প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ৰঙাবক্ষৰ পখিলা
ৰঙাবক্ষৰ পখিলা (Redbreast, বৈজ্ঞানিক নাম-Papilio alcmenor) দক্ষিণ এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷
-
ৰঙামূৰীয়া শেন
ৰঙামূৰীয়া শেন(Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷
-
ৰবাব টেঙা
ৰবাব টেঙা (Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷
-
ৰাইডাং বেত
ৰাইডাং বেত (Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।
-
ৰাঙল ফুল
ৰাঙল ফুল বা ইক্সৰা হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ। ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়।
-
ৰাধাচূড়া
ৰাধাচূড়া, ফেবেচি (Fabaceae) পৰিয়ালৰ অন্তৰ্গত বৃক্ষৰ এবিধ প্ৰজাতি। যাক ইংৰাজীত জাভা কেচিয়া, পিংক শ্বাৱাৰ, আপেল ব্লচম ট্ৰী, ৰেইনবʼ শ্বাৱাৰ ট্ৰী আৰু পালাৱান চেৰী বুলিও কোৱা হয় ইয়াৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু ইয়াৰ ধুনীয়া ৰঙা আৰু গোলাপী ৰঙৰ ফুলৰ গোটৰ বাবে ইয়াক বিশ্বজুৰি…
-
ৰাভেন পখিলা
ৰাভেন পখিলা (Common Raven, বৈজ্ঞানিক নাম-Papilio castor) দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷
-
ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান
ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান (Ramsagar National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই দিনাজপুৰ জিলাৰ আউলিয়াপুৰ ইউনিয়নৰ অন্তৰ্গত তাজপুৰ গাঁৱত অৱস্থিত। উদ্যানখন দিনাজপুৰ সদৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত স্থিত "ৰামসাগৰ" হ্ৰদৰ চাৰিওফালে অৱস্থিত।
-
ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য
ৰেমা-কালেংগা বন্যপ্ৰাণী অভয়াৰণ্য (Rema-Kalenga Wildlife Sanctuary) হৈছে বাংলাদেশৰ এখন সংৰক্ষিত বনাঞ্চল আৰু বন্যপ্ৰাণী অভয়াৰণ্য। এইখন এখন শুকান আৰু চিৰসেউজ অৰণ্য। ই বাংলাদেশৰ হবিগঞ্জ জিলাৰ চুনাৰুঘাট উপজিলাত অৱস্থিত।
-
অ'ক চৰাই
অ'ক চৰাই বা great auk (Pinguinus impennis) এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই। স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল।
-
অ'লিংগুইট'
অ'লিংগুইট (Olinguito, বৈজ্ঞানিক নাম-Bassaricyon neblina) শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ‘Bassaricyon’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী। অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে। অলিঙ্গো (Olingo) হ’ল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী।
-
অছবেকিয়া জুবিনগাৰ্গিয়ানা
অছবেকিয়া জুবিনগাৰ্গিয়ানা হৈছে ভাৰতৰ অসম ৰাজ্যৰ মানস ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিৱেশ তন্ত্ৰত আৱিষ্কাৰ হোৱা মেলাষ্টোমেটেচিয়া পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদ।
-
অপুক প্ৰকৃতি সংৰক্ষিত বনাঞ্চল
