কলকাতা নিউজ ( Calcutta News ) ২০০৮ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ হৰৰ ছবি। ৰচনা আৰু পৰিচালনা ব্লেছিৰ। ছবিখনত অভিনয় কৰিছে দিলীপ, ইন্দ্ৰজিত সুকুমাৰণ, মীৰা জেচমিন আৰু বিমলা ৰমনে। সংগীত দেৱজ্যোতি মিশ্ৰৰ। নাৰী সৰবৰাহৰ বিষয় আৰু কেৰালাৰ এগৰাকী অনাথ ছোৱালী কেনেদৰে ইয়াৰ মাজত আবদ্ধ হৈ পৰে, সেই বিষয়ে ছবিখনত বৰ্ণিত হৈছে। ইয়াত ব্লেছিৰ অন্য শৈলীককৈ ভিন্ন এক শৈলী প্ৰদৰ্শন কৰা হৈছে আৰু দিলীপক তেওঁৰ সাধাৰণ কৌতুকধৰ্মী চৰিত্ৰৰ পৰা আঁতৰাই এক সুকীয়া চৰিত্ৰ প্ৰদান কৰা হৈছে।১২
সঁহাৰি
এই ছবিখনক ব্লেছিৰ অন্যতম একচন ছবি হিচাপে গণ্য কৰা হয়।৩ ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে, য’ত অভিনয়, কাহিনী আৰু কথন; লগতে বৰ্তমান দেশত চলি থকা ছবিখনত আলোচিত গুৰুতৰ বিষয়টোক প্ৰশংসা কৰা।৪ অৱশ্যে ছবিখন বক্স অফিচত ব্যৱসায়িকভাৱে বিফল হৈছিল।৫৬
বাহ্যিক সংযোগ
- Calcutta News Review at Sify
তথ্যসূত্ৰ
- ↑ Calcutta News is exhausting. Rediff.com
- ↑ (9 February 2021). Blessy's Calcutta News Cleverly Broadcasts an Important Social Message Under the Guise of a Romantic Thriller
- ↑ web.archive.org/web/20080329010346/http://sify.c
- ↑ 'Calcutta News' - Best of Malayalam movies based on journalism. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (12 March 2008). Kerala box-office. Sify
- ↑ (31 December 2008). Meera Jasmine. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকাতা নিউজ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৯৪১৯১ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।