অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইণ্ডোচিলভিৰানা ইণ্ডিকা

ইণ্ডোচিলভিৰানা ইণ্ডিকা (Indosylvirana indica)(Indosylvirana indica) বা ভাৰতীয় সোণালী পিঠিয়া ভেকুলী হ'ল ৰানিডে পৰিয়ালৰ এবিধ ভেকুলী৷ পূৰ্বতে ইয়াক ইণ্ডোচিলভাইৰানা টেম্প'ৰেলিছৰ সৈতে একে বুলি গণ্য কৰা হৈছিল যদিও ২০১৪ চনৰ এক অধ্যয়নত ইয়াক এটা সুকীয়া প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছিল।

হালনাগাদ: ৩১ জুলাই ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইণ্ডোচিলভিৰানা ইণ্ডিকা (Indosylvirana indica)(Indosylvirana indica) বা ভাৰতীয় সোণালী পিঠিয়া ভেকুলী হ'ল ৰানিডে পৰিয়ালৰ এবিধ ভেকুলী৷১ পূৰ্বতে ইয়াক ইণ্ডোচিলভাইৰানা টেম্প'ৰেলিছৰ সৈতে একে বুলি গণ্য কৰা হৈছিল যদিও ২০১৪ চনৰ এক অধ্যয়নত ইয়াক এটা সুকীয়া প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছিল।২

ব্যুৎপত্তিবিজ্ঞান

প্ৰজাতিটোৰ নাম ইণ্ডিকা (indica), ই লেটিন ভাষাৰ শব্দৰ পৰা আহিছে; যিয়ে ভাৰতত প্ৰজাতিটোৰ উৎপত্তিৰ কথা বুজায়।২

বিতৰণ

এই প্ৰজাতিবিধ কৰ্ণাটক আৰু কেৰালা ৰাজ্যৰ পালঘাটৰ উত্তৰত থকা পশ্চিম ঘাটৰ স্থানীয় প্ৰজাতি‍।১

বাসস্থান

ই গৌণ আৰু প্ৰাথমিক অৰণ্যত বাস কৰে, বনাঞ্চলৰ কাষৰ জলাশয়ৰ ওচৰতো পোৱা যায় আৰু কেতিয়াবা বহুবৰ্ষজীৱী দ্ৰুত বৈ যোৱা নৈৰ ওচৰতো পোৱা যায়৷ ইয়াক সমুদ্ৰপৃষ্ঠৰ পৰা ৪০ৰ পৰা ১১৪৫ মিটাৰ (১৩১ আৰু ৩,৭৫৭ ফুট) উচ্চতাত পোৱা যায়।২ ২০১৯ চনৰ শেষৰ ফাললৈকে‍ ইয়াক আই. ইউ. চি. এন.ৰ বিপন্ন প্ৰজাতিৰ ৰঙা তালিকাৰ বাবে মূল্যায়ন কৰা হোৱা নাই।৩

বিৱৰণ

প্ৰাপ্তবয়স্ক মতাবোৰৰ দৈৰ্ঘ্য থুঁতৰিৰপৰা গুহ্যদ্বাৰলৈকে‍ ৪৬–৫৯ মিলিমিটাৰ (১.৮–২.৩ ইঞ্চি) আৰু প্ৰাপ্তবয়স্ক মাইকীবোৰৰ ৬৬–৭৪ মিলিমিটাৰ (২.৬–২.৯ ইঞ্চি)। মূৰটো বহলতকৈ দীঘল। থুঁতৰিটো পৃষ্ঠীয় দৃষ্টিত উপ-অবৃত্তাকাৰ আৰু পাৰ্শ্বীয় দৃষ্টিত ঘূৰণীয়া। কাণৰ বিন্ধা স্পষ্ট। আগফালৰ ঠেং দুখন মধ্যমীয়া আকাৰৰ, চুটি আৰু পাতল। আঙুলিবোৰ দীঘল আৰু মূৰত ঘূৰণীয়া অস্পষ্টভাৱে জোঙা জোং থাকে। ছালত পটি থাকে। পিছফালৰ ঠেং দুখন তুলনামূলকভাৱে দীঘল আৰু পাতল। ভৰিৰ আঙুলিৰ মূৰত অস্পষ্টভাৱে জোঙা জোং থাকে; ভৰিৰ আঙুলিত মধ্যমীয়া পতা থাকে। পৃষ্ঠীয় অংশ ব্ৰঞ্জৰ বৰণৰ হোৱাৰ বিপৰীতে তলৰ পাৰ্শ্বৱৰ্তী অংশ পাতল বাদামী ৰঙৰ। কৰ্ণপটহীয় অংশ পাতল ধূসৰ-বাদামী আৰু কৰ্ণপটহ পাতল বাদামী। ওপৰৰ ওঁঠত হালধীয়া বগা ৰঙৰ ৰেখা থাকে যিটো ঠেং সোমোৱাৰ ঠাইৰ ওপৰলৈকে থাকে। ডিঙি, বুকু আৰু পেট ধূসৰ বগা।২

তথ্যসূত্ৰ

  1. ↑ Frost, Darrel R. (2019). Indosylvirana indica (Biju, Garg, Mahony, Wijayathilaka, Senevirathne, and Meegaskumbura, 2014). Amphibian Species of the World: an Online Reference. Version 6.0. American Museum of Natural History
  2. ↑ Biju, S.D.; Garg, Sonali; Mahony, Stephen. (2014). DNA barcoding, phylogeny and systematics of Golden-backed frogs (Hylarana, Ranidae) of the Western Ghats-Sri Lanka biodiversity hotspot, with the description of seven new species. Contributions to Zoology. পৃ. 269–335
  3. ↑ IUCN Red List of Threatened Species

সম্পৰ্কিত শ্ৰেণী

সৰীসৃপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডোচিলভিৰানা ইণ্ডিকা” প্ৰবন্ধৰ সংশোধন ৬২২১৩৬ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।