কাবুলিৱালা (হিন্দী ভাষা: काबुलीवाला) ১৯৬১ চনত মুক্তি লাভ কৰা এখন হিন্দী ভাষিক চলচ্চিত্ৰ যিখন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কাবুলিৱালা নামৰ চুটিগল্পৰ আধাৰত নিৰ্মাণ কৰা হৈছে। হেমেন গুপ্তাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত বলৰাজ ছাহানি, ঊষা কিৰণ, সজ্জন, সোনু আৰু বেবী ফৰিদাই অভিনয় কৰে।১২
অভিনেতা-অভিনেত্ৰী
- বলৰাজ ছাহানি (আব্দুল ৰহমত খান)
- সোনু (মিনি)
- ঊষা কিৰণ (মিনিৰ মাতৃ ৰামা)
- পদ্মা
- লক্ষ্মী
- সৰিতা দেৱী
- আনোৱাৰী বাই
- লীলা আগা
- বেবী ফৰিদা
- অছিত সেন (ভোলা)
গীতসমূহ
চলচ্চিত্ৰখনৰ গীতসমূহ প্ৰেম ধৱন আৰু গুলজাৰে ৰচনা কৰিছিল আৰু সংগীত পৰিচালনা কৰিছিল সলিল চৌধুৰীয়ে।
তথ্যসূত্ৰ
- ↑ "Of Kabuliwala and Unconditional Love", by Dinesh Raheja, Rediff.com
- ↑ Kabuliwala New York Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪০২৯৯৯ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।