ইৰাক চৰকাৰীভাৱে ইৰাক প্ৰজাতন্ত্ৰ (Arabic: Jumhūrīyat al-‘Irāq দ্ঝুম্হুৰীয়েত এল ইৰাআক়), এখন পশ্চিম এছিয়াৰ ৰাষ্ট্ৰ। ইয়াৰ চাৰিসীমা হৈছে, উত্তৰে তুৰষ্ক, পূৱে ইৰান, দক্ষিণপূৱত কুৱেইট, দক্ষিণে চৌদি আৰৱ, দক্ষিণপশ্চিমত জৰ্দান আৰু পশ্চিমে ছিৰিয়া। ইয়াৰ দক্ষিণাঞ্চল আংশিক ভাবে আৰব উপদ্বীপৰ ভিতৰত পৰে। ৰাষ্ট্ৰখনৰ ৰাজধানী বাগদাদ দেশৰ মধ্যভাগত অৱস্থিত আৰু এইখনেই দেশখনৰ বৃহত্তম নগৰ। ইৰাকৰ বৃহত্তম ভাষিক গোষ্ঠী হৈছে আৰব আৰু কুৰ্ড। অন্যান্য ভাষিক গোষ্ঠীবোৰ হৈছে এছিৰিয়ান, য়াজিদি, আৰ্মেনিয়ান, মনডিয়েনছ, চাৰকেছিয়ান, আৰু কাৱলিয়া।১ দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯৫% নাগৰিক মুছলমান, আৰু অবশিষ্ট ৫% লোক খ্ৰীষ্টধৰ্ম, য়াৰ্ছান, য়াজিদি, আৰু মনডেনি ধৰ্মাৱলোম্বী।
পাৰস্য উপসাগৰৰ উত্তৰাংশত ইৰাকৰ এক ঠেক উপকূল আছে যাৰ দৈৰ্ঘ্য প্ৰায় 58 কি.মি. হ'ব। দেশখনৰ মেছ'পটেমিয়ান এলোভিয়েল সমভূমিৰ উত্তৰ পশ্চিম সীমান্তত জাগ্ৰছ পৰ্বত মালা, আৰু পূৱ অঞ্চল হৈছে ছিৰিয়া মৰুভূমি।২ দুখন প্ৰধান নদী, টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ, ইৰাকৰ মধ্যভাগেদি দক্ষিণলৈ পাৰ্ছিয়ান গ'ল্ফৰ কাষত ছাট আল-আৰৱলৈ বৈ গৈছে। এই নদী দুখনে ইৰাকৰ ভূমিভাগ উৰ্বৰ কৰি ৰাখে।
তথ্যসূত্ৰ
- ↑ Article 125 of the Iraqi Constitution.http://www.refworld.org/pdfid/454f50804.pdf
- ↑ (2007-11-26). Declaration of Principles for a Long-Term Relationship of Cooperation and Friendship Between the Republic of Iraq and the United States of America
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাক” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৮৮ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।