প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ফুটুকলা
ফুটুকলা (Indian Rhododendron) ই এক গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ বিধৰ অন্যান্য নাম সমূহ হৈছে- ফুটকলা, বনতেজপাত ইত্যাদি। ই এবিধ বনৌষধি। সাধাৰণতে এই গছ বিধ বনৰীয়া। বাটৰ কাষ, এৰাবাৰী, বাকৰি আদি ঠাইত এই গছবিধ গজে। ই সাধাৰণতে পাহাৰ বা ওখ ঠাইত বেচিকৈ গজে।
-
ফুটুকী টুনি
ফুটুকী টুনি, ( Scaly-breasted Munia বা Spotted Munia, বৈজ্ঞানিক নাম-Lonchura punctulata) এটা ঘনচিৰিকাৰ আকাৰৰ চৰাইৰ প্ৰজাতি। ই এছিয়াৰ স্থানীয় চৰাই। ইয়াৰ বুকু আৰু পেট অংশত থকা ফুটুকীয়া ৰঙৰ বাবেই ইয়াক ফুটুকী টুনি বুলি কোৱা হয়। এই প্ৰজাতিৰ এঘাৰটা উপ-প্ৰজাতি থকা বুলি জনা যায়।
-
ফেচুলুকা
ফেচুলুকা (Red-vented Bulbul, বৈজ্ঞানিক নাম-Pycnonotus cafer) এবিধ মজলীয়া আকাৰৰ চৰাইৰ প্ৰজাতি। ইয়াক ভাৰত উপমহাদেশৰ শ্ৰীলংকাৰ পৰা তিব্বতলৈকে স্থানীয়ভাৱে দেখা পোৱা যায়।
-
বক ফুল
বক ফুল (বৈজ্ঞানিক নাম: Sesbania grandiflora; সমাৰ্থক: Aeschynomene grandiflora, Agati grandiflora; ইংৰাজী: vegetable hummingbird, agati বা hummingbird tree; বড়ো: বক বিবাৰ; তাই-আহোম: ব্লক-ঞা-না), লেগুমিনেছি (Leguminaceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ মজলীয়া আকাৰৰ গছ৷
-
বগা ভালুক
বগা ভালুক বা ধ্ৰুৱীয় ভালুক মেৰু অঞ্চলত পোৱা এবিধ ভালুক।
-
বনজ উৎপাদন
বনজ উৎপাদন ভাৰতীয় বন আইন, ১৯২৭ৰ ধাৰা ২(৪)ৰ অধীনত সংজ্ঞায়িত কৰা হৈছে। ইয়াৰ আইনী সংজ্ঞাৰ ভিতৰত কাঠ, কয়লা, ৰবৰৰ কেঁচামাল, ডালচেনি, কাঠ-তেল, ৰেজিন, প্ৰাকৃতিক বাৰ্নিচ, বাকলি, লেক, শিলিখা, মহুৱা ফুল (বনাঞ্চলৰ ভিতৰত পোৱা হওক বা নহওক), গছ আৰু পাত, ফুল আৰু ফল, উদ্ভিদ (ঘাঁহ, লতা, বেত আৰু শৈবালকে ধৰি),…
-
বনাঞ্চলৰ আৱৰণ
বনাঞ্চলৰ আৱৰণ ভূমিপৃষ্ঠৰ কোনো বিশেষ অঞ্চল সামৰি লোৱা গছৰ পৰিমাণক বুজোৱা হয়। ইয়াক আপেক্ষিক (শতাংশত) বা নিৰপেক্ষ (বৰ্গ কিলোমিটাৰ/বৰ্গমাইলত) হিচাপে জুখিব পাৰি। বিশ্বৰ প্ৰায় এক তৃতীয়াংশ ভূমি অৰণ্যৰে আবৃত, আবৃত অৰণ্যৰ ৪ - ৫ বিলিয়ন হেক্টৰ ভূমি।
-
বন্ধ পৰিৱেশ ব্যৱস্থা
বন্ধ পৰিৱেশ ব্যৱস্থা বা নিহিত পৰিৱেশ ব্যৱস্থা (CES) হৈছে এনে পৰিৱেশ তন্ত্ৰ যিয়ে জীৱন ৰক্ষা কৰাত সহায় কৰিবলৈ ব্যৱস্থাৰ বাহিৰৰ কোনো অংশৰ সৈতে পদাৰ্থ বিনিময়ৰ ওপৰত নিৰ্ভৰ নকৰে। এই শব্দটো বেছিভাগেই সৰু, মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰক বুজাবলৈ ব্যৱহাৰ কৰা হয়।
-
বাংলা দুৰা
বাংলা দুৰা (Indian eyed turtle বা Bengal eyed turtle; বৈজ্ঞানিক নাম - Morenia petersi) জিঅ’ইমিডিডে পৰিয়ালৰ এবিধ কাছ৷
-
বাদুলিপাখিৰ পখিলা
বাদুলিপাখিৰ পখিলা (Common Batwing, বৈজ্ঞানিক নাম- Atrophaneura varuna) ভাৰতত দেখা পোৱা চাতকনেজীয়া পখিলাসমূহৰ ভিতৰত এটা অন্যতম পখিলাৰ প্ৰজাতি৷ ই Atrophaneura গোত্ৰৰ অন্তৰ্ভুক্ত৷
-
বাবৰি শাক
বাবৰি শাক (Garland chrysanthemum, crown daisy, chrysanthemum greens, edible chrysanthemum, chop suey green, Japanese-green; বৈজ্ঞানিক নাম: Glebionis coronaria) হৈছে সপুষ্পক উদ্ভিদ গণৰ এচটাৰ প্ৰজাতিৰ এবিধ তৃণ জাতীয় উদ্ভিদ। বাবৰি শাক বেলিফুল পৰিয়ালৰ অন্তৰ্ভুক্ত।
