প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ইন্দিৰাণা
ইন্দিৰাণা (Indirana) হৈছে ৰানিক্সালিডে পৰিয়ালৰ এটা ভেকুলী প্ৰজাতি। এই ভেকুলী প্ৰজাতিটো ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি৷ ইহঁতক কেতিয়াবা ভাৰতীয় ভেকুলী বুলিও সাধাৰণ নামেৰে জনা যায়, আনহাতে ইহঁতৰ পৰিয়ালৰ সদস্যক "ডেও দিয়া ভেকুলী" বুলিও কোৱা হয়।
-
ইন্দিৰাণা ব্ৰাকিটাৰ্ছাছ
ইন্দিৰাণা ব্ৰাচিটাৰ্ছাছ (Indirana brachytarsus) হৈছে ভাৰতৰ পশ্চিম ঘাট (আনামালাই পাহাৰকে ধৰি)ত পোৱা এবিধ প্ৰজাতি ভেকুলী৷
-
ইভন কে ফুলব্ৰাইট
ড° ইভন কে ফুলব্ৰাইট এগৰাকী আইচলেণ্ডীয়-আমেৰিকান যৌনবিজ্ঞানী, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব।
-
ইৰানৰ জলবায়ু পৰিবৰ্তন
ইৰানৰ জলবায়ু পৰিৱৰ্তনয়ে পৰিৱেশত বিশেষ প্ৰভাৱ পেলাইছে। মধ্যপ্ৰাচ্য আৰু উত্তৰ আফ্ৰিকা (MENA) অঞ্চলৰ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ সংবেদনশীল দেশসমূহৰ ভিতৰত ইৰাণ অন্যতম।
-
ইৰানৰ বন্যপ্ৰাণী
ইৰানৰ বন্যপ্ৰাণী (wildlife of Iran) য়ে ইয়াত থকা উদ্ভিদ আৰু প্ৰাণী উভয়কে সামৰি লয়। ইৰাণৰ অন্যতম বিখ্যাত প্ৰাণী হৈছে সংকটজনকভাৱে বিপন্ন এছিয়াটিক চিতা। ইয়াৰ বৈজ্ঞানিক নাম হ'ল Acinonyx jubatus venaticus,এই এছিয়াটিক চিতা আজি কেৱল ইৰাণতে জীয়াই আছে।
-
উঝ ৰাষ্ট্ৰীয় প্ৰকৃতি উদ্যান
উঝ ৰাষ্ট্ৰীয় প্ৰকৃতি উদ্যান (ইউক্ৰেইনীয়ান: Ужанський національний природний парк) হৈছে ইউক্ৰেইনত অৱস্থিত এখন সুৰক্ষিত বনাঞ্চল। এই উদ্যানখন প’লেণ্ড আৰু শ্ল'ভাকিয়াৰ সীমান্তত থকা জাকাৰপেটিয়া ওব্লাষ্টৰ উঝহোৰোদ ৰাইনত অৱস্থিত।
-
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ
উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (Northern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus leucogenys) হৈছে দক্ষিণ পূব এছিয়াৰ স্থানীয় হলৌ বান্দৰৰ এক সংকটাপন্ন প্ৰজাতি। দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কাছ ছিকি)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে; পূৰ্বতে ইয়াক সমগোত্ৰীয় বুলি গণ্য কৰা হৈছিল।
-
উহোলকা-শিৰোকি লু প্ৰাচীন বিচ অৰণ্য
উহোলকা-শিৰোকি লু (ইংৰাজী: Uholka-Shyrokyi Luh primeval beech forest) নামৰ সুৰক্ষা প্ৰাপ্ত বনাঞ্চলখন ইউক্ৰেইনৰ ট্ৰান্সকাৰ্পেথিয়ান অঞ্চলত অৱস্থিত আৰু ই কাৰ্পেথিয়ান বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ অন্তৰ্গত। ৮৮০০ হেক্টৰ ক্ষেত্ৰফলেৰে ই সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰাচীন বিচ অৰণ্য।
