ইউৰেছিয়ান পিগমী শ্ৰীউ (ইংৰাজী:Eurasian pygmy shrew; বৈজ্ঞানিক নাম: Sorex minutus), এবিধ ইউৰেছিয়া অৰ্থাৎ ইউৰোপ আৰু এছিয়াৰ উত্তৰ অংশত পোৱা চিকাজাতীয় প্ৰাণী। ইয়াক প্ৰায়ে পিগমী শ্ৰীউ বুলিও কোৱা হয়। ই আয়াৰলেণ্ড একমাত্ৰ স্থানীয় শ্ৰীউ।১ ইউৰেছিয়ান পিগমী শ্ৰীউ ভৰৰ হিচাপত পৃথিৱীৰ দ্বিতীয় ক্ষুদ্ৰতম স্তন্যপায়ী প্ৰাণী। ইয়াৰ গড় ভৰ মাত্ৰ ৪ গ্ৰাম।
এই জীৱবিধ দিন ৰাতি উভয়ে সক্ৰিয় হৈ থাকে। ইয়াৰ মূল খাদ্য সমূহ হ'ল, গছৰ গেলা পচা অংশ আৰু সৰু অমেৰুদণ্ডী পোক-পৰুৱা। ইহঁত সাধাৰণতে গাঁত খান্দি মাটিৰ তলত বাস কৰে।২ইয়াৰ সৰ্বোচ্চ ভৰ ৪ গ্ৰাম।১ ইউৰেছিয়ান পিগমী শ্ৰীউৰ দেহৰ ভিতৰত সংঘটিত ৰসায়নিক বিক্ৰিয়াৰ হাৰ আৰু গতি দুয়োটা আন জীৱৰ তুলনাত আটাইতকৈ বেছি। সেয়ে জীয়াই থাকিবলৈ প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ইহঁতক খাদ্যৰ প্ৰয়োজন।৩৪
ইহঁতৰ প্ৰজনন কাল সাধাৰণতে এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ। মাইকী শ্ৰীউ জনীয়ে এবাৰত দুটাৰ পৰা আঠটা পৰ্যন্ত পোৱালি জন্ম দিয়ে। পোৱালিবোৰ মাটিৰ তলত অৱস্থিত বাহত লালন পালন কৰা হয়। ইহঁতৰ গৰ্ভকাল মাত্ৰ তিনি সপ্তাহ। সেয়ে এবছৰত ইহঁতে পাঁচ বাৰ পোৱালি জগাব পাৰে। ইহঁতৰ জীৱন কাল মাত্ৰ ১৫ মাহ।২
২০০৮ চনৰ এপ্ৰিল মাহত আয়াৰলেণ্ডত গ্ৰেটাৰ হোৱাইট টুথদ শ্ৰীউ (ডাঙৰ বগা দঁতীয়া শ্ৰীউ) আৱিষ্কৃত হয়।৫ বিভিন্ন প্ৰকাৰৰ বাহ্যিক প্ৰজাতিৰ অন্তৰ্ভুক্তকৰণৰ বাবে বৰ্তমান এই সৰু প্ৰজাতিৰ স্তন্যপায়ী জীৱ সকলৰ জীৱন ধাৰণত ব্যাঘাত জন্মইছে। স্থানীয় পৰিস্থিতি তন্ত্ৰ আংশিক ভাবে সলনি হলেও এনে জীৱ সমূহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।৫

তথ্যসূত্ৰ
- ↑ Irish mammals — the Pygmy Shrew
- ↑ UK safari on Pygmy shrews
- ↑ Phibius-log.blogspot.com — Sorex minutus
- ↑ Burton, Robert; Burton, Maurice. (1970). The international wildlife encyclopedia. Marshall Cavendish. পৃ. 2358–2359. ISBN 0-7614-7266-5
- ↑ (2008-04-28). For Good Or Ill, Ireland Gains Another Mammal Species. Science Daily
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰেছিয়ান পিগমী শ্ৰীউ” প্ৰবন্ধৰ সংশোধন ৬০৫৬৫৪ (১০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।