প্ৰযোজনা কৰিছে অসীম পালে। ইয়াত অভিনয় কৰিছে কালী বেনাৰ্জী, বিকাশ ৰায়, অজিতেশ বেনাৰ্জী আৰু ছায়া দেৱীয়ে। ছবিখনৰ সংগীত ৰচনা কৰিছে হেমন্ত মুখাৰ্জীয়ে। ১
১৯৬৪ চনৰ ৪ ছেপ্টেম্বৰত ছবিখনে মুক্তি লাভ কৰে। এইখনে দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক আৰু২ আৰু ২৮তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন বঁটাত ২য় শ্ৰেষ্ঠ ভাৰতীয় ছবি আৰু শ্ৰেষ্ঠ সহযোগাী অভিনেত্ৰীৰ (ছায়া দেৱী) বঁটা লাভ কৰে।৩
বঁটা
দ্বাদশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৫)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।
বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন বঁটা
- ২য় শ্ৰেষ্ঠ চলচ্চিত্ৰ
- শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী (ছায়া দেৱী)
তথ্যসূত্ৰ
- ↑ আৰোহী (১৯৬৪). বাংলাসিনেমা১০০
- ↑ 12th National Film Awards. ভাৰতেৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসব
- ↑ 28th Annual BFJA Awards. বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰোহী (১৯৬৪ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫০৮২৫৭ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।