-
এচাৰ পালমেটাম
জাপানীজ মেপল (palmate maple) বা মসৃণ জাপানীজ মেপল বা এচাৰ পালমেটাম জাপান, কোৰিয়া, চীন, পূব মংগোলিয়া আৰু দক্ষিণ-পূব ৰাছিয়াৰ স্থানীয় উদ্ভিদৰ এক প্ৰজাতি। এই মেপলৰ বহুতো ভিন ভিন জাত নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ দৃষ্টিনন্দন ৰূপ, পাতৰ আকৃতি আৰু দৰ্শনীয় ৰঙৰ বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।
-
এছিয়াৰ ৰেঘা থকা ফেঁচা
এছিয়াৰ ৰেঘা থকা ফেঁচা (Asian Barred Owlet, বৈজ্ঞানিক নাম:Glaucidium cuculoides) এবিধ মধ্যম আকৃতিৰ ফেঁচা। ইয়াক ভাৰত উপমহাদেশৰ উত্তৰ অঞ্চল আৰু দক্ষিণ-পূৱ এছিয়াৰ কিছু ঠাইত পোৱা যায়।
-
এছিয়াৰ চিতা
এছিয়াৰ চিতা বা চিতা বাঘ ( Asiatic cheetah; বৈজ্ঞানিক নাম: Acinonyx jubatus venaticus) হৈছে বৰ্তমান কেৱল ইৰাণত জীয়াই থকা সংকটাপন্ন চিতা বাঘৰ এক উপ-প্ৰজাতি।
-
এছীয় দীঘল-নেজীয়া নিগনি
এছীয় দীঘল-নেজীয়া নিগনি বা Asiatic long-tailed climbing mouse (Vandeleuria oleracea) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত পোৱা কৃন্তক প্ৰাণীৰ এক প্ৰজাতি। ই Ixodes চিকৰাই কৰা ভাইৰেল ৰোগ ক্যাচানুৰ ফৰেষ্ট ডিজিজ (Kyasanur Forest disease) বিয়পায়।
-
ঔদ্যোগিক আৱৰ্জনা
ঔদ্যোগিক আৱৰ্জনা ঔদ্যোগিক কাৰ্যকলাপৰ ফলত উৎপন্ন হোৱা আৱৰ্জনা, য'ত যিকোনো সামগ্ৰী থাকে; যিবোৰ কাৰখানা, মিল আৰু খনন কাৰ্যৰ উৎপাদন প্ৰক্ৰিয়াৰ সময়ত বাহিৰ কৰি পেলোৱা হয়।
-
ক'লা-কমলা ৰঙৰ মাখি ধৰা ফ্লাইকেচাৰ
ক’লা-কমলা ৰঙৰ মাখি ধৰা বা ক’লা আৰু ৰুফ’ছ ফ্লাইকেচাৰ: The black-and-orange flycatcher (Ficedula nigrorufa) or black-and-rufous flycatcher হৈছে দক্ষিণ ভাৰতৰ মধ্য আৰু দক্ষিণ পশ্চিম ঘাট, নীলগিৰি আৰু পালনী পাহাৰীয়া অঞ্চলৰ স্থানীয় মাখি ধৰা প্ৰজাতিৰ চৰাই।
-
কণী উমনি দিয়া
কণী উমনি দিয়া এক প্ৰক্ৰিয়া, যাৰ দ্বাৰা কণী দিয়া প্ৰাণীৰ এটা কণী, ডিম্বাশয়ৰ পৰা বাহিৰ হোৱাৰ পিছত কণীৰ ভিতৰত গঢ় লৈ উঠা ভ্ৰূণৰ বিকাশ হয়। কণী ফুটি পোৱালি জগাবলৈ অনুকূল পৰিৱেশত কণী উমনি দিয়া হয়। বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ কণী উমনিৰ বাবে একাধিক কাৰক অতি প্ৰয়োজনীয়।
-
কাকৈঢোৰা
