অষ্ট্ৰিয়া, আনুষ্ঠানিকভাৱে অষ্ট্ৰিয়া গণৰাজ্য মধ্য ইউৰোপৰ এখন ৰাষ্ট্ৰ। এই দেশত প্ৰায় ৮.৫ মিলিয়ন লোকে বাস কৰে। স্থলবেষ্টিত এই দেশৰ উত্তৰে জাৰ্মানী আৰু চেক প্ৰজাতন্ত্ৰ, পূবে স্লোভাকিয়া আৰু হাঙ্গেৰি, দক্ষিণে স্লোভেনিয়া আৰু ইটালী, আৰু পশ্চিমে ছুইজাৰলেণ্ড আৰু লিছটেন্ষ্টাইন আছে। অষ্ট্ৰিয়া মূলত আল্পছ পৰ্বতমালাৰ উপৰত অৱস্থিত। দেশখনৰ তিনি-চতুৰ্থাংশ এলেকাই পৰ্বতময়।
অষ্ট্ৰিয়া এখন সংসদীয় গণতন্ত্ৰ। ইয়াত ৯খন ফেডাৰেল ৰাজ্য আছে। এইখন ইউৰোপৰ ৬খন ৰাষ্ট্ৰ মাজৰ অন্যতম যাৰ স্থায়ীভাবে নিৰপেক্ষতা ঘোষণা কৰা হৈছে। অষ্ট্ৰিয়াত ১৯৫৫ চনৰ পৰাই জাতিসংঘৰ আৰু ১৯৯৫ চনৰ পৰাই ইউৰোপিয়ান ইউনিয়নৰ সদস্য হিচাপে আছে।
অষ্ট্ৰিয়া অতীতত হাবছবুৰ্গ ৰাজাসকলৰ অধীনস্থ এখন বিস্তৃত শক্তিশালী সাম্ৰাজ্যৰ প্ৰাণকেন্দ্ৰ আছিল। ভিয়েনা সেই সাম্ৰাজ্যৰ ৰাজকীয় ৰাজধানী আছিল। ভিয়েনা বৰ্তমানেও অষ্ট্ৰিয়াৰ ৰাজধানী আৰু বিশ্বৰ অন্যতম প্ৰধান চহৰ হিচাপে গণ্য কৰা হয়। ইয়াৰ ৰাজকীয় ৰূপ, অসাধাৰণ বাৰোক স্থাপত্য, সঙ্গীত আৰু নাট্যকলা জগৎ বিখ্যাত।
নামাকৰণ
জাৰ্মান নাম অষ্টেৰেইকৰ অৰ্থ পূবৰ সাম্ৰাজ্য।১
বাহ্যিক সংযোগ
- Austria entry at Encyclopædia Britannica
- Austria information from the United States Department of State
- Austria at UCB Libraries GovPubs
তথ্যসূত্ৰ
- ↑ ক্লাগেন্ফাৰ্ট বিশ্ববিদ্যালয়
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অষ্ট্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৩৭৯৭৪৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।