অসমী দুৰা কাছ বা ছিলেটী দুৰা কাছ হʼল জিঅ’ইমিডিডে (Geoemydidae) পৰিয়ালৰ অন্তৰ্গত এবিধ কাছ প্ৰজাতি। ভাৰত (অসম) আৰু পূব বাংলাদেশৰ কিছু অংশত ব্ৰহ্মপুত্ৰ-মেঘনা জলনিৰ্গমনস্থলীত এইবিধ কাছ পোৱা যায়। পূৰ্বতে ইয়াক বটাগুৰ (Batagur) গণ আৰু বিলুপ্ত হৈ যোৱা কচুগা (Kachuga) গণত স্থান দিয়া হৈছিল।
বিৱৰণ
, ভাৰত]]

এই কাছ প্ৰজাতিটোৰ খোলকটো ত্ৰিভুজাকাৰ আৰু ওখ; যʼত এটি তীক্ষ্ণ কীল আৰু ২৬টা শক্তিশালী দাঁতযুক্ত প্ৰান্তীয় প্লেট থাকে।১ ইয়াৰ খোলকটো জলফাই-মটিয়া ৰঙৰ, ওপৰৰ অংশটো পাতলীয়া (হালধীয়া-বেইজ) ৰঙৰ। মূৰটো সৰু আৰু ওপৰৰ হনুটো দুৰ্বলভাৱে হুকযুক্ত; প্ৰতিটো চকুৰ পিছফালৰপৰা মূৰৰ পিছফালৰ মাজলৈকে এটি সংকীৰ্ণ গুলপীয়া পটি বা ৰেখা থাকে। প্ৰাপ্তবয়স্কবোৰৰ সৰ্বাধিক দৈৰ্ঘ্য ২০.৫ চেমি পৰ্যন্ত হʼব পাৰে,২ অৱশ্যে শৰীৰৰ আকাৰ ১৬ চেমি অধিক সচৰাচৰ হয়।৩২
এই প্ৰজাতিটোৰ স্থানীয় নামসমূহ হ'ল দূৰা কাছ (অসমীয়া), ছিলটি খাটুয়া (ꠍꠤꠟꠐꠤ ꠇꠣꠐꠥꠀ) (ছিলঠীয়া), কাঁটা কাছিম (বঙালী)।৩
বিতৰণ আৰু বাসস্থান
এই কাছ প্ৰজাতিটো বাংলাদেশৰ উত্তৰ-পূব আৰু দক্ষিণ-পূব অংশত, ভাৰতত (অসম) আৰু সম্ভৱতঃ ভূটানত পোৱা যায়। ই স্থলজ প্ৰাণী; মিঠা পানীৰ বাসস্থান, উচ্চভূমিৰ গ্ৰীষ্মমণ্ডলীয় আৰ্দ্ৰ অৰণ্য, দ্ৰুতগতিত বৈ যোৱা নৈ আৰু সম্ভৱতঃ সৰু নদী থকা অঞ্চলত পোৱা যায়। অশ্বখুৰাকৃতিৰ হ্ৰদতো ইহঁতৰ বসতি থাকিব পাৰে, কিন্তু খোলকৰ আকৃতিৰপৰা দ্ৰুত বৈ যোৱা পানীৰ লগত খাপ খোৱাৰ কথা অনুমান কৰিব পাৰি।৩
পৰিস্থিতি বিজ্ঞান
এই কাছ প্ৰজাতিটো উভচৰ। খৰালিৰ শীতল মাহবোৰত, ডিচেম্বৰৰপৰা ফেব্ৰুৱাৰীলৈকে দিনটোৰ বেছিভাগ সময়তে ই ৰʼদত ওলাই থাকে; শীতল পাহাৰীয়া নৈত বাস কৰা কাছবোৰে বছৰজুৰি তেনে কৰে। কাছ প্ৰজাতিটো লাজকুৰীয়া স্বভাৱৰ আৰু কেতিয়াও নদীৰ পাৰত ওলাই নাথাকে, বৰঞ্চ পানীত ওপঙি থকা কাঠৰ টোকোৰা বা শিলতহে ভাহি থাকে। সামান্যতম অশান্তি পালেই ই নদীৰ মাজলৈ ক্ষিপ্ৰতাৰে ডুব মাৰি শিলৰ মাজত লুকাই পৰে। কৈশোৰাৱস্থাৰ কাছবোৰে প্ৰায়ে ছদ্মবেশৰ বাবে মৰা পাতৰ স্তূপবোৰলৈ পলায়ন কৰে আৰু নিশ্চল হৈ থাকে।৩
প্ৰজনন
অক্টোবৰৰ শেষৰপৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত (শীত আৰু খৰালিৰ অনুৰূপ), অসমী দুৰা কাছই বাহ সাজে আৰু ৬টাৰপৰা ১২টালৈকে কণী পাৰে। মূলতঃ মাৰ্চ আৰু এপ্ৰিল মাহৰ ভিতৰত, দক্ষিণ-পূব মৌচুমীৰ আৰম্ভণিত পোৱালিবোৰ ওলাই আহে।৩ কণীবোৰ সফলতাৰে ফুটাবলৈ ৬ৰপৰা ৮ সপ্তাহলৈকে শীতল উষ্ণতাত ডায়েপ’জ (Diapause) কৰিবলগীয়া হয়।১
