অৰুণাচলৰ আদিসকলে বছৰেকত উদ্যাপন কৰা বিভিন্ন উৎসৱৰ ভিতৰত অন্যতম উৎসৱ হৈছে আৰাণ উৎসৱ। এই পূজা সাধাৰণতে মাঘ মাহত বিবাহ উপলক্ষে পতা হয়।১ আৰাধ্য দেৱতাৰ আশীৰ্বাদ লোৱাৰ লগতে উপৰি পুৰুষৰ আশীৱাদো মগা হয় এই পূজাৰ মাধ্যমেৰে। পূজাৰ আগদিনা সৰগৰ পৰা অহি পূজা কৰা ঘৰৰ চুকত ৰৈ থকা পূৰ্বপুৰুষৰ আত্মাক তেওঁলোকে উৎসৱ উপলক্ষে খাবলৈ লোৱা মদ মাংস ঘৰৰ চুকেদি পেলাই দিয়ে। এই পূজাত ডেকাসকলে হাবিৰ পৰা বিভিন্ন খাদ্য সম্ভাৰ গোটাই সৰু সৰু ছোৱালীক উপহাৰ দি মৰম যাচে। সাধাৰণতে ৰাজহুৱা ভাৱে উদ্যাপন কৰা এই উৎসৱ এঘৰীয়াকৈও পালন কৰা হয়। অপায় অমংগলৰ পৰা পৰাত্ৰাণ পোৱাৰ মানসে আদিসকলে মানস কৰা সামগ্ৰী এই পূজাতো আগবঢ়োৱাৰ সুযোগ লয়।২
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাণ উৎসৱ” প্ৰবন্ধৰ সংশোধন ৩৬৯৯২৩ (২৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।