কাঁচেৰ স্বৰ্গ (Kancher Swarga) যাত্ৰীক ৰচিত আৰু পৰিচালিত ১৯৬২ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। চিত্ৰযুগৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে প্ৰকাশ চন্দ্ৰ নানে।১ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ মুখাৰ্জী, অনিল চেটাৰ্জী, বিকাশ ৰায়, আৰু পাহাড়ী সান্যালে।২ সংগীতৰ ৰচনা কৰিছে জ্যোতিৰিন্দ্ৰ মৈত্ৰই। ১৯৬২ চনৰ ৯ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পায়। কাঁচেৰ স্বৰ্গই দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকৰ৩ উপৰিও তৃতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ২৬তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন (BFJA) বঁটা লাভ কৰে।
সংগীত
কাঁচেৰ স্বৰ্গ ছবিখনৰ সংগীত ৰচনা কৰিছে জ্যোতিৰিন্দ্ৰ মৈত্ৰই। গীতৰ কথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ। কণ্ঠদান কৰিছে সুমিত্ৰা সেন আৰু দ্বিজেন মুখাৰ্জীয়ে।
বঁটা
দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৩)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।৩
বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন বঁটা
- ৩য় শ্ৰেষ্ঠ চলচ্চিত্ৰ
তথ্যসূত্ৰ
- ↑ Kancher Swarga. timesofindia.indiatimes.com
- ↑ কাঁচেৰ স্বৰ্গ. indiancine.ma
- ↑ National films for Awards
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাঁচেৰ স্বৰ্গ” প্ৰবন্ধৰ সংশোধন ৫০৫০৮৪ (১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।