ভাৰতৰ হাৰিয়ানা ৰাজ্যৰ কৰ্ণালত থকা মোগল সেতুখন শ্বাহজাহানৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল আৰু জাহাংগীৰৰ তুজক-ই-জাহাংগীৰীৰ স্মৃতিগ্ৰন্থত ইয়াৰ উল্লেখ আছে।১
ইতিহাস
এই দলংখন শ্বাহজাহানে স্থাপন কৰিছিল।২ ই মোগল স্থাপত্যৰ উদাহৰণ।২ ১৭ শতিকাৰ সময়ছোৱাত ভ্ৰমণকাৰীসকলৰ সুবিধাৰ বাবে এই দলংখন ব্যৱহাৰ কৰা হৈছিল আৰু স্থানীয়ভাৱে ইয়াক “বাদশাহী পুল’’ বুলি কোৱা হয়।৩ এই দলংখনক ‘পুৰণি বাদশ্বাহী দলং’ বুলিও কোৱা হয়। এই দলংখন ১৫৪০-৪৪ খ্ৰীষ্টাব্দৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল।
স্থাপত্য
শিলৰদ্বাৰা গঠিত তিনিটা তোৰণেৰে গঠিত ইয়াৰ গাঁথনিগতভাৱে সুস্থ দলং। দুয়োফালে বীম আৰু তোৰণেৰে শক্তিশালী কৰা চাৰিটা গম্বুজ আকৃতিৰ শীৰ্ষ। এই দলংখন হাৰিয়ানা চৰকাৰৰ দ্বাৰা সুৰক্ষিত যদিও এতিয়াও জৰাজীৰ্ণ অৱস্থাত আছে।
তথ্যসূত্ৰ
- ↑ Haryana (India). (1976). Haryana District Gazetteers: Karnal. Haryana Gazetteers Organization
- ↑ Singh, Sarban; Organisation, Haryana (India) Gazetteers. (2001). Haryana State Gazetteer: Lacks special title. Haryana Gazetteers Organisation, Revenue Department
- ↑ Religion and Architecture. shodhganga.inflibnet.ac.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্ণালৰ মোগল সেতু” প্ৰবন্ধৰ সংশোধন ৬৩৬০৮০ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।