উপাসানে ১৯৭৪ চনৰ এখন কানাড়ী সংগীতপ্ৰধান নাট্যধৰ্মী ছবি, যাৰ পৰিচালক পুত্তন্না কানাগালে।১ ৰাশি ভাতৃদ্বয়ে প্ৰযোজনা কৰা এই ছবিখন, দেৱকী মূৰ্তি ৰচিত একে নামৰ উপন্যাসখনৰ আধাৰত নিৰ্মিত। ছবিখনত বেছিভাগেই মহিলাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে, য'ত আছে আৰতি, লীলাৱতী, এম.এন.লক্ষ্মী দেৱী, জি.ভি.শৰাধা আৰু আদৱানী লক্ষ্মী দেৱী।২ পুৰুষ সহযোগী চৰিত্ৰত অভিনয় কৰিছে ড০ গোবিন্দ মন্নুৰ, কে এছ অশ্বথ আৰু সীতাৰামে। এই ছবিখন মুক্তি পোৱাৰ পিছতে অভিনেতা সীতাৰামক তেওঁ বাকী থকা কৰ্মজীৱনত "উপাসনে" সীতাৰাম নামেৰে জনা গৈছিল। সংগীতৰ ৰচনা কৰিছিল বিজয়া ভাস্কৰে।৩
শাস্ত্ৰীয় সংগীতত নিজৰ কেৰিয়াৰ গঢ়িবলৈ মনস্থ কৰা সাৰদাৰ দুৰ্দশাৰ বিষয়ে ছবিখনত বৰ্ণিত হৈছে। ছবিখনে ১৯৭৪-৭৫ চনৰ কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ চিত্ৰনাট্য আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীকে ধৰি একাধিক হাই-প্ৰফাইল বঁটা লাভ কৰে। ১৯ বছৰ বয়সতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰা আৰতিয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰৰ বঁটা পাবলৈ সক্ষম হয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উপাসানে” প্ৰবন্ধৰ সংশোধন ৫৩০৬৭৩ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।