কাকৈঢোৰা (Painted Stork; বৈজ্ঞানিক নাম: Mycteria leucocephala) এবিধ পানী যুঁৱলিত দেখা পোৱা চৰাই। হিমালয়ৰ পাদদেশৰ দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত এই চৰাই দেখা পোৱা যায়। অসমতো চৰাই বিধ পোৱা যায়। তৰাং পানীত দল বান্ধি থাকে। আধাখোলা ঠোঁট পানীত ডুবাই ৰাখি ইফাল-সিফাল কৰি থাকে।
-
কাগজ ফুল
কাগজ ফুল (বৈজ্ঞানিক নাম: Bougainvillea glabra) বা পেপাৰফ্লাৱাৰ, হৈছে বনছাইৰ বাবে ব্যৱহৃত বৌগেইনভিলিয়াৰ আটাইতকৈ সাধাৰণ এটি প্ৰজাতি। বৈজ্ঞানিক নামত থকা 'গ্লেব্ৰা' উপনামটো এটি লেটিন শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে "তপা"।
-
কাৰ্পেথিয়ান বায়'স্ফিয়াৰ ৰিজাৰ্ভ
কাৰ্পেথিয়ান বায়’স্ফিয়াৰ ৰিজাৰ্ভ (ইউক্ৰেইনীয়ান: Карпатський біосферний заповідник) হৈছে ইউক্ৰেইনত অৱস্থিত এখন জীৱমণ্ডল সংৰক্ষিত অঞ্চল (বায়’স্ফিয়াৰ ৰিজাৰ্ভ)। ই ১৯৬৮ চনত প্ৰতিষ্ঠা হৈছিল আৰু ১৯৯২ চনত ইউনেস্ক’ৰ বিশ্ব বায়’স্ফিয়াৰ ৰিজাৰ্ভ নেটৱৰ্কৰ অন্তৰ্ভুক্ত হৈছিল।
-
কেয়ং ইমাছ
কেয়ং ইমাছ (জাভানিজ আৰু ইণ্ডোনেছিয়ান ভাষাত "সোণালী শামুক") হৈছে জাভানিজ ভাষাৰ এক বিখ্যাত লোককথা য'ত এগৰাকী ৰাজকুমাৰীক যাদুকৰীভাৱে ৰূপান্তৰিত কৰি সোণালী শামুকৰ খোলাত বন্দী কৰা হয়।
-
কোলাহল (শব্দ)
অবাঞ্চিত বা ক্ষতিকাৰক শব্দক কোলাহল বোলে, যাক অপ্ৰিয়, উচ্চ বা শ্ৰৱণ ক্ষমতাত বিঘ্নকাৰী বুলি গণ্য কৰা হয়। পদাৰ্থ বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা শব্দ আৰু আকাংক্ষিত শব্দৰ মাজত কোনো পাৰ্থক্য নাথাকে, কিয়নো দুয়োটাই বায়ু বা পানীৰ দৰে মাধ্যমৰ মাজেৰে হোৱা কম্পন।
-
ক’লা নহৰু
ক’লা নহৰু (Black garlic) হৈছে এবিধ বুঢ়া নহৰু যাৰ ৰং গভীৰ বাদামী-ক’লা। ই পূব এছিয়াৰ মূলৰ। ইয়াক (এলিয়াম চেটিভাম) কেইবা সপ্তাহ উষ্ণ, আৰ্দ্ৰ, নিয়ন্ত্ৰিত পৰিৱেশত ক'লা নহৰু প্ৰস্তুত কৰা হয় – ই এক মেইলাৰ্ড প্ৰক্ৰিয়া যিয়ে ক’লা নহৰু উৎপন্ন কৰে আৰু যাৰ টেঙা সোৱাদ সাধাৰণ নহৰুৰ পৰা পৃথক।
-
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান
খাদিমনগৰ ৰাষ্ট্ৰীয় উদ্যান (Khadim Nagar National Park) বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল। এই উদ্যানখন দেশৰ উত্তৰ-পূব অঞ্চলৰ চিলেট জিলাৰ চিলেট সদৰ উপজিলাত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু ইয়াৰ চাৰিওফালে কলাগুল, ভূৰজান আৰু গুলনী চাহবাগিছা আছে।
-
খেক-শিয়াল
