উৎসৱ ( Utsav ) ১৯৮৪ চনত শশী কাপুৰৰ প্ৰযোজনা আৰু গিৰীশ কৰ্ণাডৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী এৰোটিক ড্ৰামা ছবি। শুদ্ৰকৰ মৃচ্ছকটিকম নাটকৰ আধাৰত নিৰ্মিত এই ছবিখন।১ ইয়াৰ হিন্দী আৰু ইংৰাজী ভাষাত একেলগে চিত্ৰগ্ৰহণ কৰা হৈছিল। ইংৰাজী সংস্কৰণৰ পোষ্ট প্ৰডাকচনৰ কাম লণ্ডনত কৰা হৈছিল।
ছবিখনত অভিনয় কৰিছে শংকৰ নাগ, শশী কাপুৰ, ৰেখা, আমজাদ খান, অনুৰাধা পেটেল, শেখৰ সুমন, অনুপম খেৰ, নীনা গুপ্তা, কুলভূষণ খাৰবন্দা, অন্নু কাপুৰ, সঞ্জনা কাপুৰ আৰু কুনাল কাপুৰে।
সমস্থানকৰ চৰিত্ৰত অভিনয় কৰিছে ছবিখনৰ প্ৰযোজক শশী কাপুৰে। ইয়াক প্ৰথমে অমিতাভ বচ্চনে অভিনয় কৰাৰ কথা আছিল। কিন্তু ১৯৮২ চনৰ জুলাই মাহত বচ্চনে বাংগালুৰুত এক ডাঙৰ দুৰ্ঘটনাৰ সন্মুখীন হয়। গতিকে প্ৰযোজকজনে নিজেই এই ভুমিকাটো কৰাৰ সিদ্ধান্ত লয়।২ ছবিখনৰ সংগীত লক্ষ্মীকান্ত-প্যাৰেলালৰ। লতা মংগেশকাৰ আৰু আশা ভোছলেৰ বিখ্যাত দ্বৈতকণ্ঠৰ গীত 'মন কিউ বেহকা ৰে বেহকা আধি ৰাত কো' আদি গীতৰ বাবে ছবিখন বিখ্যাত। ‘মেৰে মন বাজা মৃদং’গীতটোৰ বাবে ১৯৮৫ চনত অনুৰাধা পড়ৱালে ফিল্মফেয়াৰৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছিল। ভাৰতৰ কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব'ৰ্ডে ১৯৮৪ চনৰ ২৩ আগষ্টত ছবিখনক "এ" প্ৰমাণপত্ৰ প্ৰদান কৰে।৩
বঁটা
৩২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ কলা নিৰ্দেশক- নাচিকেত পটবৰ্ধন আৰু জায়ু পটবৰ্ধন
৩৩তম ফিল্মফেয়াৰ বঁটা
- শ্ৰেষ্ঠ গীতিকাৰ- বসন্ত দেৱ
- শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকা- অনুৰাধা পড়ৱাল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (31 January 2005). Of Jennifer and MTR (Shashi Kapoor interview). দ্য হিন্দু
- ↑ (1984-08-23). Utsav (1984). Central Board of Film Certification (CBFC)
- ↑ Richmond, Farley P. (1990). Indian Theatre: Traditions of Performance. University of Hawaii Press. পৃ. 55–62. ISBN 0824811909
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎসৱ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৬৪৪৬ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।