অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মেক্সিকো

মেক্সিকো (México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (Estados Unidos Mexicanos), হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মেক্সিকো (México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (Estados Unidos Mexicanos),১২৩ হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।৪ প্ৰায় ২০,০০,০০০ বৰ্গ কিলোমিটাৰ (৭,৭০,০০০ বৰ্গ মাইল) মাটিকালিৰে মেক্সিকো হৈছে বৃহত্তৰ আমেৰিকা মহাদেশৰ পঞ্চম বৃহৎ ৰাষ্ট্ৰ আৰু পৃথিৱীৰ ভিতৰত ১৩তম বৃহৎ স্বাধীন ৰাষ্ট্ৰ। আনুমানিক প্ৰায় ১২.৯ কোটি জনসংখ্যাৰে৫ মেক্সিকো হৈছে পৃথিৱীৰ ভিতৰত দশম সৰ্বাধিক জনবহুল দেশ আৰু পৃথিৱীৰ ভিতৰত সৰ্বাধিক স্পেনীছ ভাষী লোকৰ দেশ। ইয়াৰ লগতে ব্ৰাজিলৰ পাছতে ই লেটিন আমেৰিকাৰ দ্বিতীয় সৰ্বাধিক জনবহুল দেশ।৫ মেক্সিকো এখন সংসদীয় সাংবিধানিক গণতন্ত্ৰ। ই ৩১খন ৰাজ্য আৰু এখন বিশেষ ৰাজধানী অঞ্চলেৰে গঠিত।৬

তথ্যসূত্ৰ

  1. ↑ Romo, Rafael. (November 23, 2012). After nearly 200 years, Mexico may make the name official. CNN
  2. ↑ (December 3, 2012). About Mexico. Embajada de Mexico en Estados Unidos (Mexican Embassy in the United States)
  3. ↑ (March 31, 2005). Official name of the country. Presidency of Mexico
  4. ↑ Merriam-Webster's Geographical Dictionary, 3rd ed., Springfield, Massachusetts, United States, Merriam-Webster; p. 733
  5. ↑ (2018-2019). Top 100 most populous countries. Countries of the World.com
  6. ↑ Chavez, Victor. (January 22, 2016). DF no es el estado 32, aclaran legisladores. El Financiero

সম্পৰ্কিত শ্ৰেণী

উত্তৰ আমেৰিকাৰ দেশৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেক্সিকো” প্ৰবন্ধৰ সংশোধন ৩৮২৬৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।