অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰঙাবক্ষৰ পখিলা

ৰঙাবক্ষৰ পখিলা (Redbreast, বৈজ্ঞানিক নাম-Papilio alcmenor) দক্ষিণ এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

হালনাগাদ: ৩ জানুৱাৰী ২০২৪ ১৫৩ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

ৰঙাবক্ষৰ পখিলা (Redbreast, বৈজ্ঞানিক নাম-Papilio alcmenor) দক্ষিণ এছিয়াত দেখা পোৱা এটা চাতকনেজীয়া পখিলাৰ প্ৰজাতি৷

বিৱৰণ

মতা ৰঙাবক্ষৰ পখিলাৰ পাখিৰ ওপৰৰ অংশ ক'লা৷ আগফালৰ পাখি (Fore wing)ৰ বৰণ ক'লা, তাতে শেঁতা বৰণৰ কিছুমান পথালি আৰু সমান্তৰাল আঁচ থকা দেখা যায়৷ পাখিৰ তলৰ অংশ ধূসৰ বৰণীয়া আৰু আঁচবোৰ ওপৰৰ পাখিতকৈ যথেষ্ট বহল হয়৷ ইয়াৰ পিছফালৰ পাখিৰ বৰণ ক'লা৷ আগফালৰ পাখিৰ গুৰিত এটা গাঢ় ৰঙা দাগ থাকে৷

Female
Femaleছবি: C.T. Bingham · Public domain

মাইকী ৰঙাবক্ষৰ পখিলাৰ পাখিৰ ওপৰৰ অংশ পাতল ক'লা বৰণীয়া৷ আগফালৰ পাখি দুখনত থকা পথালি আৰু সমান্তৰাল আঁচবোৰ (adnervular streaks) শেঁতা আৰু বহল হয়৷ ১

বিতৰণ

উত্তৰ-পূব ভাৰত, নেপাল, ভূটান আৰু চীনত ই বিস্তৃত হৈ আছে৷

স্থিতি

ৰঙাবক্ষৰ পখিলা সতকাই দেখিবলৈ পোৱা যায় আৰু বৰ্তমানলৈকে ই সংকটৰ পৰা মুক্ত বুলি ঠাৱৰ কৰা হৈছে৷২

লগতে পঢ়ক

  • Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
  • Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
  • Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.

তথ্যসূত্ৰ

  1. ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2. (Under Papilio rhetenor)
  2. ↑ Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 2-88032-603-6

সম্পৰ্কিত শ্ৰেণী

পখিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙাবক্ষৰ পখিলা” প্ৰবন্ধৰ সংশোধন ৪০০৩৩৭ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।