কবিৰাজ বা ৰাজকবি হৈছে এটা সন্মানৰ উপাধি, যিটো মধ্যযুগীয় ভাৰতৰ ৰাজদৰবাৰৰ লগত জড়িত কবি আৰু সাহিত্যিকসকলক দিয়া হৈছিল।১ ৰাজকবি আৰু ইতিহাসবিদ হিচাপে সাহিত্যিক যোগ্যতাৰ বাবে ৰাজদৰবাৰত অন্তৰ্ভুক্ত হোৱা বিশিষ্ট চৰণসকলক কবিৰাজ (কবিৰ ৰজা) পদবী দিয়া হৈছিল। এনে চৰণে মধ্যযুগীয় ৰাজনীতিত অতি প্ৰভাৱশালী পদবী গ্ৰহণ কৰিছিল।২৩৪ কবিৰাজ শ্যামালদাস, কবিৰাজ বংকিদাস আদি৫ ব্যক্তিৰ বংশধৰসকলেও কবিৰাজ উপাধি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।
এই উপাধিটো সাধাৰণতে গুজৰাট, ৰাজস্থান আদিৰ লোকৰ মাজত পোৱা যায়। এই উপাধিটো প্ৰায়ে পোৱা সম্প্ৰদায়ৰ ভিতৰত এটা হ'ল চৰণ, যিসকল এই অঞ্চলসমূহৰ ৰাজপুত ৰাজ্যসমূহৰ ৰাজ্যিক কবি আৰু ইতিহাসবিদ আছিল।
তথ্যসূত্ৰ
- ↑ SELECTIONS FRM THE RECORDS OF THE GOVERNMENT OF INDIA 1884
- ↑ Rao; Nārāyaṇarāvu, Vēlcēru; Shulman, David Dean. (2003). Textures of Time: Writing History in South India 1600-1800. Other Press. ISBN 978-1-59051-044-5
- ↑ Ziegler. (1976). The Seventeenth Century Chronicles of Mārvāṛa: A Study in the Evolution and Use of Oral Traditions in Western India. History in Africa. পৃ. 127–153
- ↑ Ziegler. (April 1976). Marvari Historical Chronicles: Sources for the Social and Cultural History of Rajasthan. The Indian Economic & Social History Review. পৃ. 219–250
- ↑ Hooja. (2006). A History of Rajasthan. Rupa & Company. ISBN 978-81-291-0890-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিৰাজ” প্ৰবন্ধৰ সংশোধন ৪৭৯৫০৩ (১৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।