অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰাধাচূড়া

ৰাধাচূড়া, ফেবেচি (Fabaceae) পৰিয়ালৰ অন্তৰ্গত বৃক্ষৰ এবিধ প্ৰজাতি। যাক ইংৰাজীত জাভা কেচিয়া, পিংক শ্বাৱাৰ, আপেল ব্লচম ট্ৰী, ৰেইনবʼ শ্বাৱাৰ ট্ৰী আৰু পালাৱান চেৰী বুলিও কোৱা হয় ইয়াৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু ইয়াৰ ধুনীয়া ৰঙা আৰু গোলাপী ৰঙৰ ফুলৰ গোটৰ বাবে ইয়াক বিশ্বজুৰি…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৩৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাধাচূড়া, ফেবেচি (Fabaceae) পৰিয়ালৰ অন্তৰ্গত বৃক্ষৰ এবিধ প্ৰজাতি। যাক ইংৰাজীত জাভা কেচিয়া, পিংক শ্বাৱাৰ, আপেল ব্লচম ট্ৰী, ৰেইনবʼ শ্বাৱাৰ ট্ৰী আৰু পালাৱান চেৰী বুলিও কোৱা হয়১ ইয়াৰ উৎপত্তি দক্ষিণ-পূব এছিয়াত হৈছিল, কিন্তু ইয়াৰ ধুনীয়া ৰঙা আৰু গোলাপী ৰঙৰ ফুলৰ গোটৰ বাবে ইয়াক বিশ্বজুৰি গ্ৰীষ্মমণ্ডলীয় অঞ্চলত বাগিচাৰ গছ হিচাপে ব্যাপকভাৱে ৰোপণ কৰা হয়।২

বিৱৰণ

ফুল আৰু পাতৰ সবিশেষ
ফুল আৰু পাতৰ সবিশেষছবি: Tauʻolunga · CC BY-SA 3.0

ৰাধাচূড়া হৈছে দ্ৰুত বৃদ্ধি পোৱা, পৰ্ণপাতী/অৰ্ধপৰ্ণপাতী বৃক্ষ যাৰ ফুল বসন্ত কালত ফুলে আৰু শীতকালত পাতবোৰ সৰি পৰে। ইয়াৰ ডাল পোন আৰু উচ্চতা ২৫ - ৪০ মিটাৰ। পাতবোৰ পেৰিপিনেট আৰু ১২যোৰ উপবৃত্তাকাৰ পাত থাকে। ফুলৰ ৰং শেঁতা গোলাপীৰ পৰা ৰঙা ৰঙৰ আৰু হালধীয়া ৰঙৰ পুংকেশৰযুক্ত আৰু মুকলি থুপত পোৱা যায়। গছজোপাৰ তলৰ মাটিখিনি ফুলৰ বতৰ শেষৰ ফালে গোলাপী ৰঙৰ ধুনীয়া দলিচা এখনেৰে ঢাক খাই যায়। ফলবোৰ দীঘল নলাকাৰ গাঢ় বাদামী ৰঙৰ গুটিত থাকে। সৌন্দৰ্য্য আৰু উপযুক্ত আকাৰৰ বাবে ৰাধাচূড়াক ৰাজপথ আৰু উদ্যানত ছাঁ আৰু অলংকাৰিক গছ হিচাপে ৰোপণ কৰা হয়।৩ ৰাধাচূড়া বহুৰূপী (Polymorphic) আৰু ইয়াৰ তলত উল্লেখ কৰা ধৰণৰ কেইবাটাও উপ প্ৰজাতি আছে।৪

বৰ্গীকৰণ

১৭৫৩ চনত, কাৰ্ল লিনিয়াছে প্ৰথমবাৰৰ বাবে ৰাধাচূড়া (Cassia javanica)ৰ বৰ্ণনা কৰিছিল আৰু তেওঁৰ গ্ৰন্থ স্পিচিজ প্লাণ্টাৰাম (Species Plantarum)ত প্ৰকাশ কৰিছিল।

উপপ্ৰজাতি

৭টা উপপ্ৰজাতি প্লাণ্টছ অৱ দ্য ৱৰ্ল্ড অনলাইনে স্বীকৃতি দিছে, তলত দিয়া ধৰণে:

