কল মি বাই ইয়ৰ নেম (Call Me by Your Name) হৈছে লুকা গুয়াডাগনিনোৰ দ্বাৰা পৰিচালিত ২০১৭ চনত মুক্তি লাভ কৰা এখন ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। ইয়াৰ চিত্ৰনাট্য জেমছ আইভৰীৰ দ্বাৰা কৰা হৈছে। ইয়াৰ উপৰিও তেওঁ ছবিখনৰ সহ-প্ৰযোজনাৰ সৈতেও জড়িত। ছবিখন আন্দ্ৰে এচিমেনৰ একে শিৰোনামৰে উপন্যাসখনৰ ওপৰত আধাৰিত। আই এম লাভ (২০০৯) আৰু এ বিগাৰ স্প্ল্যাছৰ (২০১৫) পিছত এই ছবিখন হৈছে গুয়াডাগনিনোৰ বিষয়ভিত্তিক "ডিজায়াৰ" ত্ৰিলজীৰ অন্তিমখন ছবি। "কল মি বাই ইয়ৰ নেম" চিনেমাখনে ১৯৮৩ চনত উত্তৰ ইটালীত বাস কৰা এজন ১৭ বছৰীয়া কিশোৰ এলিঅ পাৰলমেন ( টিমোথি চালামেট ) আৰু এলিঅ'ৰ দেউতাক চেমুৱেলৰ (মাইকেল ষ্টুলবাৰ্গ) প্ৰত্নতাত্বিক বিভাগৰ ২৪ বছৰীয়া সহযোগী স্নাতক-ছাত্ৰ অলিভাৰৰ (আৰ্মি হেমাৰ) মাজৰ ৰোমাণ্টিক সম্পৰ্কৰ বৰ্ণনা কৰিছে। এই চলচ্চিত্ৰখনত ১অভিনেত্ৰী আমিৰা কাছাৰ, এষ্টাৰ গাৰেল আৰু ভিক্টোয়েৰ ডু বোইছেও অভিনয় কৰিছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল মি বাই ইয়ৰ নেম (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩১০২৫৬ (৫ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।