অপুক প্ৰকৃতি সংৰক্ষিত বনাঞ্চল কৃষ্ণ সাগৰৰ উপকূলত কেৰ্চ উপদ্বীপৰ দক্ষিণ উপকূলত অৱস্থিত এখন সংৰক্ষিত প্ৰকৃতি অঞ্চল। ই কেৰ্চৰ সমতল ভূমিৰ মাজৰপৰা উঠি অহা চূণশিলাৰ এটা পৰ্বতশ্ৰেণী (অপুক পৰ্বত) আৰু এটা লৱণাক্ত হ্ৰদ (কোয়াশস্কোয়ে হ্ৰদ)ক কেন্দ্ৰ কৰি গঠিত।
-
অশ্বগন্ধা
অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।
-
অসমী দুৰা কাছ
অসমী দুৰা কাছ বা ছিলেটী দুৰা কাছ হʼল জিঅ’ইমিডিডে (Geoemydidae) পৰিয়ালৰ অন্তৰ্গত এবিধ কাছ প্ৰজাতি। ভাৰত (অসম) আৰু পূব বাংলাদেশৰ কিছু অংশত ব্ৰহ্মপুত্ৰ-মেঘনা জলনিৰ্গমনস্থলীত এইবিধ কাছ পোৱা যায়। পূৰ্বতে ইয়াক বটাগুৰ (Batagur) গণ আৰু বিলুপ্ত হৈ যোৱা কচুগা (Kachuga) গণত স্থান দিয়া হৈছিল।
-
অসমৰ উদ্ভিদ (তালিকা)
অকাজী ফুল অপৰাজিতা অশোক ফুল অসমৰ বনৌষধি অৰ্কিড অৰ্জুন গছ আঁহত আখৈ ফুল আদা আম আমলখি আহোম বগৰী ইচবগুল ইলাচী উড়ল গছ এজাৰ এন’ক্ট’চিলাছ ব্ৰেভিলাব্ৰিছ এৰিডেছ অ'ড'ৰাটা ঔ টেঙা ঔষধি উদ্ভিদ কঠনা ফুল কদম কপৌ ফুল কলমৌ কাজিনেমু কামিনী কাঞ্চন কুঞ্জলতা কৃষ্ণচূড়া কেচেৰু গছ কেঞাবন কেতেকী ফুল কেলান্থে অ'ডোৰা কৌপাত…
-
অসমৰ বৰষুণ
সমগ্ৰ অসমত গড়ে প্ৰতি বছৰে ১৫০০ – ২০০০ মিলিমিটাৰ বৰষুণ হয়। সাধাৰণতে ডিচেম্বৰ মাহৰপৰা ফেব্ৰুৱাৰী মাহলৈকে বৰষুণৰ পৰিমাণ যথেষ্ট কমি থাকে। মাৰ্চ মাহৰ মাজভাগৰপৰা ৰাজ্যখনত বৰষুণৰ পৰিমাণ ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰে। জুলাই মাহৰপৰা ছেপ্টেম্বৰৰ শেষৰপৰা বৰষুণৰ পৰিমাণ লাহে লাহে কমি আহে আৰু আকাশ ফৰকাল হ’বলৈ ধৰে।
-
আভাকাডো
আভাকাডো (Avacado) এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হ'ল - Persea Americana। ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়।
-
আমুৰ ফেলকন
আমুৰ ফেলকন(: Amur falcon (Falco amurensis) হৈছে ফেলকন বা শেনচৰাই পৰিয়ালৰ এবিধ সৰু চিকাৰী চৰাই। ই সাধাৰণতে দক্ষিণ-পূব ছাইবেৰিয়া আৰু উত্তৰ চীনৰ মুকলি অৰণ্য আৰু মুকলি তৃণভূমিত প্ৰজনন কৰে।
-
আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান
আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান (Alaungdaw Kathapa National Park) ম্যানমাৰৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই ৫৪১.৬ বৰ্গমাইল (১,৪০৩ বৰ্গ কিলোমিটাৰ) অঞ্চল আৱৰি আছে। ১৯৮৯ চনত আলাউঙ্গদাও কাঠাপা ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছিল আৰু ইয়াক আছিয়ান হেৰিটেজ পাৰ্কসমূহৰ ভিতৰৰ এখন হিচাপে তালিকাভুক্ত কৰা হৈছে।
-
আস্কানীয়া-নোভা
আস্কানীয়া-নোভা (Askania-Nova) সম্পূৰ্ণ ইউক্ৰেইনীয় নাম ফাল্ৎস-ফেইনৰ নামেৰে নামকৰণ কৰা আস্কানীয়া-নোভা জৈৱ-মণ্ডল সংৰক্ষিত এলেকা ইউক্ৰেইনৰ খেৰছন অব্লাষ্টত, শুকান টাউৰিডা ষ্টেপ অঞ্চলত, অলেশ্কি ছেণ্ডছৰ ওচৰত অৱস্থিত এখন জৈৱ-মণ্ডল সংৰক্ষিত এলেকা।
-
আৰ্ডৱাৰ্ক
আৰ্ডৱাৰ্ক (Aardvark) দক্ষিণ আফ্ৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। অফ্ৰিকান ভাষাত এই শব্দটোৰ অৰ্থ 'মাটি গাহৰি' (Earth Pig)। প্ৰধানকৈ দঃ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ দক্ষিণে এইবিধ প্ৰাণী পোৱা যায়। আৰ্ডৱাৰ্ক বৰ নিৰ্জু আৰু লাজকুৰীয়া। ইহঁতে মাটিত গাঁত খান্দি বাস কৰে।