  • C. j. subsp. agnes (de Wit) K.Larsen – synonyms Cassia agnes (de Wit) Brenan, Cassia javanica var. agnes de Wit, Cassia indochinensis (Gagnep.) V.Singh, Cassia javanica var. indochinensis Gagnep.
  • C. j. subsp. bartonii (F.M.Bailey) K.Larsen – synonym Cassia bartonii F.M.Bailey
  • C. j. subsp. javanica L.
  • C. j. subsp. microcalyx (H.S.Irwin & Barneby) K.Larsen – synonym Cassia javanica var. microcalyx H.S.Irwin & Barneby
  • C. j. subsp. nodosa (Buch.-Ham. ex Roxb.) K.Larsen & S.S.Larsen – synonyms Cassia nodosa Buch.-Ham. ex Roxb., Cathartocarpus nodosus (Buch.-Ham. ex Roxb.) Steud.
  • C. j. subsp. pubiflora (Merr.) K.Larsen – synonym assia javanica var. pubiflora Merr.
  • C. j. subsp. renigera (Wall. ex Benth.) K.Larsen – synonym Cassia renigera Wall. ex Benth.

পৰিসৰ

এই প্ৰজাতিৰ প্ৰাকৃতিক পৰিসৰ অসমৰ পৰা (সুদূৰ উত্তৰ-পূব ভাৰত), দক্ষিণ চীনলৈকে, দক্ষিণে মালেচিয়া আৰু পাপুয়াছিয়া হৈ, কুইন্সলেণ্ড (অষ্ট্ৰেলিয়া)লৈকে বিস্তৃত হৈ আছে। ভাৰত, হাৱাই, শ্ৰীলংকা, গ্ৰীষ্মমণ্ডলীয় আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু গ্ৰীষ্মমণ্ডলীয় আফ্ৰিকাকে ধৰি অন্যান্য গ্ৰীষ্মমণ্ডলীয় দেশ আৰু অঞ্চলত ইয়াৰ প্ৰৱৰ্তন ঘটিছে।

কালাউইট দ্বীপৰ এজোপা পালাৱান চেৰী গছ (ৰাধাচূড়া)ৰ ফুল
কালাউইট দ্বীপৰ এজোপা পালাৱান চেৰী গছ (ৰাধাচূড়া)ৰ ফুলছবি: Paul Christian B. Yang-ed · CC BY-SA 4.0

ফুল ফুলাৰ বতৰ

ভাৰতত এপ্ৰিল/মে’ মাহত ৰাধাচূড়াৰ ফুল ফুলে আৰু ডিচেম্বৰ মাহত ফল দি পাত সৰি যায়। থাইলেণ্ডত ফেব্ৰুৱাৰী আৰু এপ্ৰিলৰ ভিতৰত ৰাধাচূড়াৰ ফুল ফুলে।৫ ফিলিপাইনছত ফেব্ৰুৱাৰী মাহৰ পৰা গ্ৰীষ্মকালৰ অন্ত পৰালৈকে ৰাধাচূড়াৰ ফুল ফুলে।৬ পূব জাভাত অক্টোবৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত ৰাধাচূড়াৰ ফুল ফুলে আৰু খৰালি কালত ফল দিয়ে।৪

সাংস্কৃতিক গুৰুত্ব

থাইলেণ্ডৰ নটা শুভ গছৰ ভিতৰত অন্যতম ৰাধাচূড়া। ই শুভকামনা কঢ়িয়াই আনে, উচ্চ পদবী অব্যাহত ৰখাটো নিশ্চিত কৰে আৰু জয়ৰ সামৰ্থ্য লাভ কৰে বুলি বিশ্বাস কৰা হয়।৫ ইয়াৰ ফুল থাইলেণ্ডৰ চাইনাট প্ৰদেশৰ প্ৰাদেশিক ফুল।

