অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

স্পেইন

স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়।

হালনাগাদ: ২১ জুলাই ২০২৬ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

স্পেইন (España বা স্পেইন ৰাজ্য (Reino de España) হৈছে ইউৰোপ মহাদেশৰ দক্ষিণ-পশ্চিম কোণত অৱস্থিত এখন ৰাষ্ট্ৰ। চৰকাৰৰ প্ৰকাৰ অনুসৰি, দেশখন এখন সংসদীয় গণতান্ত্ৰিক ৰাজতন্ত্ৰ। ই আইবেৰিয়ান উপদ্বীপৰ প্ৰায় ৮৫% অঞ্চল সামৰি লয়। উপদ্বীপৰ বাকী অংশ স্পেইনৰ আটাইতকৈ সৰু চুবুৰীয়া পৰ্তুগাল আৰু জিব্ৰাল্টাৰৰ ব্ৰিটিছ প্ৰশাসনিক অঞ্চলত অৱস্থিত। স্পেইনৰ এলেকা হৈছে ৫,০৫,৯৯০ বৰ্গ কিমি (১,৯৫,৩৬০ বৰ্গ মাইল); স্পেইন হৈছে ইউৰোপৰ চতুৰ্থ বৃহত্তম দেশ আৰু আকাৰৰ হিচাপত ৰাছিয়া, ইউক্ৰেইন আৰু ফ্ৰান্সৰ পিছত দক্ষিণ ইউৰোপত সৰ্ববৃহৎ। মাদ্ৰিদ হৈছে স্পেইনৰ সৰ্ববৃহৎ চহৰ আৰু ৰাজধানী। বাৰ্চিলোনা, ভেলেন্সিয়া, চেভিয়া, বিলবাও আৰু মালাগা হৈছে আন কেইখনমান গুৰুত্বপূৰ্ণ চহৰ।

সম্পৰ্কিত শ্ৰেণী

ইউৰোপৰ দেশArticles with hAudio microformatsৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহপোখালি (দেশ)

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্পেইন” প্ৰবন্ধৰ সংশোধন ৬১৮৫৭৪ (২১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।