খেক-শিয়াল (Bengal fox or Indian fox; বৈজ্ঞানিক নামঃ Vulpes bengalensis)ক ভাৰতীয় শিয়াল বা বংগৰ শিয়াল বুলিও জনা যায়৷ভাৰতীয় উপমহাদেশৰ হিমালয়ৰ পাদদেশ আৰু নেপালৰ তেৰাইৰ পৰা দক্ষিণ ভাৰতৰ মাজেৰে, আৰু দক্ষিণ আৰু পূব পাকিস্তানৰ পৰা পূব ভাৰত আৰু দক্ষিণ-পূব বাংলাদেশলৈকে ই এবিধ স্থানীয় শিয়াল।
-
খোজকাঢ়ি যোৱা মাছ
খোজকাঢ়ি যোৱা মাছ(Walking fish), এনে এবিধ মাছ, যি দীৰ্ঘসময় ধৰি স্থলপথেৰে যাত্ৰা কৰিবলৈ সক্ষম। আন কিছুমান নন-ষ্টেণ্ডাৰ্ড মাছৰ গতিবিধিৰ ভিতৰত সাগৰৰ তলত "খোজ" কঢ়া মাছ, যেনে, হেণ্ডফিছ বা ফ্ৰগফিছত দেখা যায়।
-
গন্ধকচু
গন্ধকচু অসমত পোৱা এবিধ সুগন্ধি উদ্ভিদ৷ ইয়াৰ বৈজ্ঞানিক নাম: Homalomena aromatica. ই কচু গোত্ৰৰ এটা প্ৰজাতি৷ এই প্ৰজাতিটো এৰেচী (Araceae) নামৰ পৰিয়ালৰ অন্তৰ্গত৷ অতি উচ্চ মানৰ সুগন্ধৰ বাবে এই কচুক সুগন্ধি কচু বোলা হয়৷ এই প্ৰজাতিৰ অন্য এটা বাণিজ্যিক নাম হ’ল সুগন্ধমন্ত্ৰী৷
-
গীৰ ৰাষ্ট্ৰীয় উদ্যান
গীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্য,ক ছাছান গীৰ বুলি জনা যায়। ভাৰতৰ গুজৰাট ৰাজ্যৰ তালালা(গীৰ) নামৰ ঠাইখনত গীৰ ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাষ্ট্ৰীয় উদ্যানখন সোমনাথ মন্দিৰৰ পৰা ৪৩ কিঃমিঃ উত্তৰ-পূৰ্বত, জুনাগড়ৰ পৰা ৬৫ কিঃমিঃ দক্ষিণ-পূবত আৰু আমৰেলিৰ পৰা ৬০ কিঃমিঃ দক্ষিণ-পশ্চিমে অৱস্থিত।
-
গোবি ভালুক
গোবি ভালুক (Gobi bear, বৈজ্ঞানিক নাম: Ursus arctos gobiensis) হ'ল আৰ্চিডাই (Ursidae) গোত্ৰৰ বাদামী ভালুকৰ এটা উপ-প্ৰজাতি। ইয়াক মংগোলীয় ভাষাত মাজালাই (Mazaalai) নামেৰে জনা যায়।
-
গোলাপী জামু
গোলাপী জামু (Rose-apple) দক্ষিণ-পূব এছিয়াত উৎপত্তি হোৱা লগতে পৃথিৱীৰ বিভিন্ন ঠাইত বহুলভাৱে পোৱা এবিধ উদ্ভিদ, ইয়াক অলংকাৰিক আৰু ফলমূলৰ গছ হিচাপে জনা যায়।
-
ঘুণ
ঘুণ (Common furniture beetle; বৈজ্ঞানিক নামঃ Anobium punctatum) হৈছে মূলতঃ ইউৰোপৰ পৰা অহা এক কাঠ-বাঁহ বিন্ধা কৰা এবিধ পোক আৰু এতিয়া বিশ্বজুৰি বিস্তৃত। পলুৰ অৱস্থাত ই কাঠ ছিদ্ৰ কৰি ইয়াক খায়। প্ৰাপ্তবয়স্ক ঘুণ (Anobium punctatum)ৰ দৈৰ্ঘ্য ২.৭–৪.৫ মিলিমিটাৰ (০.১১–০.১৮ ইঞ্চি)।
-
চয়াবিন
চয়াবিন হৈছে এক প্ৰকাৰৰ মাহজাতীয় উদ্ভিদ। ই হৈছে পূব এছিয়াৰ স্থানীয় উদ্ভিদ। ই এবিধ একবাৰ্ষিক উদ্ভিদ। অতিৰিক্ত চৰ্বিহীন চয়াবিনেৰে তৈয়াৰ কৰা খাদ্য হৈছে প্ৰয়োজনীয় প্ৰ'টিনৰ প্ৰাথমিক উৎস।