ফিলিপাইনছৰ স্থানীয় উপপ্ৰজাতিটো হৈছে উপপ্ৰজাতি পুবিফ্ল'ৰা, যিটো কেৱল বাটান, বুলাকান, ইলোকোছ ছুৰ, ৰিজাল আৰু জাম্বালেছ প্ৰদেশৰ লুজনতহে পোৱা যায়; অৱশ্যে মেট্ৰ' মেনিলাৰ পৰাও ইয়াৰ এক ঐতিহাসিক ৰেকৰ্ড আছিল। তথাকথিত 'পালাৱান চেৰী ফুল' ফিলিপাইনছৰ স্থানীয় নহয় আৰু ই Cassia grandis, Cassia nodosa subsp. javanica, Cassia nodosa subsp. nodosa, আৰু ইয়াৰে এটাৰ অন্ততঃ এটা সংকৰ। স্থানীয়ভাৱে বালায়ং (balayong) বুলি কোৱা হয় আৰু পুয়েৰ্টো প্ৰিন্সেছাত বালায়ং উৎসৱৰ জৰিয়তে সন্মানিত কৰা হয় যদিও, ই নিশ্চিতভাৱে পালাৱানৰ প্ৰকৃত স্থানীয় নহয়, তাত কাঠৰ গছ হিচাপে প্ৰৱৰ্তন কৰা হৈছে। স্থানীয় উপনাম নথকা প্ৰৱৰ্তিত গছ হিচাপে স্থানীয় লোকসকলে ইয়াৰ বজাৰ কৰিব পৰাকৈ এটা নামৰ প্ৰয়োজনবোধ কৰিছিল। যিহেতু কাঠ- কাটিলে ওলোৱা গোলাপী ৰঙটো প্ৰকৃত বালায়ং বা আফজেলিয়া ৰম্ব'ইডিয়া (Afzelia rhomboidea)ৰ সৈতে বহুত মিল দেখা যায়। সেয়ে এই নামটো দিয়া হৈছিল আৰু তেতিয়াৰ পৰাই এই নামেই প্ৰচলিত হৈ আছে।

ব্যৱহাৰ

কোষ্ঠকাঠিন্য, কলিক, ক্ল’ৰ’ছিছ আৰু প্ৰস্ৰাৱৰ বিকাৰৰ চিকিৎসাৰ বাবে ইয়াক সোণাৰু (Cassia fistula)ৰ বিকল্প ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।৭ ইয়াৰ পাত হাৰপিছ ছিমপ্লেক্সৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ৰাধাচূড়াৰ বাকলি আয়ুৰ্বেদিক আৰু অন্যান্য পৰম্পৰাগত চিকিৎসাৰ এণ্টিডায়েবেটিক প্ৰস্তুতিৰ অন্যতম উপাদান।৮৯ ৰাধাচূড়াৰ পৰা লঘুৰ পৰা গধুৰ কঠিন কাঠ পোৱা যায় যিটো সাধাৰণ নিৰ্মাণ, আচবাব আৰু কেবিনেট নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা হয়।৪ চামৰা প্ৰক্ৰিয়াকৰণ উদ্যোগত ৰাধাচূড়াৰ বাকলি টেনিঙৰ বাবে ব্যৱহাৰ কৰা হয়।১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Agoo; Madulid, Domingo A.; Domingo, John Paul S. (2023). Resolving the Identity and Natural Occurrence of the Enigmatic Balayong (Cassia L., Fabaceae) of Palawan, Philippines. Manila Journal of Science. পৃ. 30-51
  2. ↑ UFL - Cassia javanica
  3. ↑ Cassia Javanica L, Anibal Niembro Rocas
  4. ↑ Agroforestree Database:a tree reference and selection guide
  5. ↑ Thailand's 9 auspicious trees
  6. ↑ (15 April 2019). IN PHOTOS: Where to find 'cherry blossoms' in the Philippines
  7. ↑ Khare, C.P. (2007). Indian Medicinal Plants. Springer Verlag. পৃ. 128. ISBN 978-0-387-70637-5
  8. ↑ Kumavat, UC; Shimpi, SN; Jagdale, SP. (2012). Hypoglycemic activity of Cassia javanica Linn. in normal and streptozotocin-induced diabetic rats. J Adv Pharm Technol Res. পৃ. 47–51
  9. ↑ C.Javanica Phytochemical and Pharmocologocal Profile
  10. ↑ Online Manual for the Forest Tree Seeds of Kerala

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাধাচূড়া” প্ৰবন্ধৰ সংশোধন ৬৩০৮৫৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।