ৰঙামূৰীয়া শেন১(Red-necked Falcon, বৈজ্ঞানিক নাম-Falco chicquera) ফেলকন (falcon) পৰিয়ালৰ অন্তৰ্ভুক্ত এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ ই ভাৰত আৰু আফ্ৰিকাত বহুলভাৱে বিস্তৃত৷
বিৱৰণ
ৰঙামূৰীয়া শেনৰ আকাৰ মজলীয়া৷ আফ্ৰিকাৰ মতা ৰঙামূৰীয়া শেনৰ দেহৰ ওজন প্ৰায় ১৩৯-১৭৮ গ্ৰাম আৰু মাইকীৰ ১৯০-৩০৫ গ্ৰাম হোৱা দেখা যায়৷ ইয়াৰ ডেউকা দীঘল৷ মূৰত উজ্জ্বল মাখন বৰণীয়া মুকুট (rufous crown) থাকে৷ মতা আৰু মাইকী উভয়ে দেখিবলৈ একে যদিও আকাৰ ভিন্ন হয়৷ মতা ৰঙামূৰীয়া শেন আকাৰত মাইকীজনীতকৈ যথেষ্ট সৰু হয়৷ পোৱালী ৰঙামূৰীয়া শেনৰ দেহৰ বৰণ পাতল হয়৷
বিতৰণ
ই প্ৰধানকৈ এছিয়া আৰু আফ্ৰিকাত বিস্তৃত হৈ আছে৷
বাসস্থান
ৰঙামূৰীয়া শেন প্ৰধানকৈ শুকান অৰ্ধ মৰুভূমি (semi-desert) অঞ্চল, চাভানা (savannah) আৰু অন্য মুকলি অঞ্চল সমূহত দেখিবলৈ পোৱা যায়৷
আচৰণ
ৰঙামূৰীয়া শেন সাধাৰণতে দোকমোকালি পুৱা আৰু গধূলি সময়ত সক্ৰিয় হৈ উঠে৷
খাদ্য
ই গছৰ ডাল-পাতৰ আঁৰত জোপ লৈ চৰাই খেদি খেদি চিকাৰ কৰে৷ তাৰোপৰি বাদুলী, ডাঙৰ পোক-পতংগ আদিও ইয়াৰ প্ৰিয় খাদ্য৷ প্ৰায়েই ই যোৰ পাতি চিকাৰ কৰে৷
প্ৰজনন
ৰঙামূৰীয়া শেনে গছত থকা পুৰণি বাহকে পুনৰ ব্যৱহাৰ কৰে আৰু ৩-৫ টাকৈ কণী পাৰে৷
তথ্যসূত্ৰ
- Barlow, Clive (1997): A field guide to birds of The Gambia and Senegal. Pica Press, Nr. Robertsbridge (East Sussex). ISBN 1-873403-32-1
- Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6
- Kemp, Alan C.; Kemp, Meg & Hayman, Peter (2001): Birds of Prey of Africa and its Islands. Struik, Cape Town. ISBN 1-86872-732-7
- Wink, Michael & Sauer-Gürth, Hedi (2000): Advances in the molecular systematics of African raptors. In: Chancellor, R.D. & Meyburg, B.-U. (eds): Raptors at Risk: 135-147. WWGBP/Hancock House, Berlin/Blaine. PDF fulltext
- Wink, Michael; Seibold, I.; Lotfikhah, F. & Bednarek, W. (1998): Molecular systematics of holarctic raptors (Order Falconiformes). In: Chancellor, R.D., Meyburg, B.-U. & Ferrero, J.J. (eds.): Holarctic Birds of Prey: 29-48. Adenex & WWGBP. PDF fulltext
বাহ্যিক সংযোগ
- Red-necked Falcon - Species text in The Atlas of Southern African Birds.
তথ্যসূত্ৰ
- ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰঙামূৰীয়া শেন” প্ৰবন্ধৰ সংশোধন ৫৪০৬৪৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।