কামৰূপ মহানগৰ জিলা অসমৰ ৩৩খন জিলাৰ ভিতৰত এখন।
ইতিহাস
কামৰূপ মহানগৰ জিলাখন ২০০৩ চনৰ ৩ ফেব্ৰুৱাৰীত পুৰণি কামৰূপ জিলাখনক দুভাগত বিভক্ত কৰি গঠন কৰা হয়।১
ভুগোল
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত।২ জিলাখনে মুঠ ৯৫৫ বৰ্গ কিলোমিটাৰ ঠাই আৱৰি আছে।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি কামৰূপ মহানগৰ জিলাৰ জনসংখ্যা ১২,৫৩,৯৩৮ জন।৩ এই সংখ্যা ইষ্ট'নিয়া দেশৰ জনসংখ্যাৰ লগত৪ বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেম্পশ্বায়াৰ ৰাজ্যৰ লগত মিলে।৫ জনসংখ্যাৰ দিশৰপৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত ইয়াৰ স্থান ৩৮৪তম।৩ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ১,৩১৩ জন।৩ ২০০১-২০১১ চনৰ কলছোৱাত ইয়াৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৮.৩৪%।৩ কামৰূপ মহানগৰ জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩৬ গৰাকী৩ আৰু সাক্ষৰতাৰ হাৰ ৮৮.৭১%।৩
তথ্যসূত্ৰ
- ↑ Law, Gwillim. (2011-09-25). Districts of India. Statoids
- ↑ Home page. Kamrup Metropolitan district website
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ US Directorate of Intelligence. Country Comparison:Population
- ↑ 2010 Resident Population Data. U. S. Census Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কামৰূপ মহানগৰ জিলা” প্ৰবন্ধৰ সংশোধন ৪২১২৯৩ (১৮ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।