অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

উষা কল্যাণম

উষা কল্যাণম ( Usha Kalyanam ) ১৯৩৬ চনৰ কে সুব্ৰমণিয়ামৰ পৰিচালনাত নিৰ্মিত এখন তামিল ভাষাৰ ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এছ ডি চুবুলক্ষ্মী, চি ভি ভি পান্থুলু আৰু জি পট্টু আয়াৰে। সেই সময়ৰ প্ৰথাৰ দৰেই এই ছবিখনৰ লগতে কিজাট্টু মাপিল্লাই নামৰ আন এখন ছবিও প্ৰদৰ্শিত হৈছিল।

হালনাগাদ: ২৬ ফেব্ৰুৱাৰী ২০২৫ ১১৭ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

উষা কল্যাণম ( Usha Kalyanam ) ১৯৩৬ চনৰ কে সুব্ৰমণিয়ামৰ পৰিচালনাত নিৰ্মিত এখন তামিল ভাষাৰ ছবি। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল এছ ডি চুবুলক্ষ্মী, চি ভি ভি পান্থুলু আৰু জি পট্টু আয়াৰে। সেই সময়ৰ প্ৰথাৰ দৰেই এই ছবিখনৰ লগতে কিজাট্টু মাপিল্লাই নামৰ আন এখন ছবিও প্ৰদৰ্শিত হৈছিল।১ এই চুটি ছবিখনত এন.এছ.কৃষ্ণন আৰু টি.এ. মথুৰামে অভিনয় কৰা হৈছিল।

তামিল চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰাৰম্ভিক পথ প্ৰদৰ্শকসকলৰ ভিতৰত অন্যতম মাদুৰাইৰ মুৰুগান টকীজে এই ছবিখনৰ প্ৰযোজনা কৰিছিল। এই কোম্পানীটোৰ মালিক আছিল মহানগৰীৰ সূতাৰ ব্যৱসায়ীসকল। কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম ষ্টুডিঅ’ত শ্বুটিং কৰা এই ছবিখনৰ পৰিচালনা কৰিছিল দক্ষিণ ভাৰতৰ প্ৰাৰম্ভিক যুগৰ চলচ্চিত্ৰৰ অন্যতম পথ প্ৰদৰ্শক কে. সুব্ৰমনিয়াম। তেওঁক সহায় কৰিছিল তেওঁৰ খুৰাক চি ভি ভি আয়াৰে, যাক ছবিখনৰ সহকাৰী পৰিচালক হিচাপে কৃতিত্ব দিয়া হৈছিল।

প্লট

ছবিখন কৃষ্ণৰ নাতি অনিৰুদ্ধৰ হিন্দু পৌৰাণিক কাহিনীৰ আধাৰত নিৰ্মিত। অনিৰুদ্ধ আৰু অসুৰ বকাসুৰৰ কন্যা উষা, ইজনে সিজনৰ প্ৰেমত পৰে। বকাসুৰে তেওঁলোকৰ প্ৰেমত সন্মতি নিদি অনিৰুদ্ধক কাৰাগাৰত ভৰাই থয়। অনিৰুদ্ধক কৃষ্ণই ৰক্ষা কৰে, যিয়ে বকাসুৰক পৰাস্ত কৰি অনিৰুদ্ধক মুক্ত কৰে। বকাসুৰে অৱশেষত কৃষ্ণৰ লগত বুজাবুজি কৰে আৰু জীয়েকক অনিৰুদ্ধৰ সৈতে বিয়া দিয়ে।২

তথ্যসূত্ৰ

  1. ↑ Guy, Randor. (20 May 2012). Usha Kalyanam 1936. দ্য হিন্দু
  2. ↑ (1936). உஷா கல்யாணம். Murugan Talkies

সম্পৰ্কিত শ্ৰেণী

তামিল চলচ্চিত্ৰ১৯৩৬ বৰ্ষৰ চলচ্চিত্ৰভাৰতীয় লোককথাৰ আধাৰত নিৰ্মিত ছবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা কল্যাণম” প্ৰবন্ধৰ সংশোধন ৪৮২৮৬২ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।