অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

অশ্বগন্ধা

অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।

হালনাগাদ: ১৬ ডিচেম্বৰ ২০২০ ২৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অশ্বগন্ধা (বৈজ্ঞানিক নাম: Withania somnifera) হ'ল ছোলানাছী (Solanaceae) পৰিয়ালৰ এবিধ গুল্মজাতীয় উদ্ভিদ। অশ্বগন্ধাক ইংৰাজীত ভাৰতীয় জিনছেং (Indian ginseng), পইজন গুজবেৰী (poison gooseberry) বা ৱিণ্টাৰ চেৰী (winter cherry) বুলিও জনা হয়। ইয়াক আয়ুৰ্বেদিক বনৌষধী হিচাপে ব্যবহাৰ কৰা হয়।১

বৰ্ণনা

অশ্বগন্ধা এবিধ এবিধ সৰু, বহুবৰ্ষী, গুল্মজাতীয় নৰম উদ্ভিদ। গছজোপা প্ৰায় ৩৫ ৰ পৰা ৭৫ ছে.মি. ওখ হয়। ফুলবোৰ সেউজীয়া আৰু ক্ষুদ্ৰাকৃতিৰ আৰু পকা ফলবোৰ কমলা-ৰঙা।

খেতি

ভাৰতৰ বৰষুণ কম হোৱা শুকান অঞ্চল যেনে মধ্য প্ৰদেশ, পঞ্জাব, গুজৰাট আৰু ৰাজস্থান আদি প্ৰদেশত অশ্বগন্ধাৰ খেতি কৰা হয়। তদুপৰি নেপাল আৰু চীন দেশতো অশ্বগন্ধা পোৱা যায়।২

অশ্বগন্ধাৰ ৰোগ আৰু অপকাৰী পতংগ

অশ্বগন্ধা বহুতো ৰোগ আৰু অপকাৰী কীট পতংগৰ চিকাৰ হব পাৰে। ইয়াৰ ভিতৰত অল্টাৰনাটা (Alternaria alternata) নামৰ ভেকুৰৰ পৰা হোৱা পাতত ফোট পৰা বেমাৰ (Leaf spot disease) উল্লেখযোগ্য। কোৱানেফোৰা কিউকাৰবিটাৰাম (Choanephora cucurbitarum) নামৰ অন্য এবিধ ভেকুৰেও ইয়াৰ ডাল আৰু পাতৰ পচি যোৱা ৰোগ সৃষ্টি কৰা দেখা যায়। ট্ৰিহপাৰ (treehopper) জাতীয় পতংগই ইয়াৰ ডালৰ আগভাগ খাই বিস্তৰ ক্ষতি কৰা দেখা যায়। তদুপৰি ভাৰতত কাৰ্মাইন ৰেড স্পাইডাৰ (carmine red spider mite) নামৰ এবিধ চাহীজাতীয় পোক অশ্বগন্ধাৰ প্ৰধান অন্যায়কাৰী কীট হিচাপে পৰিগণিত হৈছে। ৩৪৫

ৰন্ধন প্ৰকৰণত ব্যৱহাৰ

গাখীৰৰ পৰা ছিজ (cheese) উৎপাদনৰ বাবেপ্ৰয়োজনীয় ৰেন্নেট (rennet) নামৰ এনজাইমৰ বিকল্প হিচাপে অশ্বগন্ধাৰ ফল ব্যৱহাৰ কৰিব পাৰি।

জৈৱ-ৰসায়ন

অশ্বগন্ধাত মূলতঃ বিভিন্ন এলকালয়ড (alkaloids) আৰু ষ্টেৰইডেল লেকটোন (steroidal lactones) জাতীয় জৈৱ-ৰসায়ন দ্ৰব্য পোৱা যায়। ইয়াৰ ভিতৰত ট্ৰোপিন (tropine ) আৰু কুছকোহাইগ্ৰিণো (cuscohygrine) আছে। পাতত ষ্টেৰইডেল লেকটোন, উইঠানোলিডছ (withanolides), উইঠাফাৰিণ এ (withaferin A) পোৱা যায়। [ citation needed]

পৰম্পৰাগত বনৌষধী হিচাপে ব্যৱহাৰ

অশ্বগন্ধাৰ দীঘল, মটীয়া ৰঙৰ আলুৰ দৰে শিপা পৰম্পৰাগতঃ বনৌষধী হিচাপে ব্যৱহাৰ কৰা হয়।২ আয়ুৰ্বেদত, ইয়াৰ পাত আৰু ফল বিভিন্ন টেমুনাজাতীয় (tumourous disease) আৰু ঘাজাতীয় (ulcerous disease) ৰোগৰ উপষম কৰিবলৈ বাহ্যিকভাবে ব্যৱহাৰ কৰা হয়। ইয়াৰ শিপাবোৰ "অশ্বগন্ধা" নামৰ এবিধ বনৌষধী প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা যায়।

তথ্যসূত্ৰ

  1. ↑ Gupta, A.; Mittal, A.; Jha, K. K.; Kumar, A. (2011). Nature’s treasurer: plants acting on colon cancer. Journal of Stress Physiology & Biochemistry. পৃ. 217–231
  2. ↑ Pandit, S.; Chang, K.-W.; Jeon, J.-G. (February 2013). Effects of Withania somnifera on the growth and virulence properties of Streptococcus mutans and Streptococcus sobrinus at sub-MIC levels. Anaerobe. পৃ. 1–8
  3. ↑ Saroj, A.; Kumar, A.; Qamar, N. (2012). First report of wet rot of Withania somnifera caused by Choanephora cucurbitarum in India. Plant Disease. পৃ. 293
  4. ↑ Sharma, A.; Pati, P. K. (2011). First report of Withania somnifera (L.) Dunal, as a New Host of Cowbug (Oxyrachis tarandus, Fab.) In Plains of Punjab, Northern India. World Applied Sciences Journal. পৃ. 1344–1346
  5. ↑ Sharma, A.; Pati, P. K. (2012). First record of the carmine spider mite, Tetranychus urticae, infesting Withania somnifera in India. Journal of Insect Science. পৃ. 1

সম্পৰ্কিত শ্ৰেণী

গুল্মঔষধি উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বগন্ধা” প্ৰবন্ধৰ সংশোধন ২৫৪৮৫৭ (১৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।