-
বামুণী হাঁহ
বামুণী হাঁহ (Tufted Duck, বৈজ্ঞানিক নাম: Aythya fuligula) এটা মজলীয়া আকাৰৰ হাঁহৰ প্ৰজাতি।
-
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান (Baluran National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পূব জাভাৰ চিটুবণ্ডো ৰিজেন্সিত অৱস্থিত। ইয়াৰ জলবায়ু তুলনামূলকভাৱে শুষ্ক আৰু ই মূলতঃ ছাভানা (৪০%), লগতে নিম্নভূমিৰ অৰণ্য, মেনগ্ৰোভ বনাঞ্চল আৰু পাহাৰেৰে গঠিত।
-
বিহালী অভয়াৰণ্য
বিহালী অভয়াৰণ্য (Behali Wildlife Sanctuary) অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এখন অভয়াৰণ্য৷ পূব হিমালয়ৰ পাদদেশৰ অৰ্ধ চিৰসেউজ অৰণ্যখন পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল। ২০২২ চনৰ ৪ মে’ত অসম ৰাজপত্ৰত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিহালী সংৰক্ষিত বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।
-
বৃহৎ উইণ্ডমিল
বৃহৎ উইণ্ডমিল (Great Windmill, বৈজ্ঞানিক নাম-Byasa dasarada) ভাৰতবৰ্ষকে ধৰি অন্যান্য কিছু দক্ষিণ-পশ্চিম এছিয়াৰ দেশত দেখা পোৱা 'Byasa' গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ পখিলাৰ প্ৰজাতি৷ ই এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷
-
ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান
ব্ৰ'ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান (Bromo Tengger Semeru National Park) ইণ্ডোনেছিয়াৰ পূব জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। মালাং আৰু লুমাজাঙৰ পূবে পাছুৰুৱান আৰু প্ৰ'ব'লিংগোৰ দক্ষিণে আৰু পূব জাভাৰ ৰাজধানী চুৰাবায়াৰ দক্ষিণ-পূবে ই অৱস্থিত।
-
বৰপুণি
বৰপুণি (বৈজ্ঞানিক নাম: Pistia stratiotes; ইংৰাজী নাম: water cabbage, water lettuce, Nile cabbage, বা shellflower; বঙালী: টাকাপানা) এৰেকেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ জলজ উদ্ভিদ। এই উদ্ভিদৰ প্ৰকৃত উৎপত্তিস্থান ক’ত নিশ্চিতভাৱে ক’ব পৰা নাযায় যদিও আফ্ৰিকাৰ ভিক্টোৰিয়া হ্ৰদ বুলি অনুমান কৰা হয়।
-
বৰবালি বগুৱা
বৰবালি বগুৱা (Wood Sandpiper, বৈজ্ঞানিক নাম-Tringa glareola) এবিধ সৰু আকাৰৰ জলচৰ চৰাইৰ প্ৰজাতি। ই 'wader' গোটৰ অন্তৰ্ভুক্ত।
-
ভাঙন মাছ
ভাঙন (ইংৰাজী: Labeo bata, বাংলা: বাটা) হৈছে ভাৰত আৰু বাংলাদেশত পোৱা এবিধ মাছ। এই মাছবিধ একপ্ৰকাৰৰ জনপ্ৰিয় চিকাৰী মাছ আৰু ইয়াৰ সোৱাদৰ বাবে ই অতি জনপ্ৰিয়। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য ২৫ৰ পৰা ৩৫ ছেণ্টিমিটাৰ (৯.৮ৰ পৰা ১৪ ইঞ্চি) পৰ্যন্ত হয়। ইহঁতে প্ৰট’জ’ৱা, শেলাই আৰু সৰু সৰু মাছ খাই জীয়াই থাকে।
-
ভাৰতৰ জলবায়ু
ভাৰতৰ জলবায়ু (Climate of India) ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়।
-
ভেলু গছ
ভেলু গছ (বৈজ্ঞানিক নাম: Tetrameles nudiflora) টেট্ৰামেলেচিয়া পৰিয়ালৰ অন্তৰ্গত টেট্ৰামেলিছ গণৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই এবিধ ডাঙৰ পৰ্ণপাতী উদ্ভিদ। ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়া, মালেছিয়া আৰু উত্তৰ অষ্ট্ৰেলিয়ালৈকে সমগ্ৰ দক্ষিণ এছিয়াত এই উদ্ভিদ পোৱা যায়।