সংৰক্ষণ
অসমী দুৰা কাছ এবিধ বিৰল প্ৰজাতিৰ কাছ; সংখ্যাত নিচেই তাকৰ। দক্ষিণ এছিয়াত পোৱা যিকোনো জিঅ’ইমিডিডেৰ ভিতৰত ইয়াৰ বিতৰণ অন্যতম সংকীৰ্ণ বুলি বিশ্বাস কৰা হয়। ইয়াক স্থানীয় খাদ্যৰ বাবে (মাংস আৰু কণীৰ বাবে) শোষণ কৰা হয় আৰু পোহনীয়া প্ৰাণীৰ ব্যৱসায়ৰ বাবেও সংগ্ৰহ কৰা হয়, বিশেষকৈ এছিয়াত যʼত এই কাছই পোহনীয়া প্ৰাণী হিচাপে অধিক মূল্য বহন কৰে। গছ-গছনি কটাৰে বাসস্থান ধ্বংস আৰু মাছ ধৰা সামগ্ৰীত আকস্মিকভাৱে ধৰা পৰা আদিয়ে প্ৰজাতিটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলি ভবা হয়। বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এনৰদ্বাৰা ঘোৰ সংকটজনক হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে।৪
লগতে পঢ়ক
- Choudhury, Anwaruddin. (1993). New locality records for Kachuga sylhetensis (Jerdon, 1870). Hamadryad: The Journal of the Madras Crocodile Bank Trust. পৃ. 43–45
- Das, Indraneil. (1997). Kachuga sylhetensis recorded from northern Bengal, with notes on turtles of Gorumara National Park, Eastern India. Chelonian Conservation and Biology. পৃ. 616–617
- Jerdon, T. C. (1870). Notes on Indian Herpetology. Proceedings of the Asiatic Society of Bengal. পৃ. 66–85
- Praschag, Peter; Fachbach, Günther. (2001). Beiträge zur Kenntnis der Assam-Dachschildkröte, Kachuga sylhetensis (Jerdon 1870) (Reptilia: Testudines: Bataguridae) ("Contributions to the knowledge of the Assam roofed turtle, Kachuga sylhetensis (Jerdon, 1870)"). Salamandra. পৃ. 129–148
তথ্যসূত্ৰ
- ↑ Post. Turtle Island
- ↑ Archived copy. www.ijpaz.com
- ↑ Das, I.; Sengupta, S.; Praschag, P. (2010). Conservation Biology of Freshwater Turtles and Tortoises: A Compilation Project of the IUCN/ SSC Tortoise and Freshwater Turtle Specialist Group. Chelonian Research Monographs. পৃ. 046.1–046.6. ISBN 978-0965354097
- ↑ Praschag, P.; Das, I.; Ahmed, M.F. (2021). Pangshura sylhetensis. পৃ. e.T10950A499618
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমী দুৰা কাছ” প্ৰবন্ধৰ সংশোধন ৬২৪২৪২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।