
এণ্টাৰ্কটিকা পৃথিৱী এখন মহাদেশ। কুমেৰু অৰ্থাৎ দক্ষিণ মেৰুত এই মহাদেশৰ অৱস্থিত, আৰু এই মহাদেশক পৰিবেষ্টন কৰি আছে দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা পৃথিৱীৰ দক্ষিণতম মহাদেশ হোৱাৰ লগতেই আটাইতকৈ শীতলতম আৰু শুষ্কতম মহাদেশ। ইয়াৰ গড় উচ্চতা আৰু বায়ুপ্ৰবাহবেগও মহাদেশবোৰৰ ভিতৰত সৰ্বাধিক।১
এণ্টাৰ্কটিকা এক মৰুভূমি হিচাবে বিবেচনা কৰা হয়, কাৰণ ইয়াৰ বাৰ্ষিক বৃষ্টিপাত মাত্ৰ ২ ৰ পৰা ০ মিমি (৮ ইঞ্চি), ই কেবল উপকূলৰহে পৰিমাণ, ভিতৰৰ পৰিমাণ ইয়াতকৈও কম।২ ইয়াত স্থায়ীভাবে মানুহ বাস নকৰে, মহাদেশখনৰ বিভিন্ন স্থানত থকা গবেষণা ষ্টেচনসমূহত ১,০০০ ৰ পৰা ৫,০০০ মানুহ বছৰৰ বিভিন্ন সময়ত অৱস্থান কৰে। প্ৰবল শীতৰ বাবে উদ্ভিদ আৰু প্ৰাণী ইয়াত জীয়াই থকা কঠিন, কেবল পেঙ্গুইন, চিল, নেমাটোড, টাৰ্ডিগ্ৰেৰ, মাইট, বিভিন্ন প্ৰকাৰৰ শৈবাল, অন্যান্য অনুবিক্ষণীয় জীৱ আৰু তুন্দ্ৰাৰ উদ্ভিদসমূহে ইয়াৰ বাসিন্দা।
তথ্যসূত্ৰ
- ↑ National Geophysical Data Center. National Satellite, Data, and Information Service
- ↑ C. Alan Joyce. (2007-01-18). The World at a Glance: Surprising Facts. The World Almanac
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এণ্টাৰ্কটিকা” প্ৰবন্ধৰ সংশোধন ২৩৪৩৩৬ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।