অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰবাব টেঙা

ৰবাব টেঙা (Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷

হালনাগাদ: ১৭ অক্টোবৰ ২০২৪ ২০৯ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ৰবাব টেঙা (Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷ ১

প্ৰকাৰ

ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷ কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্ৰায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্ৰায় পূৰঠ অৱস্থাত থাকে। অবিভক্ত অসমত নবিধ Pummelo ফল পোৱা যায়৷ ২

আকৃতি

ৰবাব টেঙাৰ ফল যথেষ্ট ডাঙৰ হয়৷ ৰবাব টেঙাত বহিৰ্ভিত্তি (epicarp) আৰু মধ্যৰ্ভিত্তি (mesocarp) একত্ৰিত হৈ বাকলি তৈয়াৰ হয়৷ বাকলিৰ অংশবিশেষ মাজে মাজে ভিতৰলৈ সোমাই ফোটা বা কোঁহৰ সৃষ্টি কৰে৷ কোঁহৰ ভিতৰত অসংখ্য ৰসাল জিমৰ উৎপত্তি হয়৷ জিমৰ মাজত বীজ থাকে৷ পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল'বলৈ বৰ সোৱাদ৷

অৰ্থনৈতিক মূল্য

ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷

খাদ্য হিচাপে

ৰবাব টেঙা পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰ পৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷

তথ্যসূত্ৰ

  1. ↑ ড° অন্নজ্যোতি গগৈ. (২০০৮). অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ. প্ৰান্তিক. পৃ. পৃষ্ঠা ৩৬
  2. ↑ ড° চাদিকুল হুছেইন. (২০১১). বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ. প্ৰান্তিক

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰবাব টেঙা” প্ৰবন্ধৰ সংশোধন ৪৩৮৭১৮ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।