তিনিচুকীয়া (Tinisukia) অসমৰ এখন মুখ্য নগৰ আৰু পৌৰসভা অঞ্চল। ই অসমৰ এক মুখ্য উদ্যোগিক নগৰ। তিনিচুকীয়া জিলাৰ সদৰ। চহৰখনৰ পুৰণি নাম বেংমৰা যি মটক ৰাজ্যৰ ৰাজধানী আছিল। তিনিচুকীয়া নামৰ উৎপত্তি চহৰখনৰ পশ্চিমত থকা তিনিকোণীয়া নামৰ তিনিটা চুক থকা পুখুৰী এটাৰ পৰা হৈছে। ১৮৮৪ চনত ডিব্ৰু-শদিয়া ৰেলপথ প্ৰতিষ্ঠাৰ পাছত চহৰখনৰ প্ৰভুত আৰ্থ-সামাজিক পৰিবৰ্ত্তন হ'বলৈ লয়।
আলোকচিত্ৰ ভঁৰাল

বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তিনিচুকীয়া” প্ৰবন্ধৰ সংশোধন ৫২৪৭৭৭ (১৭ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।