ইউয়ানশিয়াও হৈছে বৰা চাউলৰ আটাৰে তৈয়াৰী একপ্ৰকাৰৰ ডাম্পলিং বা লাড়ু চানেকীয়া পিঠা।১ ইয়াৰ ভিতৰত তিল বা বাদামৰ গুড়ি আৰু চেনি, অথবা মিঠা ৰঙা বীনৰ পেষ্ট পূৰ্ণ কৰি দিয়া হয়। চীনা নৱবৰ্ষৰ পঞ্চদশ দিন অৰ্থাৎ লণ্ঠন উৎসৱৰ সময়ত ইয়াক এক বিশেষ চুপ বা ৰসৰ সৈতে খোৱা হয়। এই পিঠাবিধ দেখিবলৈ টাংইউৱানৰ দৰেই, কিন্তু পৰম্পৰাগতভাৱে ইয়াক এটা জাঁপি বা ডলা চানেকীয়া বাস্কেটত জোকাৰি জোকাৰি প্ৰস্তুত কৰা হয় আৰু ইয়াক ঘাইকৈ উত্তৰ চীনত পৰিৱেশন কৰা হয়।১২
ইউয়ানশিয়াও'ৰ ভিতৰভাগ মিঠা আৰু কঠিন হোৱাৰ লগতে ইয়াক ঘন ৰস বা ঝোলৰ সৈতে পৰিৱেশন কৰা হয়। ইয়াৰ উপৰিভাগ সাধাৰণতে শুকান আৰু কোমল হয়, আৰু ইয়াক বেছিদিন সাঁচি ৰাখিব নোৱাৰি (হ্ৰস্বস্থায়ী)।১ এই খাদ্যবিধ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো প্ৰথমে টান বা কঠিন পুৰখিনি প্ৰস্তুত কৰি সৰু সৰু টুকুৰাকৈ কাটি লৈ আৰম্ভ কৰা হয়। ইয়াৰ পিছত পুৰৰ টুকুৰাটো পানীত ডুবাই লৈ বাৰে বাৰে বৰা চাউলৰ শুকান গুড়িত ডলাখন জোকাৰি জোকাৰি ঘূৰণীয়া আকৃতিলৈ অনা হয়।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউয়ানশিয়াও” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৪২ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।