-
ই চি ষ্টুৱাৰ্ট বেকাৰ
এডৱাৰ্ড চাৰ্লছ ষ্টুৱাৰ্ট বেকাৰ (Edward Charles Stuart Baker) যুক্তৰাজ্যৰ এগৰাকী প্ৰখ্যাত ব্ৰিটিছ পক্ষীবিদ (ornithologist) তথা আৰক্ষী বিষয়া আছিল। অসম কে ধৰি উত্তৰ-পূবৰ চৰাইসমূহৰ তথ্য সংগ্ৰহ আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।
-
ইউথেলিয়া জুবিনগাৰ্গী
ইউথেলিয়া জুবিনগাৰ্গী (Euthalia zubeengargi), যাক সাধাৰণতে বাচাৰ ডিউক (Basar duke) বুলি জনা যায়, হৈছে Nymphalidae পৰিয়ালৰ আৰু Limenitidinae উপ-পৰিয়ালৰ অন্তৰ্গত এক প্ৰজাতিৰ পখিলা। অৰুণাচল প্ৰদেশৰ পূব হিমালয় অঞ্চলত ৰোচন উপাধ্যায় আৰু কালেশ সদাশিৱনে এই নতুন প্ৰজাতিটো আৱিষ্কাৰ কৰিছিল।
-
ইউৰেছিয়ান পিগমী শ্ৰীউ
ইউৰেছিয়ান পিগমী শ্ৰীউ (ইংৰাজী:Eurasian pygmy shrew; বৈজ্ঞানিক নাম: Sorex minutus), এবিধ ইউৰেছিয়া অৰ্থাৎ ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশত পোৱা চিকাজাতীয় প্ৰাণী। ইয়াক প্ৰায়ে পিগমী শ্ৰীউ বুলিও কোৱা হয়। ই আয়াৰলেণ্ড একমাত্ৰ স্থানীয় শ্ৰীউ।
-
ইটছ ইয়ৰ ফল্ট
ইটছ ইয়ৰ ফল্ট (It's Your Fault) হ’ল ২০১৩ চনৰ এখন ব্যংগাত্মক ভিডিঅ' য’ত কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেয়ে অভিনয় কৰিছে। এই ভিডিঅ'টোৱে ভাৰতত ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়টোক উপস্থাপন কৰিছে। ই ইণ্টাৰনেটত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইউটিউবত ৫৫,০০,০০০ তকৈও অধিক লোকে ইয়াক চাইছিল।
-
ইণ্ডোচিলভিৰানা ইণ্ডিকা
ইণ্ডোচিলভিৰানা ইণ্ডিকা (Indosylvirana indica)(Indosylvirana indica) বা ভাৰতীয় সোণালী পিঠিয়া ভেকুলী হ'ল ৰানিডে পৰিয়ালৰ এবিধ ভেকুলী৷ পূৰ্বতে ইয়াক ইণ্ডোচিলভাইৰানা টেম্প'ৰেলিছৰ সৈতে একে বুলি গণ্য কৰা হৈছিল যদিও ২০১৪ চনৰ এক অধ্যয়নত ইয়াক এটা সুকীয়া প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছিল।
-
ইণ্ড্ৰেলা এম্পুলা
ইণ্ড্ৰেলা এম্পুলা:Indrella, হৈছে এটা একপ্ৰজাতীয় গণ, অৰ্থাৎ এই গণৰ অন্তৰ্গত মাত্ৰ এটা প্ৰজাতি আছে। সেই একমাত্ৰ প্ৰজাতিটোৰ নাম হৈছে ইণ্ড্ৰেলা এম্পুলা। ই এৰিঅ’ফেন্টিডে পৰিয়ালৰ অন্তৰ্গত এবিধ গ্রীষ্মমণ্ডলীয় (ক্ৰান্তীয়), স্থলচৰ আৰু বায়ু-শ্বাসী গেষ্ট্ৰোপড মলাস্ক, অৰ্থাৎ এবিধ স্থলচৰ শামুক।এই প্ৰজাতিটো…
-
ইনচুলিন গছ
ইনচুলিন গছ হৈছে ইংৰাজীত সাধাৰণতে ফিয়েৰি কষ্টাছ (fiery costus) বা স্পাইৰেল ফ্লেগ (spiral flag) নামেৰে জনাজাত কষ্টেচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ ঔষধি উদ্ভিদ। ই পূৱ ব্ৰাজিলৰ এবিধ থলুৱা প্ৰজাতি। মধুমেহ ৰোগ উপশম কৰাৰ গুণ থকা বাবে ভাৰতত এই উদ্ভিদক ইনচুলিন প্লেণ্ট বুলি জনা যায়।
-
ইনলেণ্ড টাইপেন
ইনলেণ্ড টাইপেন (Inland Taipan) (বৈজ্ঞানিক নাম: Oxyuranus microlepidotus), বা স্মল স্কেলড স্নেক (Small Scaled Snake) বা ফিয়াৰছ্ স্নেক (Fierce Snake) একপ্ৰকাৰৰ বিষাক্ত সাপ। ইয়াৰ মূল বাসস্থান অষ্ট্ৰেলিয়া। ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বেছি বিষাক্ত সাপ হিচাপে জনাজাত।