-
ভোমোৰা (পতংগ)
ভোমোৰা (ইংৰাজী: Carpenter Bee) হৈছে এক প্ৰকাৰৰ বৰকৈ চকচকীয়া আৰু ক’লা বৰণৰ মৌ মাখিৰ প্ৰজাতি৷ ভোমোৰা Xylocopa গণৰ অন্তৰ্গত। ইহঁত সাধাৰণতে পচা কাঠত গাঁত খান্দি বাসস্থান নিৰ্মাণ কৰে। ভোমোৰা প্ৰাকৃতিক পৰাগ সংযোগৰ বাবে এক গুৰুত্বপূৰ্ণ পতংগ। ইহঁতৰ দেহটো তুলনামূলকভাৱে ডাঙৰ।
-
মচোৱা গোম সাপ
মচোৱা গোম সাপ (Indian rat snake বা dhaman, বৈজ্ঞানিক নাম: Ptyas mucosa) হৈছে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত সতকাই দেখা পোৱা এবিধ সাপৰ প্ৰজাতি। মচোৱা গোম সাপ এবিধ ডাঙৰ আকাৰৰ সাপ আৰু ইয়াৰ দেহৰ বৰণ শেঁতা মটিয়াৰ পৰা ক'লাবৰণৰ পৰ্যন্ত হ'ব পাৰে।
-
মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান
মধুপুৰ ৰাষ্ট্ৰীয় উদ্যান (Madhupur National Park) হৈছে বাংলাদেশৰ এখন প্ৰধান ৰাষ্ট্ৰীয় উদ্যান। ই দেশখনৰ প্ৰাচীন ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত অন্যতম।
-
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান (Mount Gede Pangrango National Park) ইণ্ডোনেছিয়াৰ পশ্চিম জাভাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন মাউণ্ট গেডে আৰু মাউণ্ট পাংৰাংগো নামৰ আগ্নেয়গিৰি দুটাৰ কেন্দ্ৰত আছে। ইয়াৰ আয়তন ১৫০ বৰ্গ কিলোমিটাৰ।
-
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান (Mount Ciremai National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ পশ্চিম জাভাৰ চিৰেবন চহৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত দক্ষিণ দিশত অৱস্থিত। উদ্যানখন চিৰেবনৰ দক্ষিণে, কুনিংগন ৰিজেন্সি আৰু মাজালেংকা ৰিজেন্সিলৈকে বিস্তৃত।
-
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান (Mount Rinjani National Park) হৈছে ইণ্ডোনেছিয়াৰ এখন ৰাষ্ট্ৰীয় উদ্যান। উদ্যানখন ইণ্ডোনেছিয়াৰ উত্তৰ লম্বক ৰিজেন্সিৰ অন্তৰ্গত লম্বক দ্বীপত অৱস্থিত। প্ৰায় ৪১,৩৩০ হেক্টৰ (১০২,১০০ একৰ) এলেকাজুৰি বিস্তৃত, এই উদ্যানখন পাহাৰীয়া অঞ্চলত অৱস্থিত।
-
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান
মাকালু বৰুণ ৰাষ্ট্ৰীয় উদ্যান (Makalu Barun National Park) নেপালৰ হিমালয়ৰ এখন ৰাষ্ট্ৰীয় উদ্যান যিখন ১৯৯২ চনত সাগৰমাথা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশৰ সম্প্ৰসাৰণ হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল।
-
মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন
মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন (Human Rights and Climate Change) হৈছে এক ধাৰণামূলক আৰু আইনী পৰিকাঠামো যাৰ অধীনত আন্তৰ্জাতিক মানৱ অধিকাৰ আৰু গোলকীয় উত্তাপনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধ্যয়ন, বিশ্লেষণ আৰু সম্বোধন কৰা হয়।
-
মালাবাৰ ধূসৰ ধনেশ
মালাবাৰ ধূসৰ ধনেশ (Malabar grey hornbill; বৈজ্ঞানিক নামঃ Ocyceros griseus) হ্'ল প্ৰধানকৈ দক্ষিণ ভাৰতৰ পশ্চিম ঘাটত পোৱা এবিধ ধনেশ চৰাই। ইহঁতৰ ঠোঁট অতি ডাঙৰ যদিও আন ধনেশ প্ৰজাতিৰ দৰে ইহঁতৰ শিৰস্ত্ৰাণ নাথাকে। ইহঁতক প্ৰধানকৈ ঘন অৰণ্যত পোৱা যায়। ইহঁতে মূলতঃ ৰবৰ, তামোল, কফি বাগানত বাস কৰে।