আহমেদাবাদ ভাৰতৰ গুজৰাট ৰাজ্যৰ বৃহত্তম তথা পূৰ্বৰ ৰাজধানী চহৰ। ই আহমেদাবাদ জিলাৰ সদৰ আৰু গুজৰাট উচ্চ ন্যায়ালয় ইয়াতেই অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৫,৬৩৩,৯২৭জন। এই হিচাপে ই ভাৰতৰ পঞ্চম বৃহত্তম চহৰ আৰু আনুমানিক ৬,৩৫৭,৬৯৩জন লোকৰ সৈতে ই ভাৰতৰ সপ্তম বৃহত্তৰ মেট্ৰ'প'লিটান এলেকা।১২ আহমেদাবাদ সাবৰমতী নদীৰ পাৰত, গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ পৰা ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰৈত অৱস্থিত।
তথ্যসূত্ৰ
- ↑ (29 September 2016). India: States and Major Agglomerations – Population Statistics, Maps, Charts, Weather and Web Information. citypopulation.de
- ↑ (1 January 2017). Major Agglomerations of the World – Population Statistics and Maps. citypopulation.de
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আহমেদাবাদ” প্ৰবন্ধৰ সংশোধন ৩৮০০১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।