আটলাণ্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। ইয়াৰ ক্ষেত্ৰফল ১০,৬৪,০০,০০০ বৰ্গকিলোমিটাৰ (৪,১১,০০,০০০ বৰ্গমাইল);১ যি পৃথিৱীপৃষ্ঠৰ প্ৰায় ২০% আৰু মুঠ জলভাগৰ ২৬%।
বিশ্ব মহাসাগৰৰ সৈতে আন্তঃসম্পৰ্কযুক্ত আটলাণ্টিক মহাসাগৰৰ পশ্চিমে আমেৰিকা মহাদেশ আৰু প্ৰশান্ত মহাসাগৰৰ একাংশ, পূবে ইউৰোপ, আফ্ৰিকা আৰু ভাৰত মহাসাগৰ, উত্তৰে উত্তৰ মহাসাগৰ, আৰু দক্ষিণে দক্ষিণ মহাসাগৰ অৱস্থিত। বিষুৱ ৰেখাই আটলাণ্টিক মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ আটলাণ্টিক মহাসাগৰ আৰু দক্ষিণে দক্ষিণ আটলাণ্টিক মহাসাগৰ।
তথ্যসূত্ৰ
- ↑ "The New Encyclopaedia Britannica", Volume 2, Encyclopaedia Britannica, 1974. p.294
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আটলাণ্টিক মহাসাগৰ” প্ৰবন্ধৰ সংশোধন ২৩৯৯৪৭ (২৮ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।